--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা অভিযুক্তক 'কুমাৰীত্ব পৰীক্ষা’ তথা 'ভাৰ্জিনিটী টেষ্ট’ কৰাটো অসাংবিধানিক। ই লিংগবৈষম্য আৰু মৰ্যাদাৰ অধিকাৰ উলংঘাও কৰে। দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে এই ৰায় দিছে।

আদালতে লক্ষ্য কৰে যে কোনো উল্লেখিত ''আইনী পদ্ধতি’’ নাই য'ত "কুমাৰীত্ব পৰীক্ষা"ৰ ব্যৱস্থা কৰা হৈছে। এনে পৰীক্ষা এক প্ৰকাৰৰ অমানৱীয় ব্যৱহাৰ বুলি আদালতে কয়।

১৯৯২ চনত কেৰালাত এগৰাকী নানৰ মৃত্যুক লৈ হোৱা অপৰাধমূলক গোচৰৰ সৈতে জড়িত ভগ্নী ছেফীয়ে তেওঁৰ ওপৰত "কুমাৰীত্ব পৰীক্ষা" চলোৱাৰ বিৰুদ্ধে দিয়া আবেদনৰ ৰায়ত এইদৰে কয় আদালতে। ন্যায়াধীশ স্বৰানা কান্ত শৰ্মাই আদালতৰ এই নিৰ্দেশ গৃহীত কৰে।

ন্যায়াধীশ শৰ্মাই কয় যে- ''তদন্তৰ অধীনত অভিযুক্ত বা জিম্মাত থকা মহিলা বন্দীসকলৰ ওপৰত কৰা কুমাৰীত্ব পৰীক্ষাটো অসাংবিধানিক আৰু সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰা বুলি ঘোষণা কৰা হৈছে।’’

উল্লেখ্য যে সংবিধানৰ ২১ নং অনুচ্ছেদত মৰ্যাদাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ন্যায়াধীশগৰাকীয়ে কয় যে, ''সেয়েহে এই আদালতে এই পৰীক্ষা লিংগবৈষম্যবাদী আৰু মহিলা অভিযুক্তৰ মৰ্যাদাৰ মানৱ অধিকাৰ উলংঘা কৰা বুলি ৰায়প্ৰদান কৰে।’’

আদালতে জোৰ দি কয় যে এগৰাকী মহিলা আৰক্ষীৰ জিম্মাত থকাৰ সময়তো তেওঁৰ মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ আছে। তেওঁৰ ওপৰত কুমাৰীত্ব পৰীক্ষা কৰাটো কেৱল তদন্তকাৰী সংস্থাই তেওঁৰ শাৰীৰিক অখণ্ডতা আৰু মানসিক স্বাস্থ্য, দুয়োটাতে হস্তক্ষেপ কৰা হয়।

উল্লেখ্য যে আবেদনকাৰীয়ে আদালতৰ সন্মুখত অভিযোগ কৰিছিল যে ২০০৮ চনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁক বলপূৰ্বকভাৱে “কুমাৰীত্ব পৰীক্ষা” কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু