--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ দুৰন্ত ঘোঁৰাক ৰুধিবলৈ ঐক্যবদ্ধ হৈছে বিৰোধী। বিহাৰৰ ৰাজধানী পাটনাত চলিছে বিৰোধীয়ে বিজেপিক ৰোধ কৰাৰ মন্ত্ৰণা। এনে সময়তে কেন্দ্ৰীয়  গৃহ মন্ত্ৰী অমিত শ্বাহে  পাটনাত অনুষ্ঠিত বিৰোধীৰ সন্মিলনক বিৰোধী দলৰ নেতাৰ ফটো ছেছন আখ্যা দিছে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক কোনো পধ্যেই বিৰোধীয়ে ৰুধিব নোৱাৰিব বুলিও শ্বাহে মন্তব্য কৰে।

 বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনাত আহ্বান কৰা  বিজেপি বিৰোধী দলসমূহৰ বৈঠক সন্দৰ্ভত  শ্বাহে কয়, "তাত ফটো ছেছনন অনুষ্ঠিত হৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোনো বিৰোধী মিত্ৰতাৰ সম্ভাৱনা নাই। ''তেওঁ লগতে কয় যে  যদি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে  বিজেপি বিৰোধী দলসমূহৰ  মিত্ৰতা হয়, তেন্তে বিজেপিয়ে  চিন্তা কৰাৰ কোনো কাৰণ দেখা নাই।  তেওঁ কয়, "মই সেই বিৰোধী নেতাসকলক ক'ব বিচাৰো যে আপোনালোকৰ  একতা প্ৰায় অসম্ভৱ আৰু শেষত  ই বাস্তৱ হৈ নুঠে। অনুগ্ৰহ কৰি সেই একতা জনসাধাৰণৰ আগত প্ৰমাণ কৰক। ২০২৪ চনত আপোনালোকে  ৩০০ তকৈ অধিক আসনৰ সৈতে নৰেন্দ্ৰ মোদীয়ে কৰিবলগীয়া  প্ৰত্যাৱৰ্তন বন্ধ কৰিব নোৱাৰে। ''

উল্লেখ্য শুক্ৰবাৰে আবেলিৰে পৰা পাটনাত ১৫ টা বিৰোধী দলৰ শীৰ্ষ নেতাই নীতিশ কুমাৰৰ বাসভৱনত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি বিৰোধী মিত্ৰতা গঠনৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছে। তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী , দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আদিৰ লগতে  কংগ্ৰেছ নেতা ৰাহুল গান্ধী, দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ সভানেত্ৰী মেহবুবা মুফতি, ডিএমকেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আদি ৰাজনীতিকসকল উপস্থিত থাকে।


এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু তেওঁৰ জীয়ৰী সুপ্ৰিয়া চুলে, জেএমএমৰ মুৰব্বী তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চিপিআই(এম)ৰ সাধাৰণ সম্পাদক ডি ৰাজা, চিপিআইএমএল লিবাৰেচনৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্য, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  ওমৰ আব্দুল্লা, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনা (বালাচাহেব)ৰ মুৰব্বী উদ্ধৱ ঠাকৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী  নেতা  অখিলেশ যাদৱো এই বৈঠকত উপস্থিত থাকে। সভাত আৰজেডি ৰ মুৰব্বী লালু প্ৰসাদ আৰু তেওঁৰ পুত্ৰ তথা বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও অংশগ্ৰহণ কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement