--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপৰূপ সুন্দৰী ছিনি শ্বেট্টী৷ মেধা আৰু সৌন্দৰ্যৰ আকাৰ ছিনিয়ে এইবাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব৷

২১ বছৰীয়া ছিনি শ্বেট্টীয়ে বৰ্তমান কৰ্ণাটকত বাস কৰে। অৱশ্যে ছিনিৰ জন্ম হৈছিল মুম্বাইত। মিছ ইণ্ডিয়াৰ পূৰ্বে মিছ টেলেণ্ট পুৰস্কাৰো লাভ কৰিছিল। তেওঁ একাউণ্টছত স্নাতক ডিগ্ৰী লাভ কৰে। চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইষ্ট হ’বলৈ তেওঁ সহায়ক হিচাপেও কাম কৰিছিল।

উল্লেখ্য যে ২৭ বছৰৰ পাছত এইবাৰ পুনৰ ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা। ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ সেই সুন্দৰ মুহূৰ্তটো দেশবাসীয়ে প্ৰত্যক্ষ কৰিবলৈ ওলাইছে। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা সংস্থাৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে ৮ জুনত দিল্লীত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰী কৰে।

প্ৰতিযোগিতাখন সম্ভৱতঃ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব। অৱশ্যে তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। যোৱা বছৰ পুৱাৰ্টো ৰিকোৰ ছান জুয়ানে মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰিছিল। বিগত বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া বিজয়ী ছিনি শ্বেট্টীয়ে এইবাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ছিনিয়ে ৪ বছৰ বয়সৰ পৰাই শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। এতিয়াও নিয়মিতভাৱে ভৰতনাট্যম অনুশীলন কৰি আছে। ১৪ বছৰ বয়সত তেওঁ নিজে এখন নৃত্য নাট্য প্ৰযোজনা কৰিছিল যিখন দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল।

ছিনিয়ে সদায় চেষ্টা কৰে যাতে জীৱনৰ প্ৰতিটো মুহূৰ্ত অৰ্থপূৰ্ণ হয়, যাতে মনৰ ভিতৰত সোমাই থাকে। দেশৰ যুৱক-যুৱতীসকলকো তেওঁ একে উপদেশ দিছে।

তেওঁ কয় যে যিখিনি সময় বাকী থাকে সেয়া যেন আমাৰ নিজৰ থাকে, কাৰণ আমি সেই মুহূৰ্তৰ ওচৰত ঋণী। লগতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। জীৱনে দিয়া সকলো সুযোগৰ সুবিধা ল’ব লাগিব।

এইবাৰৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ১৩০ জন সুন্দৰীয়ে অংশগ্ৰহণ কৰিব। তেওঁলোকে নিজৰ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিব। তেওঁলোকে এমাহ ভাৰতত থাকিব। সেই সময়ত তেওঁলোকক দেশৰ সংস্কৃতি আৰু বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব। ভাৰতে এই পৰ্যন্ত ৬ বাৰকৈ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়লাভ কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু