--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হৈছে ২২.৭৬ কোটি টকা। বৃহস্পতিবাৰে ৰাজ্যসভাত কেন্দ্ৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হয়।

চৰকাৰে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰপতিয়ে এই সময়ছোৱাত আঠবাৰ বিদেশ ভ্ৰমণ কৰিছে। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ৬.২৪ কোটি টকা খৰচ হৈছে।

ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণে এইকথা সদৰী কৰে। তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰপতিৰ বাবে ৬ কোটি ২৪ লাখ ৩১ হাজাৰ ৪২৪টকা আৰু প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ বাবে ২২ কোটি ৭৬ লাখ ৭৬ হাজাৰ ৯৩৪ টকা ব্যয় কৰিছিল।

আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বিদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ ২০ কোটি ৮৭ লাখ ১হাজাৰ ৪৭৫ টকা খৰচ হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ২০১৯ ৰ পৰা ৮৬ টা বিদেশ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে জাপানলৈ গৈছে তিনিবাৰ, দুবাৰকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত আৰৱ আমিৰাত ভ্ৰমণ কৰিছে।

উক্ত সময়ছোৱাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰা আঠটা বিদেশ ভ্ৰমণৰ ভিতৰত  সাতবাৰতেই ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ৰামনাথ কোবিন্দ। যোৱা বছৰ ছেপ্টেম্বৰত বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই ইংলেণ্ড ভ্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement