--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাটকীয়ভাৱে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ পৰা আঁতৰিল ৰাষ্ট্ৰীয় লোক দল, চমুকৈ আৰএলডি৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিঙক ভাৰত ৰত্ন প্ৰদানৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰাৰ কেইঘণ্টামান পাছতেই উত্তৰ প্ৰদেশত বিজেপিৰে মিত্ৰতা নিশ্চিত কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নাতিয়েক তথা ৰাজ্যসভাৰ সাংসদ জয়ন্ত চৌধাৰীয়ে৷ 

আৰএলডিৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশত বিজেপিৰ সৈতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতা নিশ্চিত কৰে৷ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি জয়ন্ত চৌধাৰীয়ে কয়, মোদীজীৰ দৃষ্টিভংগীয়ে এতিয়ালৈকে আন কোনো দলে কৰিব নোৱৰা কামটো কৰিলে৷

তেওঁ কয়, আসন বা ভোটৰ কথা ক’লে এই দিনটো কম গুৰুত্বপূৰ্ণ হ'ব যেতিয়া মোক অভিনন্দন জনোৱা হ’ব আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এটা সিদ্ধান্ত দিছে যিয়ে প্ৰমাণ কৰে যে তেওঁ ৰাষ্ট্ৰৰ মৌলিক অনুভূতি আৰু চৰিত্ৰ বুজি পায়।

বিজেপিৰে আসন ভাগ-বটোৱাৰা চুক্তি অনুসৰি, আৰএলডিয়ে দুখন লোকসভা আসন— বাঘপট আৰু বিজনৌৰত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাজ্যসভাৰ আসনৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে আৰএলডিক৷

জয়ন্ত চৌধাৰীৰ আৰএলডিৰ পশ্চিম উত্তৰ প্ৰদেশত প্ৰভাৱ আছে আৰু প্ৰভাৱশালী জাট সম্প্ৰদায়ৰ এই অঞ্চলত বিজেপিয়ে ৰাজনৈতিক লাভ উঠোৱাৰ আশা কৰিব।

দৰাচলতে, ২০১৯ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিয়ে পৰাজিত ১৬খন আসনৰ ভিতৰত ৭খন পশ্চিম উত্তৰ প্ৰদেশৰ আছিল। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশত ইণ্ডিয়া ব্লকৰ অংশীদাৰসকলৰ মাজত আসন ভাগ-বটোৱাৰাক লৈ মতভেদ চলি থকাৰ মাজতে আজি জয়ন্ত চৌধাৰীৰ স্থিতিয়ে আউল লগালে বিৰোধীৰ সমীকৰণত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ