--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভমশী কৃষ্ণই ছয় বলত ছটা ছয় মাৰে। বুধবাৰে চি কে নাইডু ট্ৰফীত অন্ধ্ৰ প্ৰদেশৰ যুৱ বেটছমেনগৰাকীয়ে ৬টা বলত ৬টা ছয় মাৰে। ২৩ বছৰ অনুৰ্ধ ক্ৰিকেটাৰগৰাকীয়ে ৰবি শাস্ত্ৰী, যুৱৰাজ সিং আৰু ৰুতুৰাজ গাইকৱাদৰ অভিলেখ স্পৰ্শ কৰে।

অন্ধ্ৰৰ খেলখন আছিল ৰেলৱেৰ বিৰুদ্ধে। সেই মেচত ভামশীয়ে এটা অভাৰত ছয়টা ছয় কৰে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। ১৯৮৫ চনত শাস্ত্ৰীয়ে এটা অভাৰত ৬টা ছয় কৰে। ২০০৭ চনত এই অভিলেখ গঢ়িছিল যুৱৰাজে। ২০২২ চনত ৰুতুৰাজে ৬টা বল মাৰিছিল। কিন্তু ভামশীয়ে তেওঁলোকতকৈ কম বয়সতে এই কৃতিত্ব অৰ্জন কৰিছিল।

ৰে’লৱেৰ হৈ বলিং কৰি আছিল দমনদীপ সিঙে। ভামশীয়ে নিজৰ অভাৰত ৩৬ ৰান সংগ্ৰহ কৰে। অন্ধ্ৰৰ যুৱ বেটছমেনগৰাকীয়ে ৬৪টা বলত ১১০ ৰানৰ ইনিংছ খেলিছিল। চাৰিদিনীয়া খেলত এনে ঘটনা সততে দেখা নাযায়। 

খেলখনত প্ৰথম ইনিংছত ৰেলে ৩৭৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ভামশীৰ ক্ষমতাত অন্ধ্ৰই ৮৬৫ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক