--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ নামৰ অনুষ্ঠান চলাই থকা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন বিদ্যালয়ৰ ব্যয়তকৈও প্ৰতি বছৰে অধিক ব্যয় কৰা হৈছে এই অনুষ্ঠানটোত। সোমবাৰে লোকসভাত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰদান কৰা তথ্যত এয়া প্ৰকাশ পাইছে। তাত দেখুৱাইছে যে ২০২২ চনত প্ৰধানমন্ত্ৰীৰ এদিনীয়া ‘পৰীক্ষা পে চৰ্চা’ত ৮ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছিল।

আনহাতে, ২০২১-২২ বৰ্ষত চৰকাৰৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় বিদ্যালয় বা জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়ত গড়ে মাত্ৰ ৫.৫ কোটি টকা ব্যয় কৰিছিল। প্ৰধানমন্ত্ৰীৰ এদিনীয়া ‘পৰীক্ষা পে চৰ্চা’ৰ ব্যয় যোৱা চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়সমূহত কৰা ব্যয়তকৈ অধিক।

যোৱা পাঁচ বছৰ ধৰি মোডীয়ে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত বিদ্যালয়ৰ শিশু, অভিভাৱক, শিক্ষক- শিক্ষয়ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি আহিছে। মূলতঃ প্ৰধানমন্ত্ৰীয়ে ব’ৰ্ডৰ পৰীক্ষাত কেনেদৰে বহিবলৈ প্ৰস্তুতি চলাব লাগে, স্নায়ুৰ চাপ কেনেদৰে বজাই ৰাখিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ দিয়ে।

লোকসভাত তৃণমূলৰ সাংসদ মালা ৰয়ে প্ৰতি বছৰে অনুষ্ঠানটোৰ ব্যয়ৰ আৱন্টনৰ হিচাপ বিচাৰিছিল। শিক্ষা মন্ত্ৰালয়ৰ মতে, ২০১৮ চনত নৰেন্দ্ৰ মোদীৰ প্ৰথম ‘পৰীক্ষা পে চৰ্চা’ৰ ব্যয় আছিল ৩.৬৭ কোটি টকা। ২০১৯ চনত ব্যয় আছিল ৪.৯৩ কোটি টকা, ২০২০ চনত ৫.৬৯ কোটি টকা, ২০২১ চনত ৬ কোটি টকা আৰু ২০২২ চনত ৮.১৬ কোটি টকা।

একেটা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্যই দেখুৱাইছে যে যোৱা তিনিটা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ১,২৫২ খন কেন্দ্ৰীয় বিদ্যালয় আৰু ৬৬১ খন জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়ত কৰা ব্যয় ৫ কোটি টকাৰ ভিতৰতে আৱদ্ধ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু