--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাছে চকুৰ পতা মেলি টোপনি যায় ,  কিন্তু মানুহে? মানুহে জানো চকু নজপোৱাকৈয়ে টোপনি মাৰিব পাৰে? বিশ্বৰ কোটি কোটি লোকৰ মাজত এনে এজন লোক আছে যিয়ে চকু খোলা অৱস্থাত ৰাখিয়েই টোপনি যায়৷  শেহতীয়াকৈ তেনে আশ্চৰ্যকৰ কাণ্ড ঘটোৱা  আমেৰিকাৰ লোক জনৰ কথা পোহৰলৈ আহিছে৷

তেওঁ সঁচাকৈয়ে চকু মেলিয়েই শুই থাকে। লোক জনৰ চকু মেলি টোপনি যোৱাৰ কথা প্ৰথমে ধৰা পেলায় তেওঁৰ পত্নীয়েই৷লোক জনৰ পত্নীৰ নাম  পেইটন ভিডমাৰ। ভিডমাৰে  দাবী কৰিছে  যে তেওঁৰ স্বামী কলটন আঘোৰে শুই থকা অৱস্থাত কেতিয়াও চকু নজপায়৷ 

তেওঁ স্বামীয়ে চকু মেলি গভীৰ টোপনিত থকাৰ এটা ভিডিঅ’ও প্ৰস্তুত কৰিছে৷ ভিডমাৰে কয় যে স্বামীয়ে চকু মেলি টোপমি যোৱাৰ দৃশ্য দেখিলে তেওঁ আতংকিত হৈ পৰে৷ইপিনে  গৱেষকসকলে কৈছে যে এনে ধৰণৰ ঘটনা খুব বিৰল নহয়। চকু মেলি টোপনি যোৱা  উপসৰ্গক  চিকিৎসা বিজ্ঞানত নক্টাৰনাল  লাগোফথালমোচ বুলি কোৱা হয়।

শ্লিপ ফাউণ্ডেচনৰ মতে প্ৰতি ২০জনৰ ভিতৰত এজন লোকে  শুই থাকোঁতে চকু মেলি ৰাখিব পাৰে ।ইয়াৰে কিছুমানৰ চকু আধা মুদ খাই থাকে৷ কিন্তু এই সমস্যাটো কিয় হয়? গৱেষকসকলে কৈছে যে যদি চকুৰ পতা  দুৰ্বল হৈ পৰে অথবা  মুখৰ স্নায়ু বা চকুৰ মণিৰ ৰোগৰ সমস্যা থাকে তেন্তে এনেধৰণৰ সমস্যাই দেখা দিব পাৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু