--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ দুৰন্ত ঘোঁৰাক ৰুধিবলৈ ঐক্যবদ্ধ হৈছে বিৰোধী। বিহাৰৰ ৰাজধানী পাটনাত চলিছে বিৰোধীয়ে বিজেপিক ৰোধ কৰাৰ মন্ত্ৰণা। এনে সময়তে কেন্দ্ৰীয়  গৃহ মন্ত্ৰী অমিত শ্বাহে  পাটনাত অনুষ্ঠিত বিৰোধীৰ সন্মিলনক বিৰোধী দলৰ নেতাৰ ফটো ছেছন আখ্যা দিছে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক কোনো পধ্যেই বিৰোধীয়ে ৰুধিব নোৱাৰিব বুলিও শ্বাহে মন্তব্য কৰে।

 বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনাত আহ্বান কৰা  বিজেপি বিৰোধী দলসমূহৰ বৈঠক সন্দৰ্ভত  শ্বাহে কয়, "তাত ফটো ছেছনন অনুষ্ঠিত হৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোনো বিৰোধী মিত্ৰতাৰ সম্ভাৱনা নাই। ''তেওঁ লগতে কয় যে  যদি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে  বিজেপি বিৰোধী দলসমূহৰ  মিত্ৰতা হয়, তেন্তে বিজেপিয়ে  চিন্তা কৰাৰ কোনো কাৰণ দেখা নাই।  তেওঁ কয়, "মই সেই বিৰোধী নেতাসকলক ক'ব বিচাৰো যে আপোনালোকৰ  একতা প্ৰায় অসম্ভৱ আৰু শেষত  ই বাস্তৱ হৈ নুঠে। অনুগ্ৰহ কৰি সেই একতা জনসাধাৰণৰ আগত প্ৰমাণ কৰক। ২০২৪ চনত আপোনালোকে  ৩০০ তকৈ অধিক আসনৰ সৈতে নৰেন্দ্ৰ মোদীয়ে কৰিবলগীয়া  প্ৰত্যাৱৰ্তন বন্ধ কৰিব নোৱাৰে। ''

উল্লেখ্য শুক্ৰবাৰে আবেলিৰে পৰা পাটনাত ১৫ টা বিৰোধী দলৰ শীৰ্ষ নেতাই নীতিশ কুমাৰৰ বাসভৱনত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি বিৰোধী মিত্ৰতা গঠনৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছে। তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী , দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আদিৰ লগতে  কংগ্ৰেছ নেতা ৰাহুল গান্ধী, দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ সভানেত্ৰী মেহবুবা মুফতি, ডিএমকেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আদি ৰাজনীতিকসকল উপস্থিত থাকে।


এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু তেওঁৰ জীয়ৰী সুপ্ৰিয়া চুলে, জেএমএমৰ মুৰব্বী তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চিপিআই(এম)ৰ সাধাৰণ সম্পাদক ডি ৰাজা, চিপিআইএমএল লিবাৰেচনৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্য, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  ওমৰ আব্দুল্লা, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনা (বালাচাহেব)ৰ মুৰব্বী উদ্ধৱ ঠাকৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী  নেতা  অখিলেশ যাদৱো এই বৈঠকত উপস্থিত থাকে। সভাত আৰজেডি ৰ মুৰব্বী লালু প্ৰসাদ আৰু তেওঁৰ পুত্ৰ তথা বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও অংশগ্ৰহণ কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু