--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ মাজৰে বহুতেই চকুযুৰিৰ যত্ন লোৱাৰ পৰা বিৰত থাকে৷ চকুৰ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷  ভিটামিনৰ অভাৱতো আমাৰ চকুযুৰি ক্ষতিগ্ৰস্ত হ’ব পাৰে৷   বৰ্তমান খাদ্যাভাস আৰু প্ৰদূষণ আদিৰ বাবে আমাৰ চকুযুৰিৰ বহু ক্ষতি হৈ আহিছে। সেয়ে চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি কেতবোৰ খাদ্য বিশেষভাবে গ্ৰহণ কৰা ভাল। চকু ভাল ৰাখিবলৈ আপুনি কি খাব?

তলত আমি আগবঢ়াইছো চকু ভালে ৰাখিবলৈ আপুনি খাব পৰা কেইবিধমান খাদ্য।

বাদামজাতীয় খাদ্য:
বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল। এইসমূহে চকু ভালে ৰাখে আৰু অস্পষ্ট দৃষ্টি দূৰ কৰে।

বাদামজাতীয় খাদ্যসমূহ ভিটামিনেৰে ভৰপূৰ। কাঠ বাদাম, আমণ্ড আৰু ৱালনাট—আটাইবোৰেই স্বাস্থ্যৰ পক্ষে ভাল।দিনে এমুঠিমান বাদামজাতীয় শুকান ফল খালেই ই আপোনাৰ চকুৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ভালে ৰাখিব।

 মাছ:
তেলযুক্ত মাছত অমেগা ৩ আৰু ৬ ফেটি এচিড থাকে। দেহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনৰ লগতে আন প্ৰয়োজনীয়তাও মাছে পূৰণ কৰে।

চকু ভালে থাকিবলৈ চকুত পানী থকাৰ প্ৰয়োজন। ফেটি এচিডে চকুৰ পানী উৎপন্ন হোৱাত সহায় কৰে।
চকুৰ পানীয়ে চকু পৰিষ্কাৰ কৰি ৰখাৰ লগতে চকুৰ অৱসাদ দূৰ কৰে আৰু ইয়াক সুস্থ ৰাখে।

 গাজৰ:
গাজৰ ভিটামিন এ-ৰে সমৃদ্ধ। ভিটামিন-এ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
গাজৰে চকুৰ সামগ্ৰিক স্বাস্থ্য ঠিক ৰখাৰ লগতে কুকুৰীকণা আদি সমস্যাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়।সেউজীয়া শাক-পাচলি নিয়মিত খোৱা কৰক।

পানীঃ প্ৰচুৰ পানী খাব। পানীয়ে চকুৰ  লগতে দেহৰ আন অংগৰ সুস্থতা ৰক্ষাতো সহায় কৰে। কিছু সময় কাম কৰাৰ পিছত সেউজীয়া দৃশ্য চাবলৈ চেষ্টা কৰিব। এনে কৰিলে চকুযুৰিয়ে আৰাম পাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ