--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত পুনৰ বলিছে প্ৰেমৰ বতাহ৷শেহতীয়াকৈ অভিনেত্ৰী তমান্না ভাটিয়া আৰু বিজয় বাৰ্মাৰ সম্পৰ্কক লৈ আলোচনা চলি আহিছে। দুয়োকে বহুবাৰ একেলগে দেখা গৈছে। গোৱাত নৱবৰ্ষৰ পাৰ্টিত দুয়োকে একেলগে দেখা গৈছিল। এই সময়ত দুয়োজনে ইজনে সিজনক সাৱটি ধৰা আৰু ইজনে সিজনক চুম্বন কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। তেতিয়াৰ পৰাই তামান্না আৰু বিজয়ৰ সম্পৰ্কৰ বাতৰিয়ে শিৰোনাম দখল কৰে। ইয়াৰ পাছত দুয়োকে একেলগে ডিনাৰ ডেটত আৰু বিমানবন্দৰত দেখা গৈছিল। এতিয়া তমন্নাই প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত এই সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে।

নেটফ্লিক্সৰ ছবি ‘লাষ্ট ষ্ট’ৰীছ ২’ত একেলগে দেখা তমান্না আৰু বিজয়ৰ ঘনিষ্ঠতা নিজেই শ্বুটিংৰ সময়ত বাঢ়িছিল। ফিল্ম কেম্পেইনাৰক দিয়া এক সাক্ষাৎকাৰত তমান্নাই কয়, ‘এজন ব্যক্তি আছে যাৰ প্ৰতি মই বহুত গুৰুত্ব দিওঁ। সেইজনেই মোৰ সুখ-দুখৰ লগৰী"৷

তমান্না ভাটিয়াই নিজৰ সম্পৰ্কক লৈ কয়, ‘মই নাভাবো যে কাৰোবাৰ সহ-অভিনেতা বুলিয়েই আপুনি কাৰোবাৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে। মোৰ বহু সহ-অভিনেতা আছে। মই ভাবো যদি কোনোবাই কাৰোবাৰ প্ৰেমত পৰিবলগীয়া হয়, কাৰোবাৰ বাবে কিবা এটা অনুভৱ কৰিবলগীয়া হয়, তেন্তে সেয়া একেবাৰেই অতি ব্যক্তিগত। তেওঁলোকে যি কাম কৰে সেয়া ডাঙৰ কথা নহয়, মানে এইটো হোৱাটো প্ৰয়োজনীয় নহয়।

বিজয় বাৰ্মাৰ সৈতে তমান্না ভাটিয়াৰ সম্পৰ্ক সম্পৰ্কে সোধা প্ৰশ্নত তেওঁ কয়, ‘একদম হয়, তেওঁ (বিজয় ভাটিয়া) এনেকুৱা এজন ব্যক্তি যাৰ লগত মই অতি প্ৰণালীবদ্ধভাৱে সংযুক্ত হৈ আছো। হাই এচিভিং মহিলাৰ এটা সমস্যা হ’ল আমি ভাবো যে সকলোখিনি লাভ কৰিবলৈ আমি বহুত কষ্ট কৰিব লাগিব।'













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু