--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান কথা ইমানেই ৰহস্যময় যে বিজ্ঞানে হাজাৰ গৱেষণা কৰিও তাৰ উত্তৰ উলিয়াব নোৱাৰে। তেনে এক ৰহস্যময় ঘটনা দেখিবলৈ পোৱা যায় তামিলনাডুৰ ভিল্লুপুৰম মন্দিৰত। ভিল্লুপুৰম মন্দিৰত জনসাধাৰণে পূজা কৰে ভগৱান মুৰুগাক। 

ভগৱান মুৰুগাৰ পবিত্ৰ অস্ত্ৰ যাঠিত শালি থোৱা ৯টা নেমুৰ নিলামত উঠিল ২.৩৬ লাখ টকা। ৯ দিনত প্ৰত্যেকদিনাই ভগৱান মুৰুগাৰ যাঠিত একোটাকৈ নেমু লগোৱা হৈছিল। ভক্তসকলৰ মতে এই নেমুৰ পৰা তৈয়াৰী চৰ্বত সেৱন কৰিলে বন্ধ্যাত্ব নিৰাময় হয় আৰু পৰিয়াললৈ সমৃদ্ধি আহে। নিঃসন্তান দম্পতীৰ ঘৰলৈ আগমন ঘটে দেৱশিশুৰ।

গাঁৱৰ এজন লোকে কয় যে, "মন্দিৰটো পবিত্ৰ নেমুৰ বাবে বিখ্যাত। মানুহে দৃঢ়ভাৱে বিশ্বাস কৰে যে ভগৱান মুৰুগাৰ যাঠিত শালি দিয়া নেমুবোৰৰ যাদুকৰী শক্তি আছে।"

বাৰ্ষিক পাংগুনি উথিৰাম উৎসৱৰ সময়ত এই নেমু নিলাম কৰা হয়। ভিল্লুপুৰমৰ তিৰুৱনৈনালুৰ গাঁৱৰ দুটা পাহাৰৰ সংগমস্থলীত অৱস্থিত এটা সৰু মন্দিৰত এই উৎসৱ উদযাপন কৰা হয়। এই মন্দিৰলৈ আহি কেইবাটাও নিঃসন্তান দম্পতীয়ে ভগৱান মুৰুগাক দৰ্শন কৰে আৰু মন্দিৰ পৰিচালনা সমিতিয়ে নিলাম কৰা নেমুৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।

এজন গাঁওবাসীয়ে কয় "সন্তানহীন দম্পতীয়ে নেমু কিনে কাৰণ এই নেমুয়ে বন্ধ্যাত্ব নিৰাময় কৰে বুলি প্ৰবল বিশ্বাস আছে। কেৱল এয়াই নহয় ব্যৱসায়ীসকলেও নিজৰ ব্যৱসায়ত সমৃদ্ধি বিচাৰি নেমু ক্ৰয় কৰে।"

উৎসৱৰ ন দিনত মন্দিৰৰ পুৰোহিতসকলে প্ৰতিদিনে এটা নেমু যাঠিত শালি দিয়ে। মন্দিৰ পৰিচালনা সমিতিয়ে উৎসৱৰ অন্তিম দিনা নেমু নিলাম কৰে। উৎসৱৰ প্ৰথম দিনাই যাঠিত শালি দিয়া নেমুটো "আটাইতকৈ শুভ আৰু শক্তিশালী" বুলি বিশ্বাস কৰা হয়। 

কুলাথুৰ গাঁৱৰ এক দম্পতীয়ে ৫০,৫০০ টকাত ক্ৰয় কৰে নেমুটো। ৯ দিনৰ ৯টা নেমুত মুঠ নিলামৰ টকা হয় ২.৩৬ লাখ টকা। 
বছৰ বছৰ ধৰি এই মন্দিৰত উদযাপন কৰি অহা হৈছে এই উৎসৱ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু