--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঞ্জী চিজন এতিয়াও শেষ হোৱা নাই। তাৰ পূৰ্বেই ৫গৰাকী ভাৰতীয় ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰিছিল। চাৰিখন ৰাজ্যৰ এই পাঁচজন ক্ৰিকেটাৰ কোন কোন?

ঘৰুৱা ক্ৰিকেটক বিদায় দিয়াৰ পাল পৰিল মনোজ তিৱাৰীৰ। মনোজৰ দৰে এই ছিজনত আন চাৰিগৰাকীয়ে অৱসৰ ল’লে। গ্ৰুপ পৰ্যায়ৰ পৰা নিজৰ দল বাহিৰ হোৱাত ৰঞ্জীৰ সময়ত তেওঁলোকে এনে সিদ্ধান্ত লৈছিল।এইবাৰ ৰঞ্জী গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছে বংগ। সেই দলৰ অধিনায়ক মনোজে ক্ৰিকেটৰ পৰা অৱসৰ ল’লে।
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১০ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰা মনোজ বংগৰ বেটিঙৰ অন্যতম স্তম্ভ আছিল। ভাৰতৰ হৈ ১৫খন খেল খেলিছিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও শতক গ’ল দিয়ে। তেওঁৰ অৱসৰই নিশ্চিতভাৱে বংগৰ বাবে মধ্যম ক্ৰমত ব্যৱধানৰ সৃষ্টি কৰিব। পৰৱর্তী ছিজনত বংগে মনোজৰ অভাৱ কেনেদৰে ঢাকিব সেয়া সকলোৱে চাব৷

কেৱল মনোজেই নহয়, ঝাৰখণ্ডৰ সৌৰভ তিৱাৰীয়েও অৱসৰ ল’লে। প্ৰথমে বিহাৰৰ হৈ পিছলৈ ঝাৰখণ্ডৰ হৈ খেলা ক্ৰিকেটাৰগৰাকীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৮০৭৬ ৰান সংগ্ৰহ কৰিছে। ভাৰতৰ হৈ তিনিখন এদিনীয়াও খেলিছিল সৌৰভে। কিন্তু সফল নহ’ল। ঘৰুৱা ক্ৰিকেটত যদিও তেওঁ সাৱলীল আছিল। বাওঁহাতৰ বেটছমেনগৰাকীয়ে ঝাৰখণ্ডক নেতৃত্ব দি বহু মেচত জয়লাভ কৰিছে।

কেৱল সৌৰভই নহয়, ঝাৰখণ্ডৰ বৰুণ এৰনেও অৱসৰ গ্ৰহণ কৰিছে। ভাৰতৰ হৈ ৯খন টেষ্ট খেলা এই পেচাৰগৰাকীয়ে ঝাৰখণ্ডৰ বলিং আক্রমণত আগভাগ লৈছিল৷ ভাৰতৰ হৈ বৰুণে ৯ খন এদিনীয়াও খেলিছিল। ২৯টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা ঝাৰখণ্ডৰ পেচাৰগৰাকীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৭৩টা উইকেট দখল কৰিছে। দুয়োজনে এই ছিজনৰ ৰঞ্জী খেলি ক্ৰিকেটৰ পৰা বিদায় লয়। বংগৰ দৰে ঝাৰখণ্ডো গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হ’ল।

মনোজ, সৌৰভ আৰু বৰুণৰ ৰঞ্জী ষ্টিণ্ট শেষ হ’লেও অৱসৰপ্ৰাপ্ত ধভাল কুলকাৰ্ণী আৰু ফাইজ ফজলে নক আউটত খেলাৰ সুযোগ লাভ কৰিব। মুম্বাইৰ পেচাৰ কুলকাৰ্ণীয়ে ভাৰতৰ হৈ ১৪খন খেল খেলিছে। মুম্বাইৰ এই পেচাৰগৰাকীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ২৮১টা উইকেট দখল কৰিছে। এ তালিকা ক্ৰিকেটত কুলকাৰ্ণীয়ে ২২৩টা উইকেট দখল কৰে।

বিদৰ্ভৰ ৰঞ্জী বিজয়ী অধিনায়ক ফাইজেও নক আউটত খেলাৰ সুযোগ পাব। তেওঁ ভাৰতৰ হৈ এখন এদিনীয়া এখন মেচ খেলিছিল। সেই মেচত ফাইজে ৫৫ ৰানত অপৰাজিত আছিল। কিন্তু পাছলৈ ভাৰতৰ হৈ খেলাৰ কোনো সুযোগ নাছিল।

এই ৫জন অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰে কোনোবা নহয় কোনোবা সময়ত ভাৰতৰ হৈ খেলিছে। কিন্তু এতিয়া ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে গুৰুত্ব দিয়া নাই। আই পি এলতো চান্স নাপায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement