--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰসমূহক সৰ্বাধিক প্ৰব্ৰজিত শ্ৰমিকক ৰেচন নিশ্চিত কৰাৰ বাবে পদ্ধতি উদ্ভাৱন কৰিবলৈ নিৰ্দেশ দিয়াৰ সময়তে উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে আশ্চৰ্যজনক তথ্য প্ৰকাশ কৰিছে। ‘আমাৰ উন্নয়নৰ পিছতো মানুহ ভোকত মৃত্যুমুখত পৰিছে’ বুলিও মতপোষণ কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ বি ভি নাগাৰত্নৰ নেতৃত্বত গঠিত বিচাৰপীঠে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই বিষয়ে সদৰী কৰে। ২০২০ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ সমস্যা আৰু অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিছিল। প্ৰব্ৰজিত শ্ৰমিকসকলে জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকৰ অধিকাৰ ক’ৰ পৰাও আওকাণ কৰিব নোৱাৰি বুলি আদালতে কয়। একে সময়তে আদালতে কেন্দ্রক এনে এটা ব্যৱস্থাৰ বাবে আহ্বান জনায়, যাতে প্রব্রজিত শ্রমিকসকলে ৰেচন কাৰ্ড অবিহনে খাদ্য শস্য লাভ কৰিব পাৰে৷

উচ্চতম ন্যায়ালয়ে কয় যে, কেন্দ্ৰই আৰম্ভ কৰা কল্যাণমূলক আঁচনিসমূহে সৰ্বাধিক সংখ্যক শ্ৰমিক লাভ কৰিব লাগে আৰু ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় চৰকাৰক সহযোগিতা আগবঢ়াব লাগিব। আমাৰ দেশত দুজন ব্যক্তি অতি গুৰুত্বপূৰ্ণ। প্ৰথম কৃষক আৰু দ্বিতীয়তে প্ৰব্ৰজিত শ্ৰমিক। ৰাষ্ট্ৰনিৰ্মাণতো প্ৰব্ৰজনকাৰীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ অধিকাৰ সমূহকো আওকাণ কৰিব নোৱাৰি৷ গতিকে, তেওঁলোকৰ বাবে আমি দুহাত আগবঢ়াব লাগিব। তেওঁলোক হয়তো নিৰক্ষৰ আৰু চৰকাৰী আঁচনিৰ সুবিধা ল’ব নাজানে। সংশ্লিষ্ট ৰাজ্যসমূহে আঁচনিৰ সুবিধাসমূহ যাতে তেওঁলোকৰ ওচৰলৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।’

বিচাৰপীঠে লগতে কয়, ‘প্ৰতিখন ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে তেওঁলোকে কিমান ৰেচন কাৰ্ড পঞ্জীয়ন কৰিবলৈ গৈ আছে তাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। ইয়াৰ ওপৰত স্থানীয় পৰ্যায়ত কাম কৰিব লাগিব, কাৰণ প্ৰতিখন ৰাজ্যৰ নিজস্ব অৰ্হতা আছে। এটা নিৰ্ধাৰিত অৰ্হতা থাকিব লাগিব।’

এই প্ৰসংগত ন্যায়াধীশ নাগাৰত্নে কয়, ‘ভাৰতত কোনো নাগৰিক যাতে ভোকত মৰিবলগীয়া নহয় সেয়া চূড়ান্ত লক্ষ্য হোৱা উচিত। দুৰ্ভাগ্যজনকভাৱে আমাৰ বিকাশৰ বাবে লাগি থকা এনে লোকৰ মৃত্যু হৈ আছে।’ 

এই সন্দৰ্ভত নাগৰিক অধিকাৰ কৰ্মী অঞ্জলি ভৰদ্বাজ, হৰ্ষ মন্দৰ আৰু জগদীপ চোকাৰে আদালতত এখন আবেদন দাখিল কৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ খাদ্য সুৰক্ষা, নগদ ধন হস্তান্তৰ আদি কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহলৈ নিৰ্দেশ বিচাৰিছিল। 

ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত সান্ধ্য আইন আৰু লকডাউনৰ সময়ত দুখৰ সন্মুখীন হোৱা প্ৰব্ৰজিত শ্ৰমিকৰ কথা উল্লেখ কৰা হৈছে এই আবেদনখনত।

তিনিওজনৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে অভিযোগ কৰে যে, কেন্দ্ৰই ৰাজ্যসমূহক বজাৰৰ হাৰত ৰেচন ক্ৰয় কৰিবলৈ কৈছে।

ভূষণে কয় যে, প’ৰ্টেলত পঞ্জীয়ন কৰিও অধিকাংশ শ্ৰমিকে ৰেচনৰ পৰা বঞ্চিত হৈছে, কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ড নাই।

ভূষণে লগতে কয় যে, ২০১১ চনৰ লোকপিয়লৰ পিছত ৰেচন কাৰ্ডৰ বাবে যোগ্য জনসংখ্যাৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাইছে আৰু তেওঁলোক বঞ্চিত হৈছে।

শীৰ্ষ আদালতে এই আবেদনৰ প্ৰতি লক্ষ্য ৰাখি কেৱল নতুন লোকপিয়ল নকৰাৰ বাবেই দৰিদ্ৰসকলক ৰেচনৰ পৰা বঞ্চিত কৰিব পাৰি নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।

বিচাৰপীঠে কয়, ‘আপুনি ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰণ কৰিছে আৰু এইটো আৰ্তজনৰ প্ৰতি অন্যায় হ’ব পাৰে আৰু আপুনি ইয়াক চোৱা উচিত। আপুনি তেওঁলোকক আপোনাৰ ভাই-ভনীৰ দৰে ব্যৱহাৰ কৰা উচিত। ৰেচন কাৰ্ড থকা সকলক আপুনি ৰেচন দিব, যিসকলে পঞ্জীয়ন কৰিছে কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কি হ’ব।’

আদালতে কয়, ‘আপুনি ইয়াৰ ওপৰত চিন্তা কৰি সমাধান উলিয়াব লাগিব যাতে সৰ্বাধিক শ্ৰমিক লাভৱান হয়। ৰাজ্য চৰকাৰে যাতে প্ৰব্ৰজনকাৰী সকলৰ ৰেচন কাৰ্ড থাকে তাৰ বাবে সকলো প্ৰচেষ্টা চলাব লাগে। আমি চকু মুদিব নোৱাৰো।’

২০২১ চনৰ জুন মাহৰ নিৰ্দেশ মানি চলিবলৈ কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কে বিগত এপ্ৰিল মাহত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা কম্প্লাইয়েন্স ৰিপৰ্ট বিচাৰিছিল আদালতে। প্ৰব্ৰজিত শ্ৰমিকসকলক খাদ্য আৰু সামাজিক সুৰক্ষা প্ৰদানৰ সম্পৰ্কত এই নিৰ্দেশ জাৰি কৰা হৈছিল।

স্মৰ্তব্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এক জাতি-এক ৰেচন কাৰ্ড ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ কৈছিল, কিয়নো ইয়াৰ ফলত প্ৰব্ৰজিত শ্ৰমিকসকলে কাম কৰা ৰাজ্যসমূহতো ৰেচন ল’ব পাৰিব য’ত তেওঁলোকৰ ৰেচন কাৰ্ড পঞ্জীয়ন কৰা হোৱা নাই।

ইয়াৰ পূৰ্বে ২০২১ চনৰ ২৪ মে’ত কোৱা হৈছিল যে অসংগঠিত শ্ৰমিকৰ পঞ্জীয়ন অতি সোনকালে সম্পূৰ্ণ কৰি ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় সাধন কৰি এক উমৈহতীয়া ৰাষ্ট্ৰীয় তথ্যকোষ তৈয়াৰ কৰিব লাগে।

উচ্চতম ন্যায়ালয়ে কৈছিল যে, প্ৰব্ৰজিত শ্ৰমিকৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া অতি লেহেমীয়া আৰু ইয়াক ক্ষিপ্ৰ কৰিব লাগে যাতে ক’ভিড-১৯ মহামাৰীৰ মাজতে তেওঁলোকক আঁচনিৰ সুবিধা প্ৰদান কৰিব পৰা যায়।

বিচাৰপীঠে কয়, ‘আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহকো আহ্বান জনাইছো যে, সংগঠিত শ্ৰমিকৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰক, যাতে অসংগঠিত শ্ৰমিকসকলে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বিভিন্ন আঁচনিৰ সুবিধা ল’ব পাৰে।’

২০২১ চনৰ ১৩ মে’ত সৰ্বোচ্চ ন্যায়ালয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাক বৰ্তমান ক’ভিড-১৯ মহামাৰীৰ মাজত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত কমিউনিটি কিচেন মুকলি কৰাৰ লগতে সেই শ্ৰমিক সকলক পৰিবহণৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

২০২০ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে মহামাৰীৰ মাজতে চহৰসমূহত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰব্ৰজিত শ্ৰমিকসকলৰ পৰা ভাড়া সংগ্ৰহ নকৰিবলৈ আৰু ঘৰলৈ বাছ বা ৰে’লত উঠালৈকে বিনামূলীয়া খাদ্য যোগান ধৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিছিল। 

উল্লেখনীয় যে, ক’ভিড মহামাৰীৰ সময়ত প্ৰবাসী শ্ৰমিকৰ দুৰ্দশাক লৈ ন্যায়মিত্ৰই দাখিল কৰা এক আবেদনক গুৰুত্বসহকাৰে লৈ বিচাৰপীঠখনে এই মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক