--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হৈছে ২২.৭৬ কোটি টকা। বৃহস্পতিবাৰে ৰাজ্যসভাত কেন্দ্ৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হয়।

চৰকাৰে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰপতিয়ে এই সময়ছোৱাত আঠবাৰ বিদেশ ভ্ৰমণ কৰিছে। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ৬.২৪ কোটি টকা খৰচ হৈছে।

ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণে এইকথা সদৰী কৰে। তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰপতিৰ বাবে ৬ কোটি ২৪ লাখ ৩১ হাজাৰ ৪২৪টকা আৰু প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ বাবে ২২ কোটি ৭৬ লাখ ৭৬ হাজাৰ ৯৩৪ টকা ব্যয় কৰিছিল।

আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বিদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ ২০ কোটি ৮৭ লাখ ১হাজাৰ ৪৭৫ টকা খৰচ হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ২০১৯ ৰ পৰা ৮৬ টা বিদেশ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে জাপানলৈ গৈছে তিনিবাৰ, দুবাৰকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত আৰৱ আমিৰাত ভ্ৰমণ কৰিছে।

উক্ত সময়ছোৱাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰা আঠটা বিদেশ ভ্ৰমণৰ ভিতৰত  সাতবাৰতেই ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ৰামনাথ কোবিন্দ। যোৱা বছৰ ছেপ্টেম্বৰত বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই ইংলেণ্ড ভ্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু