--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ মাজতে মৃত্যুৰ কিৰিলী৷ গুলীয়াই হত্যা কৰা হৈছে সমাজবাদী পাৰ্টীৰ নেতাক৷ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে যোদী আদিত্যনাথৰ উত্তৰ প্ৰদেশ৷ কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাত বহনক্ষম উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ দিশৰ পৰা নিম্নমানৰ ফল প্ৰদৰ্শন কৰা ৰাজ্যখন এতিয়া অপৰাধীৰ ঘাটিত পৰিণত হৈছে৷ ধৰ্মৰ আফিঙেৰে উত্তৰ প্ৰদেশবাসীক ধৰ্মান্ধ কৰি ৰাখিব খোজাৰ অভিযোগ আছে যোগী আদিত্যনাথৰ বিৰুদ্ধে৷ অথচ, এইবেলি নিৰ্বাচনত ৰাজ্যখনত ধৰ্ম কোনো নিৰ্বাচনী ইচ্ছ্যুত পৰিণত নহ’ল৷ বৰং, শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰে হ’লগৈ এইবাৰ ৰাজ্যখনৰ মূল নিৰ্বাচনী ইচ্ছ্যু৷ যি কথা স্বীকাৰ কৰিছে স্বয়ং বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ লোকসভাৰ সাংসদ বৰুণ গান্ধীয়ে৷ আৰু, পৰাজয়ৰ আশংকাত হিতাহিত হেৰুৱাই এতিয়া উত্তৰ প্ৰদেশত চলিছে হত্যাযজ্ঞ৷ বিধানসভা নিৰ্বাচন চলি থকাৰ মাজতে ৰাজ্যখনৰ শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ বুথ এজেণ্টক গুলীয়াই হত্যা কৰা হৈছে৷ সমাজবাদী পাৰ্টীৰ নেতা তথা বুথ এজেণ্ট সুধীৰ যাদৱক মঙলবাৰে পুৱা শ্বাহজাহানপুৰত ভুৱা ভোটদান বিতৰ্কৰ বাবে গুলীয়াই হত্যা কৰা হৈছিল। সুধীৰ সমাজবাদী পাৰ্টীৰ বুথ সভাপতি আছিল। ইয়াৰ পূৰ্বে, তিলহাৰ বিধানসভা আসনৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী ৰোশন লাল বাৰ্মাৰ ঘৰত বিজেপি কৰ্মীসকলে হুলস্থূলৰ সৃষ্টি কৰিছিল। সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ ঘৰত বিজেপি কৰ্মীৰ দ্বাৰা শিলাবৰ্ষণ আৰু গুলীচালনাৰ খবৰ পোৱা গৈছিল। সাংবাদিক প্ৰশান্ত শুক্লাই টুইট কৰি কয়, নিশা শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ ঘৰত শিলাবৰ্ষণ আৰু গুলীচালনা সংঘটিত হয় আৰু পুৱা সমাজবাদী পাৰ্টীৰ বুথ এজেণ্ট সুধীৰ যাদৱক তিলহাৰ বিধানসভা সমষ্টিত গুলীয়াই হত্যা কৰা হয়। এই ঘটনাৰ পাছত সমাজবাদী পাৰ্টীয়ে টুইট কৰি কয়, পৰাজয়ৰ উমান পাই হতাশ হৈ বিজেপিয়ে ৰক্তপাত কৰি আছে! শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ বুথ এজেণ্ট সুধীৰ যাদৱৰ হত্যা ক্ষমতা সুৰক্ষিত কৰি ৰাখিব খোজা হত্যাকাৰীৰ দ্বাৰা এক সুপৰিকল্পিত কাৰ্য বুলি দলটোৱে অভিযোগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু