--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান কথা ইমানেই ৰহস্যময় যে বিজ্ঞানে হাজাৰ গৱেষণা কৰিও তাৰ উত্তৰ উলিয়াব নোৱাৰে। তেনে এক ৰহস্যময় ঘটনা দেখিবলৈ পোৱা যায় তামিলনাডুৰ ভিল্লুপুৰম মন্দিৰত। ভিল্লুপুৰম মন্দিৰত জনসাধাৰণে পূজা কৰে ভগৱান মুৰুগাক। 

ভগৱান মুৰুগাৰ পবিত্ৰ অস্ত্ৰ যাঠিত শালি থোৱা ৯টা নেমুৰ নিলামত উঠিল ২.৩৬ লাখ টকা। ৯ দিনত প্ৰত্যেকদিনাই ভগৱান মুৰুগাৰ যাঠিত একোটাকৈ নেমু লগোৱা হৈছিল। ভক্তসকলৰ মতে এই নেমুৰ পৰা তৈয়াৰী চৰ্বত সেৱন কৰিলে বন্ধ্যাত্ব নিৰাময় হয় আৰু পৰিয়াললৈ সমৃদ্ধি আহে। নিঃসন্তান দম্পতীৰ ঘৰলৈ আগমন ঘটে দেৱশিশুৰ।

গাঁৱৰ এজন লোকে কয় যে, "মন্দিৰটো পবিত্ৰ নেমুৰ বাবে বিখ্যাত। মানুহে দৃঢ়ভাৱে বিশ্বাস কৰে যে ভগৱান মুৰুগাৰ যাঠিত শালি দিয়া নেমুবোৰৰ যাদুকৰী শক্তি আছে।"

বাৰ্ষিক পাংগুনি উথিৰাম উৎসৱৰ সময়ত এই নেমু নিলাম কৰা হয়। ভিল্লুপুৰমৰ তিৰুৱনৈনালুৰ গাঁৱৰ দুটা পাহাৰৰ সংগমস্থলীত অৱস্থিত এটা সৰু মন্দিৰত এই উৎসৱ উদযাপন কৰা হয়। এই মন্দিৰলৈ আহি কেইবাটাও নিঃসন্তান দম্পতীয়ে ভগৱান মুৰুগাক দৰ্শন কৰে আৰু মন্দিৰ পৰিচালনা সমিতিয়ে নিলাম কৰা নেমুৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।

এজন গাঁওবাসীয়ে কয় "সন্তানহীন দম্পতীয়ে নেমু কিনে কাৰণ এই নেমুয়ে বন্ধ্যাত্ব নিৰাময় কৰে বুলি প্ৰবল বিশ্বাস আছে। কেৱল এয়াই নহয় ব্যৱসায়ীসকলেও নিজৰ ব্যৱসায়ত সমৃদ্ধি বিচাৰি নেমু ক্ৰয় কৰে।"

উৎসৱৰ ন দিনত মন্দিৰৰ পুৰোহিতসকলে প্ৰতিদিনে এটা নেমু যাঠিত শালি দিয়ে। মন্দিৰ পৰিচালনা সমিতিয়ে উৎসৱৰ অন্তিম দিনা নেমু নিলাম কৰে। উৎসৱৰ প্ৰথম দিনাই যাঠিত শালি দিয়া নেমুটো "আটাইতকৈ শুভ আৰু শক্তিশালী" বুলি বিশ্বাস কৰা হয়। 

কুলাথুৰ গাঁৱৰ এক দম্পতীয়ে ৫০,৫০০ টকাত ক্ৰয় কৰে নেমুটো। ৯ দিনৰ ৯টা নেমুত মুঠ নিলামৰ টকা হয় ২.৩৬ লাখ টকা। 
বছৰ বছৰ ধৰি এই মন্দিৰত উদযাপন কৰি অহা হৈছে এই উৎসৱ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ