--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগাযোগ শূন্য হৈ নাথাকে চন্দ্ৰপৃষ্ঠ। চলিত বৰ্ষতেই চন্দ্ৰত মোবাইল ফোনৰ নেটৱৰ্ক আৰম্ভ কৰিব বিশ্ব বিখ্যাত মোবাইল ফোনৰ কোম্পানী ন’কিয়াই। প্ৰকাশিত খবৰ অনুসৰি চন্দ্ৰত আৰম্ভ কৰা হ’ব ৪ জি নেটৱৰ্ক। 

কোম্পানীটোৱে প্ৰকাশ কৰা বিৱৰণ অনুসৰি নকিয়াই চন্দ্ৰত ৪ জি ম'বাইল নেটৱৰ্ক মুকলি কৰিবলৈ সকলো প্ৰক্ৰিয়া সাজু কৰি তুলিছে। চিএনবিচিৰ খবৰ অনুসৰি   স্মাৰ্টফোন ব্ৰেণ্ডটোৱে ২০২৩ চনৰ শেষৰ ফালে চন্দ্ৰত যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিব। চন্দ্ৰত ৪ জি নেটৱৰ্ক পোৱাৰ লগে লগে  বিশেষভাবে উপকৃত হ’ব চন্দ্ৰ অভিযানলৈ যোৱা  মহাকাশচাৰীসকল।  খবৰ অনুসৰি প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে অহা মাহবোৰত স্পেচএক্স ৰকেটত নেটৱৰ্ক স্থাপনৰ সকলো সঁজুলি  উৎক্ষেপণ কৰিব আৰু ইয়াক এটা এণ্টেনা-সজ্জিত বেচ ষ্টেচনৰ দ্বাৰা পৰিচালনা কৰা হ'ব ।

 সেই এণ্টেনা নোভা-চি লুনাৰ লেণ্ডাৰত সংৰক্ষণ কৰা হ'ব। ইয়াৰ সৈতে এটা সৌৰ শক্তিচালিত ৰোভাৰো থাকিব।জানিব পৰা মতে  লেণ্ডাৰ আৰু ৰভাৰৰ মাজত এলটিই সংযোগ স্থাপন কৰা হ'ব। শেহতীয়া ৪জি নেটৱৰ্ক নাছাৰ আৰ্টেমিছ ১ অভিযানৰ সময়ত সফলভাবে ব্যৱহাৰ কৰা হ'ব। কোম্পানীটোৱে কৈছে যে  "বিভিন্ন ডাটা ট্ৰেন্সমিচন এপ্লিকেচনৰ বাবে গুৰুত্বপূৰ্ণ যোগাযোগ ক্ষমতা প্ৰদান কৰাত ৪ জি নেটৱৰ্কে সহায় কৰিব, যাৰ ভিতৰত আছে গুৰুত্বপূৰ্ণ কমাণ্ড আৰু কণ্ট্ৰোল ফাংচন, লুনাৰ ৰোভাৰৰ ৰিম'ট কণ্ট্ৰোল, ৰিয়েল-টাইম নেভিগেচন আৰু হাই ডেফিনিশ্বন ভিডিঅ'ৰ ষ্ট্ৰীমিং।" 

নকিয়াৰ এজন কাৰ্যবাহীয়ে প্ৰকাশ কৰিছে যে এই নেটৱৰ্কে ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে যোগাযোগৰ সমস্যা  সমাধান কৰাত সহায় কৰিব। ৪জি নেটৱৰ্কৰ উৎক্ষেপণে মহাকাশচাৰীসকলৰ বাবে সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰাটো সহজ কৰি তুলিব । নকিয়াই এই বছৰৰ শেষৰ ফালে নেটৱৰ্ক মুকলি কৰিব বুলি আশা কৰা হৈছে  নকিয়াই  চন্দ্ৰ ৪ জি  নেটৱৰ্কৰ সহায়ত চন্দ্ৰত থকা বৰফ আৱিষ্কাৰ কৰাৰ লক্ষ্যও স্থিৰ কৰিছে বুলি  জানিব পৰা গৈছে।  চন্দ্ৰপৃষ্ঠৰ  বেছিভাগ ঠাই শুকান। সেয়ে সহজে ৪ জি নেটৱৰ্ক স্থাপন কৰিব পৰা যাব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক