--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভমশী কৃষ্ণই ছয় বলত ছটা ছয় মাৰে। বুধবাৰে চি কে নাইডু ট্ৰফীত অন্ধ্ৰ প্ৰদেশৰ যুৱ বেটছমেনগৰাকীয়ে ৬টা বলত ৬টা ছয় মাৰে। ২৩ বছৰ অনুৰ্ধ ক্ৰিকেটাৰগৰাকীয়ে ৰবি শাস্ত্ৰী, যুৱৰাজ সিং আৰু ৰুতুৰাজ গাইকৱাদৰ অভিলেখ স্পৰ্শ কৰে।

অন্ধ্ৰৰ খেলখন আছিল ৰেলৱেৰ বিৰুদ্ধে। সেই মেচত ভামশীয়ে এটা অভাৰত ছয়টা ছয় কৰে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। ১৯৮৫ চনত শাস্ত্ৰীয়ে এটা অভাৰত ৬টা ছয় কৰে। ২০০৭ চনত এই অভিলেখ গঢ়িছিল যুৱৰাজে। ২০২২ চনত ৰুতুৰাজে ৬টা বল মাৰিছিল। কিন্তু ভামশীয়ে তেওঁলোকতকৈ কম বয়সতে এই কৃতিত্ব অৰ্জন কৰিছিল।

ৰে’লৱেৰ হৈ বলিং কৰি আছিল দমনদীপ সিঙে। ভামশীয়ে নিজৰ অভাৰত ৩৬ ৰান সংগ্ৰহ কৰে। অন্ধ্ৰৰ যুৱ বেটছমেনগৰাকীয়ে ৬৪টা বলত ১১০ ৰানৰ ইনিংছ খেলিছিল। চাৰিদিনীয়া খেলত এনে ঘটনা সততে দেখা নাযায়। 

খেলখনত প্ৰথম ইনিংছত ৰেলে ৩৭৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ভামশীৰ ক্ষমতাত অন্ধ্ৰই ৮৬৫ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক