--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ হিজাব বিতৰ্কৰ উত্তাপ এতিয়াও ম্লান পৰা নাই৷ দেশজুৰি বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰি হিজাব বিতৰ্ক চৰ্চিত হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো৷ দেশৰ পৰিধি ভাঙি বিদেশতো তুলিছিল আলোড়ণ৷ হিজাব বিতৰ্কক কেন্দ্ৰ কৰিয়ে আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হৈছিল কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণক লৈ কৰা আৱেদনৰ বিশেষ শুনানি৷ শুনানি প্ৰক্ৰিয়াত মুখ্য ন্যায়াধীশে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী যুৱতীৰ বক্তব্য শুনে৷ বিপৰীত পক্ষৰ আৱেদনকাৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত হিজাব নিষেধাজ্ঞাৰ বিৰোধিতা কৰে৷ আৱেদনকাৰীসকলৰ হৈ উপস্থিত হৈ জ্যেষ্ঠ অধিবক্তা অধ্যাপক ৰবিবৰ্মা কুমাৰে কয়, শতাধিক ধৰ্মীয় চিহ্ন আছে আৰু চৰকাৰে কেৱল হিজাব কিয় বাছি লৈছে? হিন্দু আৰু শিখসকলৰো নিজা নিজা ধৰ্মীয় প্ৰতীক আছে, তেন্তে কেৱল এই দৰিদ্ৰ মুছলমান ছোৱালীবোৰকহে কিয় বাছনি কৰা হৈছে? এয়া তেওঁলোকৰ ধৰ্মৰ বাবে নহয় নেকি বুলি প্ৰশ্ন অধিবক্তাগৰাকীৰ৷ তেওঁ লগতে কয়, শ্ৰেণীকোঠাৰ ভিতৰত হিজাব কিয় নিষিদ্ধ কৰাৰ চিন্তা-চৰ্চা চলিছে? হিজাব যদি নিষিদ্ধ হয়, তেন্তে পাগুৰি কিয় নিষিদ্ধ নহয়, বিন্দি (ফোঁট) কিয় নিষিদ্ধ নহয় বুলি অধিবক্তাগৰাকীয়ে আদালতত সৰব হৈ পৰে৷ কৰ্ণাটকৰ বিদ্যালয়সমূহত হিজাব নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা আৱেদনকাৰীসকলে বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত তৰ্ক কৰিছিল। জ্যেষ্ঠ অধিবক্তা অধ্যাপক ৰবিবৰ্মা কুমাৰে লগতে কয়, মুছলমান ছোৱালীৰ বিৰুদ্ধে বৈষম্য সম্পূৰ্ণৰূপে তেওঁলোকৰ ধৰ্মৰ ওপৰত আধাৰিত। ৰবিবৰ্মাই পুনৰ কয়, মুছলমান ছোৱালীবোৰক লগে লগে শাস্তি দিয়া হৈছে, তেওঁলোকক শ্ৰেণীৰ পৰা বাহিৰ কৰি ৰাস্তাত থিয় কৰোৱাসকলক শিক্ষক বুলি ক’ব পাৰিনে? তেওঁ আদালতত তথ্য দাখিল কৰি কয়, শিক্ষাৰ লক্ষ্য হৈছে বহুত্ব, ইউনিফৰ্মৰ প্ৰচাৰ কৰা নহয়। শ্ৰেণীকোঠাতো ৰাষ্ট্ৰৰ বৈচিত্ৰ্যৰ প্ৰতিফলন হ’ব লাগে, যিটো উচ্চতম ন্যায়ালয়েও স্বীকৃতি দি থৈছে৷ সমাজৰ বৈচিত্ৰ্য আৰু বহুত্বৰ মাজত বৈষম্য আৰু ঐক্য বজাই ৰখাটো হৈছে শিক্ষাৰ মূলমন্ত্ৰ। শিক্ষাৰ অধিকাৰ আইনৰ বৈধতা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ অধিবক্তাগৰাকীয়ে কয়, যদি পাগুৰি পিন্ধি থকা লোকসকল সেনাবাহিনীত থাকিব পাৰে, তেন্তে মুছলিম ছোৱালীবোৰক শ্ৰেণীত উপস্থিত থাকিবলৈ কিহে বাধা দিয়ে? দোপাট্টা, চুড়ি, বিন্দি, ডিঙিৰ তলত ক্ৰুচিক্স পিন্ধা শিক্ষাৰ্থীসকলক শ্ৰেণীৰ বাহিৰলৈ প্ৰেৰণ কৰা হোৱা নাই, কেৱল মুছলমান ছাত্ৰীসকলক কিয়? এই ছোৱালীবোৰহে কিয়? এইটো এটা বিষয় যি অনুচ্ছেদ ১৫ৰ অধীনত আহে য’ত ধৰ্মৰ ভিত্তিত বৈষম্যৰ কথা কোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু