--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা অভিযুক্তক 'কুমাৰীত্ব পৰীক্ষা’ তথা 'ভাৰ্জিনিটী টেষ্ট’ কৰাটো অসাংবিধানিক। ই লিংগবৈষম্য আৰু মৰ্যাদাৰ অধিকাৰ উলংঘাও কৰে। দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে এই ৰায় দিছে।

আদালতে লক্ষ্য কৰে যে কোনো উল্লেখিত ''আইনী পদ্ধতি’’ নাই য'ত "কুমাৰীত্ব পৰীক্ষা"ৰ ব্যৱস্থা কৰা হৈছে। এনে পৰীক্ষা এক প্ৰকাৰৰ অমানৱীয় ব্যৱহাৰ বুলি আদালতে কয়।

১৯৯২ চনত কেৰালাত এগৰাকী নানৰ মৃত্যুক লৈ হোৱা অপৰাধমূলক গোচৰৰ সৈতে জড়িত ভগ্নী ছেফীয়ে তেওঁৰ ওপৰত "কুমাৰীত্ব পৰীক্ষা" চলোৱাৰ বিৰুদ্ধে দিয়া আবেদনৰ ৰায়ত এইদৰে কয় আদালতে। ন্যায়াধীশ স্বৰানা কান্ত শৰ্মাই আদালতৰ এই নিৰ্দেশ গৃহীত কৰে।

ন্যায়াধীশ শৰ্মাই কয় যে- ''তদন্তৰ অধীনত অভিযুক্ত বা জিম্মাত থকা মহিলা বন্দীসকলৰ ওপৰত কৰা কুমাৰীত্ব পৰীক্ষাটো অসাংবিধানিক আৰু সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰা বুলি ঘোষণা কৰা হৈছে।’’

উল্লেখ্য যে সংবিধানৰ ২১ নং অনুচ্ছেদত মৰ্যাদাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ন্যায়াধীশগৰাকীয়ে কয় যে, ''সেয়েহে এই আদালতে এই পৰীক্ষা লিংগবৈষম্যবাদী আৰু মহিলা অভিযুক্তৰ মৰ্যাদাৰ মানৱ অধিকাৰ উলংঘা কৰা বুলি ৰায়প্ৰদান কৰে।’’

আদালতে জোৰ দি কয় যে এগৰাকী মহিলা আৰক্ষীৰ জিম্মাত থকাৰ সময়তো তেওঁৰ মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ আছে। তেওঁৰ ওপৰত কুমাৰীত্ব পৰীক্ষা কৰাটো কেৱল তদন্তকাৰী সংস্থাই তেওঁৰ শাৰীৰিক অখণ্ডতা আৰু মানসিক স্বাস্থ্য, দুয়োটাতে হস্তক্ষেপ কৰা হয়।

উল্লেখ্য যে আবেদনকাৰীয়ে আদালতৰ সন্মুখত অভিযোগ কৰিছিল যে ২০০৮ চনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁক বলপূৰ্বকভাৱে “কুমাৰীত্ব পৰীক্ষা” কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement