--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমলখি ছুপাৰফুডতকৈ কম নহয়, ইয়াত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ই চৰ্দি, কাহকে ধৰি বহু ধৰণৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। সাধাৰণতে আমি চুলি আৰু ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে আমলখি ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ পৰা আন স্বাস্থ্য সম্পৰ্কীয় বহুতো উপকাৰিতা পোৱা যায়। বিশেষজ্ঞৰ মতে আমলখি ৰ’দত শুকুৱাই খালে বহু ৰোগৰ আশংকা হ্ৰাস পায়।

 শুকান আমলখি খোৱাৰ উপকাৰিতা-

১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ-শুকান আমলখিত ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়, ফলত যিকোনো ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হয়। কৰ’না ভাইৰাছ মহামাৰীৰ সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত বহুতো গুৰুত্ব দিয়া হৈছিল, যিকোনো বতৰতে আমলখিয়ে আমাক বহু ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।

২. পাচনতন্ত্ৰ শক্তিশালী কৰেঃ-প্ৰায়ে আমি বিয়া বা পাৰ্টিত বহুত তেলীয়া আৰু টেঙা খাদ্য খাওঁ, যাৰ বাবে এচিডিটি, কোষ্ঠকাঠিন্য আৰু বদহজমৰ অভিযোগ আৰম্ভ হয়। এনে অৱস্থাত যদি আপুনি শুকান আমলখি পানীত উতলাই খালে পেটৰ সকলো সমস্যা নিমিষতে নাইকিয়া হয়।

৩. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ-আমলখিত ভিটামিন-এ আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো আমাৰ চকুৰ বাবে অতি উপকাৰী হোৱাৰ লগতে চকু দৃষ্টি শক্তিশালী কৰে আৰু কুকুৰীকণা ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৪. মুখৰ দুৰ্গন্ধৰ দূৰ কৰেঃ-প্ৰায়ে দাঁত আৰু মুখ সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ বাবে মুখৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত বহুতো সমস্যাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত শুকান আমলখি চোবাই খালে মুখৰ দুৰ্গন্ধৰ দূৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক