--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ হিজাব বিতৰ্কৰ উত্তাপ এতিয়াও ম্লান পৰা নাই৷ দেশজুৰি বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰি হিজাব বিতৰ্ক চৰ্চিত হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো৷ দেশৰ পৰিধি ভাঙি বিদেশতো তুলিছিল আলোড়ণ৷ হিজাব বিতৰ্কক কেন্দ্ৰ কৰিয়ে আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হৈছিল কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণক লৈ কৰা আৱেদনৰ বিশেষ শুনানি৷ শুনানি প্ৰক্ৰিয়াত মুখ্য ন্যায়াধীশে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী যুৱতীৰ বক্তব্য শুনে৷ বিপৰীত পক্ষৰ আৱেদনকাৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত হিজাব নিষেধাজ্ঞাৰ বিৰোধিতা কৰে৷ আৱেদনকাৰীসকলৰ হৈ উপস্থিত হৈ জ্যেষ্ঠ অধিবক্তা অধ্যাপক ৰবিবৰ্মা কুমাৰে কয়, শতাধিক ধৰ্মীয় চিহ্ন আছে আৰু চৰকাৰে কেৱল হিজাব কিয় বাছি লৈছে? হিন্দু আৰু শিখসকলৰো নিজা নিজা ধৰ্মীয় প্ৰতীক আছে, তেন্তে কেৱল এই দৰিদ্ৰ মুছলমান ছোৱালীবোৰকহে কিয় বাছনি কৰা হৈছে? এয়া তেওঁলোকৰ ধৰ্মৰ বাবে নহয় নেকি বুলি প্ৰশ্ন অধিবক্তাগৰাকীৰ৷ তেওঁ লগতে কয়, শ্ৰেণীকোঠাৰ ভিতৰত হিজাব কিয় নিষিদ্ধ কৰাৰ চিন্তা-চৰ্চা চলিছে? হিজাব যদি নিষিদ্ধ হয়, তেন্তে পাগুৰি কিয় নিষিদ্ধ নহয়, বিন্দি (ফোঁট) কিয় নিষিদ্ধ নহয় বুলি অধিবক্তাগৰাকীয়ে আদালতত সৰব হৈ পৰে৷ কৰ্ণাটকৰ বিদ্যালয়সমূহত হিজাব নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা আৱেদনকাৰীসকলে বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত তৰ্ক কৰিছিল। জ্যেষ্ঠ অধিবক্তা অধ্যাপক ৰবিবৰ্মা কুমাৰে লগতে কয়, মুছলমান ছোৱালীৰ বিৰুদ্ধে বৈষম্য সম্পূৰ্ণৰূপে তেওঁলোকৰ ধৰ্মৰ ওপৰত আধাৰিত। ৰবিবৰ্মাই পুনৰ কয়, মুছলমান ছোৱালীবোৰক লগে লগে শাস্তি দিয়া হৈছে, তেওঁলোকক শ্ৰেণীৰ পৰা বাহিৰ কৰি ৰাস্তাত থিয় কৰোৱাসকলক শিক্ষক বুলি ক’ব পাৰিনে? তেওঁ আদালতত তথ্য দাখিল কৰি কয়, শিক্ষাৰ লক্ষ্য হৈছে বহুত্ব, ইউনিফৰ্মৰ প্ৰচাৰ কৰা নহয়। শ্ৰেণীকোঠাতো ৰাষ্ট্ৰৰ বৈচিত্ৰ্যৰ প্ৰতিফলন হ’ব লাগে, যিটো উচ্চতম ন্যায়ালয়েও স্বীকৃতি দি থৈছে৷ সমাজৰ বৈচিত্ৰ্য আৰু বহুত্বৰ মাজত বৈষম্য আৰু ঐক্য বজাই ৰখাটো হৈছে শিক্ষাৰ মূলমন্ত্ৰ। শিক্ষাৰ অধিকাৰ আইনৰ বৈধতা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ অধিবক্তাগৰাকীয়ে কয়, যদি পাগুৰি পিন্ধি থকা লোকসকল সেনাবাহিনীত থাকিব পাৰে, তেন্তে মুছলিম ছোৱালীবোৰক শ্ৰেণীত উপস্থিত থাকিবলৈ কিহে বাধা দিয়ে? দোপাট্টা, চুড়ি, বিন্দি, ডিঙিৰ তলত ক্ৰুচিক্স পিন্ধা শিক্ষাৰ্থীসকলক শ্ৰেণীৰ বাহিৰলৈ প্ৰেৰণ কৰা হোৱা নাই, কেৱল মুছলমান ছাত্ৰীসকলক কিয়? এই ছোৱালীবোৰহে কিয়? এইটো এটা বিষয় যি অনুচ্ছেদ ১৫ৰ অধীনত আহে য’ত ধৰ্মৰ ভিত্তিত বৈষম্যৰ কথা কোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ