--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বৃদ্ধি পাইছে ৰে’লত চুৰি কাণ্ডৰ ঘটনা। চোৰে বিভিন্ন কৌশল ব্যৱহাৰ কৰি যাত্ৰীক আক্ৰমণ কৰি তেওঁলোকৰ বহুমূলীয়া সামগ্ৰী চুৰি কৰে। শেহতীয়াকৈ এজন চোৰে এগৰাকী মহিলাৰ চেইন কাঢ়ি নিবলৈ চেষ্টা কৰা ভিডিঅ’ চিচিটিভি ফুটেজত পোহৰলৈ আহিছে। 

এই ভিডিঅ'টোত চোৰে তৎক্ষণাত শাস্তি পাইছিল, যাক মানুহে বেয়া কামৰ তৎক্ষণাত শাস্তি লাভ কৰা বুলি অভিহিত কৰিছে। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ'টো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা হৈছে, য'ত লিখা আছে, "ৰে'লেৰে যাত্ৰা কৰাৰ সময়ত সাৱধান হওক।" ভিডিঅ’টোত দেখা গৈছে যে এজন লোক কেনেকৈ দুৱাৰৰ ওচৰত থিয় হৈ আছে। সেইসময়তে তেওঁ দেখা পায় দুগৰাকী বয়সস্থ মহিলাক। তাৰে এগৰাকী মহিলাৰ ডিঙিৰ চেইন টানিবলৈ চেষ্টা কৰে লোকজনে। এই কাণ্ডত মহিলাগৰাকীয়ে বহুত ভয় খায়। পাছে বেয়া কৰ্মৰ ফল তুৰন্তে লাভ কৰিলে লোকজনে। চেইনডাল টনাৰ চেষ্টা কৰি থাকোঁতে তেওঁ ভাৰসাম্য হেৰুৱাই চলন্ত ৰে'লৰ পৰা পৰি যায়।

চাওক ভিডিঅ

 

 


তেওঁ ডবাৰ পৰা তললৈ পৰি যোৱা ঘটনা চিচিটিভিৰ ফুটেজত বন্দী হৈছে। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।  ভিডিঅ’টো চোৱাসকলে নিজৰ মতামত প্ৰদান কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "অপ্ৰত্যাশিত! এতিয়া আমি আৰু অধিক সাৱধান হ'ব লাগিব। জনা নাছিলো যে চলন্ত ৰে'লতো এনে কাণ্ড ঘটে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ