--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন চলন্ত ৰে’ল। গন্তব্যস্থান অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে হঠাতে ৰে’লৰ ইঞ্জিন আৰু সমুখৰ কেইটামান ডবাৰ পৰা বিচ্ছিন্ন হৈ পৰে পিছৰ কেইবাটাও ডবা। এই আকস্মিক ঘটনাত আতংকিত হৈ পৰে ডবাকেইটাত থকা যাত্ৰীসকল। অৱশ্যে কোনো হানি-বিঘিনি নঘটাকৈ ৰক্ষা পৰে ৰে’লযাত্ৰীসকল।

এই ঘটনা আজি সংঘটিত হৈছে বিহাৰত। বিহাৰৰ মাঝাউলিয়া ষ্টেচনৰ সমীপত চলন্ত অৱস্থাত এই উদ্বেগজনক অঘটনৰ সৃষ্টি হয় ৰক্সাউল-আনন্দ বিহাৰ সত্যগ্ৰহ এক্সপ্ৰেছত।

ৰাক্সাউলৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেল অভিমুখে যাত্ৰা কৰা সত্যগ্ৰহ এক্সপ্ৰেছ সূচী অনুসৰি কিছু মুহূৰ্তৰ বাবে মাঝৌলীয়া ষ্টেচনত ৰয়। কিন্তু মাঝৌলীয়া ষ্টেচন পৰা ওলোৱাৰ সময়তে সমুখৰ ডবা তথা ইঞ্জিনৰ পৰা পৃথক হৈ পৰে ডবাকেইটা।

ৰে’লখনৰ এটা অংশ ইঞ্জিনৰ সৈতে ১০০ মিটাৰ আগুৱাই যোৱাৰ বিপৰীতে ৰে’লৰ আন আধা অংশ ষ্টেচনতে থাকি যায়।

অৱশ্যে ৰে’লখনৰ গতিবেগ মন্থৰ হোৱাৰ বাবে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে। যাত্ৰীসকল কিছু মুহূৰ্তৰ বাবে এই ঘটনাত আতংকিত হৈ পৰে যদিও কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে ৰে’ল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। বিভাগে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু