--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ নামৰ অনুষ্ঠান চলাই থকা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন বিদ্যালয়ৰ ব্যয়তকৈও প্ৰতি বছৰে অধিক ব্যয় কৰা হৈছে এই অনুষ্ঠানটোত। সোমবাৰে লোকসভাত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰদান কৰা তথ্যত এয়া প্ৰকাশ পাইছে। তাত দেখুৱাইছে যে ২০২২ চনত প্ৰধানমন্ত্ৰীৰ এদিনীয়া ‘পৰীক্ষা পে চৰ্চা’ত ৮ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছিল।

আনহাতে, ২০২১-২২ বৰ্ষত চৰকাৰৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় বিদ্যালয় বা জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়ত গড়ে মাত্ৰ ৫.৫ কোটি টকা ব্যয় কৰিছিল। প্ৰধানমন্ত্ৰীৰ এদিনীয়া ‘পৰীক্ষা পে চৰ্চা’ৰ ব্যয় যোৱা চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়সমূহত কৰা ব্যয়তকৈ অধিক।

যোৱা পাঁচ বছৰ ধৰি মোডীয়ে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত বিদ্যালয়ৰ শিশু, অভিভাৱক, শিক্ষক- শিক্ষয়ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি আহিছে। মূলতঃ প্ৰধানমন্ত্ৰীয়ে ব’ৰ্ডৰ পৰীক্ষাত কেনেদৰে বহিবলৈ প্ৰস্তুতি চলাব লাগে, স্নায়ুৰ চাপ কেনেদৰে বজাই ৰাখিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ দিয়ে।

লোকসভাত তৃণমূলৰ সাংসদ মালা ৰয়ে প্ৰতি বছৰে অনুষ্ঠানটোৰ ব্যয়ৰ আৱন্টনৰ হিচাপ বিচাৰিছিল। শিক্ষা মন্ত্ৰালয়ৰ মতে, ২০১৮ চনত নৰেন্দ্ৰ মোদীৰ প্ৰথম ‘পৰীক্ষা পে চৰ্চা’ৰ ব্যয় আছিল ৩.৬৭ কোটি টকা। ২০১৯ চনত ব্যয় আছিল ৪.৯৩ কোটি টকা, ২০২০ চনত ৫.৬৯ কোটি টকা, ২০২১ চনত ৬ কোটি টকা আৰু ২০২২ চনত ৮.১৬ কোটি টকা।

একেটা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্যই দেখুৱাইছে যে যোৱা তিনিটা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ১,২৫২ খন কেন্দ্ৰীয় বিদ্যালয় আৰু ৬৬১ খন জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়ত কৰা ব্যয় ৫ কোটি টকাৰ ভিতৰতে আৱদ্ধ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক