--°C
Loading...
Listen to Article
2 min read
80%


নতুন দিল্লীঃ বৃহস্পতিবাৰে পুৱা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো অৰ্থাৎ এনচিবিৰ বিষয়া সমীৰ ৱানখেডেৰ ভগ্নী য়াছমিনে নিৰাপত্তা বিচাৰি আৰক্ষী চকীত দ্বাৰস্থ হৈছে। ভাতৃৰ বাবে নিন্তৰ যুঁজ দিছে সমীৰ ভগ্নীয়ে। সমীৰৰ বাবে আৰক্ষী চকীৰ দুৱাৰে দুৱাৰে টুকুৰিয়াইছে য়াছমিনে। এইখিনিলৈ সকলো ঠিকেই আছিল। কিন্তু শ্বাহৰূখ তনয় আৰিয়ানৰ জামিনৰ খবৰ পোৱাৰ পাছত মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে পুনৰ মুখ খুলিছে। টুইটাৰত ব্যক্ত কৰিছে তেওঁৰ চমু প্ৰতিক্ৰিয়া।এটা টুইটত তেওঁ কয়, 'পিকচাৰ অভি বাকি হ্যায়'।

এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ ঘনিষ্ঠ নেতা নৱাবে মুম্বাইৰ প্ৰমোদতৰীৰ পৰা ড্ৰাগছ গোচৰৰ তদন্তকাৰী এনচিবি বিষয়া সমীৰৰ ওপৰত ধনদাবী আৰু ন্যায়নিষ্ঠতাৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰি আহিছে। তদন্তত অনিয়মৰ অভিযোগৰ লগতে ভুৱা জন্মৰ প্ৰমাণপত্ৰ দাখিলেৰে চাকৰি লোৱা বা ধৰ্মীয় পৰিচয় লুকুৱাই ৰখাৰ দৰে স্পৰ্শকাতৰ মন্তব্যৰে সমীৰলৈ আঙুলি টোৱাইছে নৱাব মালিকে। সমীৰে অৱশ্যে নৱাব মালিকৰ সকলো অভিযোগ অস্বীকাৰ কৰিলেও অধিক কঠোৰ হৈছে এনচিবি।

শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে এনচিবিয়েও। ঘটনা পোহলৰৈ অহাৰ পাছতে সমীৰক গোচৰটোৰ তদন্তকাৰী বিষয়াৰ দায়িত্বৰ পৰা আঁতৰাই নিছে এনচিবিয়ে। সমীৰৰ বিৰুদ্ধে ইতিমধ্যে তদন্তৰো নিৰ্দেশ দিছে এনচিবিয়ে। এনে পৰিস্থিতিত সমীৰ ভগ্নী য়াছমিনে আনিছে আন এক গুৰুতৰ অভিযোগ।

নৱাব মালিকৰ কু-দৃষ্টি পৰাৰ অভিযোগ সমীৰ ভগ্নীৰ। ফেচবুক, ইনষ্টাগ্ৰামৰ পৰা ব্যক্তিগত মুহূৰ্তৰ বিভিন্ন ফটো সংগ্ৰহ কৰি সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ ভাবুকি দিয়া বুলিও জনাইছে য়াছমিনে। নিৰাপত্তা বিচাৰি হাবাথুৰি খাইছে সীৰ ভগ্নীয়ে। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিছিল সমীৰ ভগ্নীয়ে। সমীৰ ভগ্নীৰ অভিযোগৰ সত্যসত্যতা কিমান ,যদি সত্য তেন্তে নৱাব মালিকৰ ক্ষেত্ৰত কেনে স্থিতি গ্ৰহণ কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন