--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমলখি ছুপাৰফুডতকৈ কম নহয়, ইয়াত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ই চৰ্দি, কাহকে ধৰি বহু ধৰণৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। সাধাৰণতে আমি চুলি আৰু ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে আমলখি ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ পৰা আন স্বাস্থ্য সম্পৰ্কীয় বহুতো উপকাৰিতা পোৱা যায়। বিশেষজ্ঞৰ মতে আমলখি ৰ’দত শুকুৱাই খালে বহু ৰোগৰ আশংকা হ্ৰাস পায়।

 শুকান আমলখি খোৱাৰ উপকাৰিতা-

১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-শুকান আমলখিত ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়, ফলত যিকোনো ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হয়। কৰ’না ভাইৰাছ মহামাৰীৰ সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত বহুতো গুৰুত্ব দিয়া হৈছিল, যিকোনো বতৰতে আমলখিয়ে আমাক বহু ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।

২. পাচনতন্ত্ৰ শক্তিশালী কৰেঃ-প্ৰায়ে আমি বিয়া বা পাৰ্টিত বহুত তেলীয়া আৰু টেঙা খাদ্য খাওঁ, যাৰ বাবে এচিডিটি, কোষ্ঠকাঠিন্য আৰু বদহজমৰ অভিযোগ আৰম্ভ হয়। এনে অৱস্থাত যদি আপুনি শুকান আমলখি পানীত উতলাই খালে পেটৰ সকলো সমস্যা নিমিষতে নাইকিয়া হয়।

৩. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ-আমলখিত ভিটামিন-এ আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো আমাৰ চকুৰ বাবে অতি উপকাৰী হোৱাৰ লগতে চকু দৃষ্টি শক্তিশালী কৰে আৰু কুকুৰীকণা ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৪. মুখৰ দুৰ্গন্ধৰ দূৰ কৰেঃ-প্ৰায়ে দাঁত আৰু মুখ সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ বাবে মুখৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত বহুতো সমস্যাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত শুকান আমলখি চোবাই খালে মুখৰ দুৰ্গন্ধৰ দূৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু