--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অপূৰ্ব ৰূপত ভাৰতক উপস্থাপন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানটোৱে মুঠ ২,৯৩৯ খন ছবি  একত্ৰিত কৰাৰ পিছত ভাৰতৰ এনে  এক অনন্য দৃশ্য পোৱা গৈছে। প্ৰতি খন মহাদেশ এই ছবিত বেলেগ বেলেগ ৰূপত দেখুওৱা হৈছে। এই উচ্চ মানৰ ছবিবোৰত পৃথিৱীখনক সম্পূৰ্ণ বেলেগ ৰূপত দেখা গৈছে। 

মহাসাগৰৰ কালাৰ মনিটৰ (ওচিএম) পদ্ধতি, পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ (ই.ও.এছ.-০৬) বা ওচেনছেট-৩ ব্যৱহাৰ কৰি পৃথিৱীৰ এনে আশ্চৰ্যকৰ ছবি তুলিবলৈ সক্ষম হৈছে ইছৰোই। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ  তথ্য অনুসৰি ছবিবোৰ মহাকাশৰ পৰা তোলা হৈছে আৰু  ৰাষ্ট্ৰীয় ৰিম'ট চেঞ্চিং চেণ্টাৰ (এনআৰএছচি)ৰ সৈতে লগ লাগি তাক একত্ৰিত কৰা হৈছে। 

প্ৰতিটো মোজাইকত ৩০০ জিবি ডাটা আছে। মুঠ ২,৯৩৯ খন ছবি  একত্ৰিত কৰাৰ পিছত এনে এক অনন্য দৃশ্য পোৱা গৈছে।  এই সকলোবোৰ ছবিৰ ভিতৰত ভাৰত অনন্য ৰূপত জিলিকি আছে। তৰংগ দৈৰ্ঘ্যৰ তাৰতম্যৰ বাবে বিভিন্ন মহাদেশসমূহক বিভিন্ন ৰঙত দেখা গৈছে। সাগৰৰ কালাৰ  মনিটৰৰ সহায়ত লোৱা ছবিবোৰে পৃথিৱীৰ চাৰিওফালে ভূমি আৰু মহাসাগৰত কেনে ধৰণৰ  উদ্ভিদ আছে তাৰো ধাৰণা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement