--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালবাহী ৰে’লত ষ্টাণ্ট কৰিছিল দুই যুৱকে। ভাইৰেল হ’ল ষ্টাণ্ট কৰা ভিডিঅ’। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই যুৱকক। এই ঘটনা গ্ৰেটাৰ নয়ডাৰ। ভিডিঅ’টোত দেখা গৈছে দুজন যুৱকে মালবাহী ৰে’লত থিয় হৈ পেশী দেখুৱাই ষ্টাণ্ট কৰি আছিল। এই ভিডিঅ’ ওলোৱাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

হাই টেনচন লাইনটোও ৰে’লৰ ওপৰেৰে গৈ আছে যদিও যুৱককেইজনে নিজৰ জীৱনক গুৰুত্ব নিদিয়াকৈয়ে জীৱন বিপন্ন কৰি ষ্টাণ্ট কৰি আছিল।  ৰিংকু (২২ বছৰ) আৰু প্ৰিন্স (১৯ বছৰ) নামৰ যুৱক দুজনক আৰক্ষী থানা জাৰ্চা আৰু আৰ পি এফে গ্ৰেপ্তাৰ কৰিছে। দুয়োজনেই গৌতম বুদ্ধৰ বাসিন্দা।

ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে মালবাহী ৰে’লত দুজন যুৱকে ডবাবোৰৰ ওপৰত থিয় হৈ আছে আৰু হাই টেনচন লাইনটোও সেই ল’ৰা দুজনৰ ওপৰেৰে পাৰ হৈ গৈছে। ইয়াৰ পাছতো জীৱনৰ কথা চিন্তা নকৰাকৈয়ে যুৱক দুজনে ষ্টাণ্ট কৰি আছে। ৰেলত থিয় হৈ যুৱক দুজনে নিজৰ পেশী দেখুৱাইছে।

এই ভিডিঅ'টো ছচিয়েল মিডিয়া একাউণ্টত আপলোড কৰে যুৱক দুজনে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু