--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযান সফলতা অৰ্জন কৰিবলৈ ভাৰতৰ আৰু বেঠি দূৰ নাই।  চন্দ্ৰযান-৩ যান খনে সোমবাৰে ইছৰোই  গ্ৰহণ কৰা আন এক সফল কৌশলৰ পিছত  চন্দ্ৰপৃষ্ঠৰ নিচেই কাষ চাপিছে।ইছৰোৰ এগৰাকী বিষয়াই কয়  যে মহাকাশযানখনে টন্দ্ৰৰ  চাৰিওফালে "প্ৰায় বৃত্তাকাৰ কক্ষপথ" লাভ কৰিছে।  চন্দ্ৰযান-৩-এ  ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।  যাৰ পিছত ৬ আৰু ৯ আগষ্টত মহাকাশযানখনে  আন  দুটা কক্ষপথত প্ৰৱেশ কৰে।

 ইছৰোৰ সূত্ৰ অনুসৰি,চন্দ্ৰৰ ১০০ কিলোমিটাৰৰ ভিতৰৰ  কক্ষপথত উপনীত হ'বলৈ ১৬ আগষ্টত মহাকাশযানখনত আৰু এটা কৌশল প্ৰয়োগ কৰা হ’ব।   যাৰ পিছত লেণ্ডাৰ আৰু ৰোভাৰৰ সৈতে গঠিত লেণ্ডিং মডিউলটো প্ৰপালচন মডিউলৰ পৰা আঁতৰি যাব। ইয়াৰ পিছতযান খনে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।

 ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই  চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩-এ ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে৷ ৫ আগষ্টত তৃতীয় চন্দ্ৰযান-৩ যানখনে   চন্দ্ৰৰ কক্ষপথত  প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে আৰম্ভ হৈছে যানখনে   চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ প্ৰক্ৰিয়া৷  ইতিমধ্যে যানখনে ইছৰোলৈ প্ৰেৰণ কৰিছে চন্দ্ৰৰ প্ৰথমটো ভিডিঅ’৷ চন্দ্ৰযান-৩ৰ কেমেৰাত আবদ্ধ ৪৫  ছেকেণ্ডৰ  ভিডিঅ'টোত যানখনে অদূৰৰ পৰা গ্ৰহণ কৰা চন্দ্ৰৰ দৃশ্য দেখা গৈছে৷ ছবি আৰু ভিডিঅ’ত  চন্দ্ৰক এটা ধূসৰ গোলকৰ দৰে দেখা গৈছে । ছবিত একেবাৰে স্পষ্ট হৈ পৰিছে চন্দ্ৰপৃষ্ঠত থকা  ডাঙৰ গহ্বৰবোৰ। টুইটাৰত ভিডিঅ'টো মুকলি কৰি ইছৰোৱে লিখিছে, "৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ সময়ত চন্দ্ৰযান-৩ মহাকাশযানৰ পৰা চন্দ্ৰটো এনেকুৱা লাগিছিল। "


১৪ জুলাইত,চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিছিল। তেতিয়াৰে পৰা যানখনে  যাত্ৰাৰ প্ৰতিটো পদক্ষেপ সফলতাৰে পাৰ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ পৰীক্ষাটো হ'ব প্ৰজ্ঞানক চন্দ্ৰত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা। ইয়াৰ বাবে, মহাকাশযানৰ গতি প্ৰথমে ধাপে ধাপে হ্ৰাস কৰা হ'ব। ইয়াক  এলবিএন বুলি কোৱা হয়। ইয়াৰ পিছত, লেণ্ডাৰ মডিউলৰ কাম আৰম্ভ হ'ব। যানখনে  প্ৰথমে প্ৰয়োজন আছিল চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰা। সেয়া আজি সম্ভৱ হৈ পৰিল।ভাৰতৰ মহাকাশযান খনে বহু প্ৰতীক্ষিত কামটো সফলতাৰে সম্পূৰ্ণ কৰিছে। বিজ্ঞানীসকলে কৈছে যে চন্দ্ৰপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ ওপৰৰ পৰা লাহে লাহে বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰিব। ই  মাটি স্পৰ্শ কৰাৰ পিছত দুৱাৰখন খোল খাই পৰিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু