--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যই আমাৰ দেহৰ পুষ্টিসাধনত সহায় কৰে। দেহৰ অন্যান্য অংগৰ লগতে  চকুযুৰিও মানুহৰ অমূল্য সম্পদ। চকুৰ অসুবিধা পোৱা মানেই জীৱনৰ বহু কামতে আউল লাগিব পাৰে। বৰ্তমান খাদ্যাভাস আৰু প্ৰদূষণ আদিৰ বাবে আমাৰ চকুযুৰিৰ বহু ক্ষতি হৈ আহিছে। সেয়ে চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি কেতবোৰ খাদ্য বিশেষভাবে গ্ৰহণ কৰা ভাল। চকু ভাল ৰাখিবলৈ আপুনি কি খাব?

তলত আমি আগবঢ়াইছো চকু ভালে ৰাখিবলৈ আপুনি খাব পৰা কেইবিধমান খাদ্য।

বাদামজাতীয় খাদ্য:
বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল। এইসমূহে চকু ভালে ৰাখে আৰু অস্পষ্ট দৃষ্টি দূৰ কৰে।

বাদামজাতীয় খাদ্যসমূহ ভিটামিনেৰে ভৰপূৰ। কাঠ বাদাম, আমণ্ড আৰু ৱালনাট—আটাইবোৰেই স্বাস্থ্যৰ পক্ষে ভাল।দিনে এমুঠিমান বাদামজাতীয় শুকান ফল খালেই ই আপোনাৰ চকুৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ভালে ৰাখিব।

 মাছ:
তেলযুক্ত মাছত অমেগা ৩ আৰু ৬ ফেটি এচিড থাকে। দেহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনৰ লগতে আন প্ৰয়োজনীয়তাও মাছে পূৰণ কৰে।

চকু ভালে থাকিবলৈ চকুত পানী থকাৰ প্ৰয়োজন। ফেটি এচিডে চকুৰ পানী উৎপন্ন হোৱাত সহায় কৰে।
চকুৰ পানীয়ে চকু পৰিষ্কাৰ কৰি ৰখাৰ লগতে চকুৰ অৱসাদ দূৰ কৰে আৰু ইয়াক সুস্থ ৰাখে।

 গাজৰ:
গাজৰ ভিটামিন এ-ৰে সমৃদ্ধ। ভিটামিন-এ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
গাজৰে চকুৰ সামগ্ৰিক স্বাস্থ্য ঠিক ৰখাৰ লগতে কুকুৰীকণা আদি সমস্যাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়।সেউজীয়া শাক-পাচলি নিয়মিত খোৱা কৰক।

পানীঃ প্ৰচুৰ পানী খাব। পানীয়ে চকৰুৰ লগতে দেহৰ আন অংগৰ সুস্থতা ৰক্ষাতো সহায় কৰে। কিছু সময় কাম কৰাৰ পিছত সেউজীয়া দৃশ্য চাবলৈ চেষ্টা কৰিব। এনে কৰিলে চকুযুৰিয়ে আৰাম পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক