--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগাযোগ শূন্য হৈ নাথাকে চন্দ্ৰপৃষ্ঠ। চলিত বৰ্ষতেই চন্দ্ৰত মোবাইল ফোনৰ নেটৱৰ্ক আৰম্ভ কৰিব বিশ্ব বিখ্যাত মোবাইল ফোনৰ কোম্পানী ন’কিয়াই। প্ৰকাশিত খবৰ অনুসৰি চন্দ্ৰত আৰম্ভ কৰা হ’ব ৪ জি নেটৱৰ্ক। 

কোম্পানীটোৱে প্ৰকাশ কৰা বিৱৰণ অনুসৰি নকিয়াই চন্দ্ৰত ৪ জি ম'বাইল নেটৱৰ্ক মুকলি কৰিবলৈ সকলো প্ৰক্ৰিয়া সাজু কৰি তুলিছে। চিএনবিচিৰ খবৰ অনুসৰি   স্মাৰ্টফোন ব্ৰেণ্ডটোৱে ২০২৩ চনৰ শেষৰ ফালে চন্দ্ৰত যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিব। চন্দ্ৰত ৪ জি নেটৱৰ্ক পোৱাৰ লগে লগে  বিশেষভাবে উপকৃত হ’ব চন্দ্ৰ অভিযানলৈ যোৱা  মহাকাশচাৰীসকল।  খবৰ অনুসৰি প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে অহা মাহবোৰত স্পেচএক্স ৰকেটত নেটৱৰ্ক স্থাপনৰ সকলো সঁজুলি  উৎক্ষেপণ কৰিব আৰু ইয়াক এটা এণ্টেনা-সজ্জিত বেচ ষ্টেচনৰ দ্বাৰা পৰিচালনা কৰা হ'ব ।

 সেই এণ্টেনা নোভা-চি লুনাৰ লেণ্ডাৰত সংৰক্ষণ কৰা হ'ব। ইয়াৰ সৈতে এটা সৌৰ শক্তিচালিত ৰোভাৰো থাকিব।জানিব পৰা মতে  লেণ্ডাৰ আৰু ৰভাৰৰ মাজত এলটিই সংযোগ স্থাপন কৰা হ'ব। শেহতীয়া ৪জি নেটৱৰ্ক নাছাৰ আৰ্টেমিছ ১ অভিযানৰ সময়ত সফলভাবে ব্যৱহাৰ কৰা হ'ব। কোম্পানীটোৱে কৈছে যে  "বিভিন্ন ডাটা ট্ৰেন্সমিচন এপ্লিকেচনৰ বাবে গুৰুত্বপূৰ্ণ যোগাযোগ ক্ষমতা প্ৰদান কৰাত ৪ জি নেটৱৰ্কে সহায় কৰিব, যাৰ ভিতৰত আছে গুৰুত্বপূৰ্ণ কমাণ্ড আৰু কণ্ট্ৰোল ফাংচন, লুনাৰ ৰোভাৰৰ ৰিম'ট কণ্ট্ৰোল, ৰিয়েল-টাইম নেভিগেচন আৰু হাই ডেফিনিশ্বন ভিডিঅ'ৰ ষ্ট্ৰীমিং।" 

নকিয়াৰ এজন কাৰ্যবাহীয়ে প্ৰকাশ কৰিছে যে এই নেটৱৰ্কে ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে যোগাযোগৰ সমস্যা  সমাধান কৰাত সহায় কৰিব। ৪জি নেটৱৰ্কৰ উৎক্ষেপণে মহাকাশচাৰীসকলৰ বাবে সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰাটো সহজ কৰি তুলিব । নকিয়াই এই বছৰৰ শেষৰ ফালে নেটৱৰ্ক মুকলি কৰিব বুলি আশা কৰা হৈছে  নকিয়াই  চন্দ্ৰ ৪ জি  নেটৱৰ্কৰ সহায়ত চন্দ্ৰত থকা বৰফ আৱিষ্কাৰ কৰাৰ লক্ষ্যও স্থিৰ কৰিছে বুলি  জানিব পৰা গৈছে।  চন্দ্ৰপৃষ্ঠৰ  বেছিভাগ ঠাই শুকান। সেয়ে সহজে ৪ জি নেটৱৰ্ক স্থাপন কৰিব পৰা যাব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক