--°C
Loading...
Listen to Article
2 min read
80%


নতুন দিল্লীঃ বৃহস্পতিবাৰে পুৱা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো অৰ্থাৎ এনচিবিৰ বিষয়া সমীৰ ৱানখেডেৰ ভগ্নী য়াছমিনে নিৰাপত্তা বিচাৰি আৰক্ষী চকীত দ্বাৰস্থ হৈছে। ভাতৃৰ বাবে নিন্তৰ যুঁজ দিছে সমীৰ ভগ্নীয়ে। সমীৰৰ বাবে আৰক্ষী চকীৰ দুৱাৰে দুৱাৰে টুকুৰিয়াইছে য়াছমিনে। এইখিনিলৈ সকলো ঠিকেই আছিল। কিন্তু শ্বাহৰূখ তনয় আৰিয়ানৰ জামিনৰ খবৰ পোৱাৰ পাছত মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে পুনৰ মুখ খুলিছে। টুইটাৰত ব্যক্ত কৰিছে তেওঁৰ চমু প্ৰতিক্ৰিয়া।এটা টুইটত তেওঁ কয়, 'পিকচাৰ অভি বাকি হ্যায়'।

এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ ঘনিষ্ঠ নেতা নৱাবে মুম্বাইৰ প্ৰমোদতৰীৰ পৰা ড্ৰাগছ গোচৰৰ তদন্তকাৰী এনচিবি বিষয়া সমীৰৰ ওপৰত ধনদাবী আৰু ন্যায়নিষ্ঠতাৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰি আহিছে। তদন্তত অনিয়মৰ অভিযোগৰ লগতে ভুৱা জন্মৰ প্ৰমাণপত্ৰ দাখিলেৰে চাকৰি লোৱা বা ধৰ্মীয় পৰিচয় লুকুৱাই ৰখাৰ দৰে স্পৰ্শকাতৰ মন্তব্যৰে সমীৰলৈ আঙুলি টোৱাইছে নৱাব মালিকে। সমীৰে অৱশ্যে নৱাব মালিকৰ সকলো অভিযোগ অস্বীকাৰ কৰিলেও অধিক কঠোৰ হৈছে এনচিবি।

শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে এনচিবিয়েও। ঘটনা পোহলৰৈ অহাৰ পাছতে সমীৰক গোচৰটোৰ তদন্তকাৰী বিষয়াৰ দায়িত্বৰ পৰা আঁতৰাই নিছে এনচিবিয়ে। সমীৰৰ বিৰুদ্ধে ইতিমধ্যে তদন্তৰো নিৰ্দেশ দিছে এনচিবিয়ে। এনে পৰিস্থিতিত সমীৰ ভগ্নী য়াছমিনে আনিছে আন এক গুৰুতৰ অভিযোগ।

নৱাব মালিকৰ কু-দৃষ্টি পৰাৰ অভিযোগ সমীৰ ভগ্নীৰ। ফেচবুক, ইনষ্টাগ্ৰামৰ পৰা ব্যক্তিগত মুহূৰ্তৰ বিভিন্ন ফটো সংগ্ৰহ কৰি সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ ভাবুকি দিয়া বুলিও জনাইছে য়াছমিনে। নিৰাপত্তা বিচাৰি হাবাথুৰি খাইছে সীৰ ভগ্নীয়ে। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিছিল সমীৰ ভগ্নীয়ে। সমীৰ ভগ্নীৰ অভিযোগৰ সত্যসত্যতা কিমান ,যদি সত্য তেন্তে নৱাব মালিকৰ ক্ষেত্ৰত কেনে স্থিতি গ্ৰহণ কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক