--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ মাজতে মৃত্যুৰ কিৰিলী৷ গুলীয়াই হত্যা কৰা হৈছে সমাজবাদী পাৰ্টীৰ নেতাক৷ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে যোদী আদিত্যনাথৰ উত্তৰ প্ৰদেশ৷ কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাত বহনক্ষম উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ দিশৰ পৰা নিম্নমানৰ ফল প্ৰদৰ্শন কৰা ৰাজ্যখন এতিয়া অপৰাধীৰ ঘাটিত পৰিণত হৈছে৷ ধৰ্মৰ আফিঙেৰে উত্তৰ প্ৰদেশবাসীক ধৰ্মান্ধ কৰি ৰাখিব খোজাৰ অভিযোগ আছে যোগী আদিত্যনাথৰ বিৰুদ্ধে৷ অথচ, এইবেলি নিৰ্বাচনত ৰাজ্যখনত ধৰ্ম কোনো নিৰ্বাচনী ইচ্ছ্যুত পৰিণত নহ’ল৷ বৰং, শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰে হ’লগৈ এইবাৰ ৰাজ্যখনৰ মূল নিৰ্বাচনী ইচ্ছ্যু৷ যি কথা স্বীকাৰ কৰিছে স্বয়ং বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ লোকসভাৰ সাংসদ বৰুণ গান্ধীয়ে৷ আৰু, পৰাজয়ৰ আশংকাত হিতাহিত হেৰুৱাই এতিয়া উত্তৰ প্ৰদেশত চলিছে হত্যাযজ্ঞ৷ বিধানসভা নিৰ্বাচন চলি থকাৰ মাজতে ৰাজ্যখনৰ শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ বুথ এজেণ্টক গুলীয়াই হত্যা কৰা হৈছে৷ সমাজবাদী পাৰ্টীৰ নেতা তথা বুথ এজেণ্ট সুধীৰ যাদৱক মঙলবাৰে পুৱা শ্বাহজাহানপুৰত ভুৱা ভোটদান বিতৰ্কৰ বাবে গুলীয়াই হত্যা কৰা হৈছিল। সুধীৰ সমাজবাদী পাৰ্টীৰ বুথ সভাপতি আছিল। ইয়াৰ পূৰ্বে, তিলহাৰ বিধানসভা আসনৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী ৰোশন লাল বাৰ্মাৰ ঘৰত বিজেপি কৰ্মীসকলে হুলস্থূলৰ সৃষ্টি কৰিছিল। সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ ঘৰত বিজেপি কৰ্মীৰ দ্বাৰা শিলাবৰ্ষণ আৰু গুলীচালনাৰ খবৰ পোৱা গৈছিল। সাংবাদিক প্ৰশান্ত শুক্লাই টুইট কৰি কয়, নিশা শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ ঘৰত শিলাবৰ্ষণ আৰু গুলীচালনা সংঘটিত হয় আৰু পুৱা সমাজবাদী পাৰ্টীৰ বুথ এজেণ্ট সুধীৰ যাদৱক তিলহাৰ বিধানসভা সমষ্টিত গুলীয়াই হত্যা কৰা হয়। এই ঘটনাৰ পাছত সমাজবাদী পাৰ্টীয়ে টুইট কৰি কয়, পৰাজয়ৰ উমান পাই হতাশ হৈ বিজেপিয়ে ৰক্তপাত কৰি আছে! শ্বাহজাহানপুৰত সমাজবাদী পাৰ্টীৰ বুথ এজেণ্ট সুধীৰ যাদৱৰ হত্যা ক্ষমতা সুৰক্ষিত কৰি ৰাখিব খোজা হত্যাকাৰীৰ দ্বাৰা এক সুপৰিকল্পিত কাৰ্য বুলি দলটোৱে অভিযোগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ