--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন চলন্ত ৰে’ল। গন্তব্যস্থান অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে হঠাতে ৰে’লৰ ইঞ্জিন আৰু সমুখৰ কেইটামান ডবাৰ পৰা বিচ্ছিন্ন হৈ পৰে পিছৰ কেইবাটাও ডবা। এই আকস্মিক ঘটনাত আতংকিত হৈ পৰে ডবাকেইটাত থকা যাত্ৰীসকল। অৱশ্যে কোনো হানি-বিঘিনি নঘটাকৈ ৰক্ষা পৰে ৰে’লযাত্ৰীসকল।

এই ঘটনা আজি সংঘটিত হৈছে বিহাৰত। বিহাৰৰ মাঝাউলিয়া ষ্টেচনৰ সমীপত চলন্ত অৱস্থাত এই উদ্বেগজনক অঘটনৰ সৃষ্টি হয় ৰক্সাউল-আনন্দ বিহাৰ সত্যগ্ৰহ এক্সপ্ৰেছত।

ৰাক্সাউলৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেল অভিমুখে যাত্ৰা কৰা সত্যগ্ৰহ এক্সপ্ৰেছ সূচী অনুসৰি কিছু মুহূৰ্তৰ বাবে মাঝৌলীয়া ষ্টেচনত ৰয়। কিন্তু মাঝৌলীয়া ষ্টেচন পৰা ওলোৱাৰ সময়তে সমুখৰ ডবা তথা ইঞ্জিনৰ পৰা পৃথক হৈ পৰে ডবাকেইটা।

ৰে’লখনৰ এটা অংশ ইঞ্জিনৰ সৈতে ১০০ মিটাৰ আগুৱাই যোৱাৰ বিপৰীতে ৰে’লৰ আন আধা অংশ ষ্টেচনতে থাকি যায়।

অৱশ্যে ৰে’লখনৰ গতিবেগ মন্থৰ হোৱাৰ বাবে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে। যাত্ৰীসকল কিছু মুহূৰ্তৰ বাবে এই ঘটনাত আতংকিত হৈ পৰে যদিও কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে ৰে’ল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। বিভাগে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক