--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপৰূপ সুন্দৰী ছিনি শ্বেট্টী৷ মেধা আৰু সৌন্দৰ্যৰ আকাৰ ছিনিয়ে এইবাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব৷

২১ বছৰীয়া ছিনি শ্বেট্টীয়ে বৰ্তমান কৰ্ণাটকত বাস কৰে। অৱশ্যে ছিনিৰ জন্ম হৈছিল মুম্বাইত। মিছ ইণ্ডিয়াৰ পূৰ্বে মিছ টেলেণ্ট পুৰস্কাৰো লাভ কৰিছিল। তেওঁ একাউণ্টছত স্নাতক ডিগ্ৰী লাভ কৰে। চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইষ্ট হ’বলৈ তেওঁ সহায়ক হিচাপেও কাম কৰিছিল।

উল্লেখ্য যে ২৭ বছৰৰ পাছত এইবাৰ পুনৰ ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা। ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ সেই সুন্দৰ মুহূৰ্তটো দেশবাসীয়ে প্ৰত্যক্ষ কৰিবলৈ ওলাইছে। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা সংস্থাৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে ৮ জুনত দিল্লীত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰী কৰে।

প্ৰতিযোগিতাখন সম্ভৱতঃ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব। অৱশ্যে তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। যোৱা বছৰ পুৱাৰ্টো ৰিকোৰ ছান জুয়ানে মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰিছিল। বিগত বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া বিজয়ী ছিনি শ্বেট্টীয়ে এইবাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ছিনিয়ে ৪ বছৰ বয়সৰ পৰাই শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। এতিয়াও নিয়মিতভাৱে ভৰতনাট্যম অনুশীলন কৰি আছে। ১৪ বছৰ বয়সত তেওঁ নিজে এখন নৃত্য নাট্য প্ৰযোজনা কৰিছিল যিখন দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল।

ছিনিয়ে সদায় চেষ্টা কৰে যাতে জীৱনৰ প্ৰতিটো মুহূৰ্ত অৰ্থপূৰ্ণ হয়, যাতে মনৰ ভিতৰত সোমাই থাকে। দেশৰ যুৱক-যুৱতীসকলকো তেওঁ একে উপদেশ দিছে।

তেওঁ কয় যে যিখিনি সময় বাকী থাকে সেয়া যেন আমাৰ নিজৰ থাকে, কাৰণ আমি সেই মুহূৰ্তৰ ওচৰত ঋণী। লগতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। জীৱনে দিয়া সকলো সুযোগৰ সুবিধা ল’ব লাগিব।

এইবাৰৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ১৩০ জন সুন্দৰীয়ে অংশগ্ৰহণ কৰিব। তেওঁলোকে নিজৰ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিব। তেওঁলোকে এমাহ ভাৰতত থাকিব। সেই সময়ত তেওঁলোকক দেশৰ সংস্কৃতি আৰু বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব। ভাৰতে এই পৰ্যন্ত ৬ বাৰকৈ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়লাভ কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ