--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰুৱেই হওক বা ডাঙৰ, পেলুৰ সমস্যা বহুতৰে হোৱা দেখা যায়। পাকস্থলীত কৃমি  বা পেলু হ’লে  ভোক  কমি যোৱাৰ লগতে পেটত  সংক্ৰমণ হোৱাৰো আশংকা থাকে। পেলুৱে  আমাৰ স্বাস্থ্যক বিভিন্ন ধৰণে প্ৰভাৱান্বিত কৰে। সাধাৰণতে  সংক্ৰমিত খাদ্য বা লেতেৰা পানীৰ জৰিয়তে আমাৰ শৰীৰত পেলুৱে  প্ৰৱেশ কৰে। পেলু  আমাৰ অন্ত্ৰত লাগি থাকে আৰু অন্ত্ৰৰ ক্ষতি কৰা আৰম্ভ কৰে, যাৰ ফলত ডায়েৰিয়া, বমি, ভোক নোহোৱা, পেট ফুলা, পেটৰ বিষ আৰু পুষ্টিহীনতাৰ দৰে সমস্যাও হ'ব পাৰে।

এনে  সমস্যা যিকোনো লোকৰ ক্ষেত্ৰত হ'ব পাৰে।  কিন্তু বেছিভাগ শিশুৰ ক্ষেত্ৰত এই সমস্যা হোৱা দেখা যায়। পেলুৰ  ফলত শিশুৰ  শাৰীৰিক বিকাশো প্ৰভাৱান্বিত হয়। সেয়েহে, পেলুৰ  সমস্যা প্ৰতিহত কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। ইয়াৰ বাবে আপুনি চিকিৎসকক লগ কৰি ঔষধ গ্ৰহণ কৰিব পাৰে। লগতে  আহাৰত কিছুমান খাদ্য যোগ দিলে পেলু নাশ কৰাত সহায় হয়। পাকঘৰত সততে থকা কোনবোৰ সামগ্ৰীয়ে  পেলুৰ  সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে জানো আহক আহক।

হালধি
হালধিত থকা  এণ্টি-ইনফ্লেমেটৰী গুণাগুণে অন্ত্ৰৰ কৃমি আঁতৰ কৰাত সহায় কৰে। গৰম গাখীৰৰ সৈতে মিহলি কৰি হালধি খালে পেলুৰ সমস্যা দূৰ 
 হয়। ইয়াৰ বাহিৰেও হালধি  আন ধৰণেও খাব পাৰি।
 

কেঁচা অমিতা
কেঁচা অমিতাত পোৱা এনজাইমে পাকস্থলীৰ পেলু  ধ্বংস কৰাত আৰু হজম উন্নত কৰাত সহায় কৰে।  এসপ্তাহৰ বাবে দৈনিক এক  চামুচ কেঁচা অমিতা পেষ্ট খাব পাৰে।

লং
লঙত থকা পৰজীৱী-বিৰোধী আৰু এণ্টিচেপ্টিক গুণাগুণবোৰে পাকস্থলীৰ কৃমিৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। এক চামুচ লং পাউডাৰ গৰম পানীত মিহলি কৰি খাব পাৰি।

নহৰু
নহৰুত থকা  এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণবোৰে পেলুৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। এসপ্তাহৰ বাবে পুৱা দৈনিক খালী পেটত দুইৰ পৰা তিনিটা ফোটা কেঁচা নহৰুৰ খাব পাৰে।
 
ৰঙালাওৰ গুটি
ৰঙালাওৰ গুটিত পোৱা উপাদানবোৰে পাকস্থলীৰ পেলু  ধ্বংস কৰিব পাৰে। নাৰিকলৰ গাখীৰত আধা কাপ পানী আৰু এক  চামুচ ভজা ৰঙালাওৰ গুটিৰ গুড়ি মিহলাই খালে পেলু দূৰ হয়। এসপ্তাহৰ বাবে ইয়াক দৈনিক পুৱা খালী পেটত খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ