--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাছে চকুৰ পতা মেলি টোপনি যায় ,  কিন্তু মানুহে? মানুহে জানো চকু নজপোৱাকৈয়ে টোপনি মাৰিব পাৰে? বিশ্বৰ কোটি কোটি লোকৰ মাজত এনে এজন লোক আছে যিয়ে চকু খোলা অৱস্থাত ৰাখিয়েই টোপনি যায়৷  শেহতীয়াকৈ তেনে আশ্চৰ্যকৰ কাণ্ড ঘটোৱা  আমেৰিকাৰ লোক জনৰ কথা পোহৰলৈ আহিছে৷

তেওঁ সঁচাকৈয়ে চকু মেলিয়েই শুই থাকে। লোক জনৰ চকু মেলি টোপনি যোৱাৰ কথা প্ৰথমে ধৰা পেলায় তেওঁৰ পত্নীয়েই৷লোক জনৰ পত্নীৰ নাম  পেইটন ভিডমাৰ। ভিডমাৰে  দাবী কৰিছে  যে তেওঁৰ স্বামী কলটন আঘোৰে শুই থকা অৱস্থাত কেতিয়াও চকু নজপায়৷ 

তেওঁ স্বামীয়ে চকু মেলি গভীৰ টোপনিত থকাৰ এটা ভিডিঅ’ও প্ৰস্তুত কৰিছে৷ ভিডমাৰে কয় যে স্বামীয়ে চকু মেলি টোপমি যোৱাৰ দৃশ্য দেখিলে তেওঁ আতংকিত হৈ পৰে৷ইপিনে  গৱেষকসকলে কৈছে যে এনে ধৰণৰ ঘটনা খুব বিৰল নহয়। চকু মেলি টোপনি যোৱা  উপসৰ্গক  চিকিৎসা বিজ্ঞানত নক্টাৰনাল  লাগোফথালমোচ বুলি কোৱা হয়।

শ্লিপ ফাউণ্ডেচনৰ মতে প্ৰতি ২০জনৰ ভিতৰত এজন লোকে  শুই থাকোঁতে চকু মেলি ৰাখিব পাৰে ।ইয়াৰে কিছুমানৰ চকু আধা মুদ খাই থাকে৷ কিন্তু এই সমস্যাটো কিয় হয়? গৱেষকসকলে কৈছে যে যদি চকুৰ পতা  দুৰ্বল হৈ পৰে অথবা  মুখৰ স্নায়ু বা চকুৰ মণিৰ ৰোগৰ সমস্যা থাকে তেন্তে এনেধৰণৰ সমস্যাই দেখা দিব পাৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক