--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰুৱেই হওক বা ডাঙৰ, পেলুৰ সমস্যা বহুতৰে হোৱা দেখা যায়। পাকস্থলীত কৃমি  বা পেলু হ’লে  ভোক  কমি যোৱাৰ লগতে পেটত  সংক্ৰমণ হোৱাৰো আশংকা থাকে। পেলুৱে  আমাৰ স্বাস্থ্যক বিভিন্ন ধৰণে প্ৰভাৱান্বিত কৰে। সাধাৰণতে  সংক্ৰমিত খাদ্য বা লেতেৰা পানীৰ জৰিয়তে আমাৰ শৰীৰত পেলুৱে  প্ৰৱেশ কৰে। পেলু  আমাৰ অন্ত্ৰত লাগি থাকে আৰু অন্ত্ৰৰ ক্ষতি কৰা আৰম্ভ কৰে, যাৰ ফলত ডায়েৰিয়া, বমি, ভোক নোহোৱা, পেট ফুলা, পেটৰ বিষ আৰু পুষ্টিহীনতাৰ দৰে সমস্যাও হ'ব পাৰে।

এনে  সমস্যা যিকোনো লোকৰ ক্ষেত্ৰত হ'ব পাৰে।  কিন্তু বেছিভাগ শিশুৰ ক্ষেত্ৰত এই সমস্যা হোৱা দেখা যায়। পেলুৰ  ফলত শিশুৰ  শাৰীৰিক বিকাশো প্ৰভাৱান্বিত হয়। সেয়েহে, পেলুৰ  সমস্যা প্ৰতিহত কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। ইয়াৰ বাবে আপুনি চিকিৎসকক লগ কৰি ঔষধ গ্ৰহণ কৰিব পাৰে। লগতে  আহাৰত কিছুমান খাদ্য যোগ দিলে পেলু নাশ কৰাত সহায় হয়। পাকঘৰত সততে থকা কোনবোৰ সামগ্ৰীয়ে  পেলুৰ  সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে জানো আহক আহক।

হালধি
হালধিত থকা  এণ্টি-ইনফ্লেমেটৰী গুণাগুণে অন্ত্ৰৰ কৃমি আঁতৰ কৰাত সহায় কৰে। গৰম গাখীৰৰ সৈতে মিহলি কৰি হালধি খালে পেলুৰ সমস্যা দূৰ 
 হয়। ইয়াৰ বাহিৰেও হালধি  আন ধৰণেও খাব পাৰি।
 

কেঁচা অমিতা
কেঁচা অমিতাত পোৱা এনজাইমে পাকস্থলীৰ পেলু  ধ্বংস কৰাত আৰু হজম উন্নত কৰাত সহায় কৰে।  এসপ্তাহৰ বাবে দৈনিক এক  চামুচ কেঁচা অমিতা পেষ্ট খাব পাৰে।

লং
লঙত থকা পৰজীৱী-বিৰোধী আৰু এণ্টিচেপ্টিক গুণাগুণবোৰে পাকস্থলীৰ কৃমিৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। এক চামুচ লং পাউডাৰ গৰম পানীত মিহলি কৰি খাব পাৰি।

নহৰু
নহৰুত থকা  এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণবোৰে পেলুৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। এসপ্তাহৰ বাবে পুৱা দৈনিক খালী পেটত দুইৰ পৰা তিনিটা ফোটা কেঁচা নহৰুৰ খাব পাৰে।
 
ৰঙালাওৰ গুটি
ৰঙালাওৰ গুটিত পোৱা উপাদানবোৰে পাকস্থলীৰ পেলু  ধ্বংস কৰিব পাৰে। নাৰিকলৰ গাখীৰত আধা কাপ পানী আৰু এক  চামুচ ভজা ৰঙালাওৰ গুটিৰ গুড়ি মিহলাই খালে পেলু দূৰ হয়। এসপ্তাহৰ বাবে ইয়াক দৈনিক পুৱা খালী পেটত খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি