--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালবাহী ৰে’লত ষ্টাণ্ট কৰিছিল দুই যুৱকে। ভাইৰেল হ’ল ষ্টাণ্ট কৰা ভিডিঅ’। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই যুৱকক। এই ঘটনা গ্ৰেটাৰ নয়ডাৰ। ভিডিঅ’টোত দেখা গৈছে দুজন যুৱকে মালবাহী ৰে’লত থিয় হৈ পেশী দেখুৱাই ষ্টাণ্ট কৰি আছিল। এই ভিডিঅ’ ওলোৱাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

হাই টেনচন লাইনটোও ৰে’লৰ ওপৰেৰে গৈ আছে যদিও যুৱককেইজনে নিজৰ জীৱনক গুৰুত্ব নিদিয়াকৈয়ে জীৱন বিপন্ন কৰি ষ্টাণ্ট কৰি আছিল।  ৰিংকু (২২ বছৰ) আৰু প্ৰিন্স (১৯ বছৰ) নামৰ যুৱক দুজনক আৰক্ষী থানা জাৰ্চা আৰু আৰ পি এফে গ্ৰেপ্তাৰ কৰিছে। দুয়োজনেই গৌতম বুদ্ধৰ বাসিন্দা।

ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে মালবাহী ৰে’লত দুজন যুৱকে ডবাবোৰৰ ওপৰত থিয় হৈ আছে আৰু হাই টেনচন লাইনটোও সেই ল’ৰা দুজনৰ ওপৰেৰে পাৰ হৈ গৈছে। ইয়াৰ পাছতো জীৱনৰ কথা চিন্তা নকৰাকৈয়ে যুৱক দুজনে ষ্টাণ্ট কৰি আছে। ৰেলত থিয় হৈ যুৱক দুজনে নিজৰ পেশী দেখুৱাইছে।

এই ভিডিঅ'টো ছচিয়েল মিডিয়া একাউণ্টত আপলোড কৰে যুৱক দুজনে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে