--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযান সফলতা অৰ্জন কৰিবলৈ ভাৰতৰ আৰু বেঠি দূৰ নাই।  চন্দ্ৰযান-৩ যান খনে সোমবাৰে ইছৰোই  গ্ৰহণ কৰা আন এক সফল কৌশলৰ পিছত  চন্দ্ৰপৃষ্ঠৰ নিচেই কাষ চাপিছে।ইছৰোৰ এগৰাকী বিষয়াই কয়  যে মহাকাশযানখনে টন্দ্ৰৰ  চাৰিওফালে "প্ৰায় বৃত্তাকাৰ কক্ষপথ" লাভ কৰিছে।  চন্দ্ৰযান-৩-এ  ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।  যাৰ পিছত ৬ আৰু ৯ আগষ্টত মহাকাশযানখনে  আন  দুটা কক্ষপথত প্ৰৱেশ কৰে।

 ইছৰোৰ সূত্ৰ অনুসৰি,চন্দ্ৰৰ ১০০ কিলোমিটাৰৰ ভিতৰৰ  কক্ষপথত উপনীত হ'বলৈ ১৬ আগষ্টত মহাকাশযানখনত আৰু এটা কৌশল প্ৰয়োগ কৰা হ’ব।   যাৰ পিছত লেণ্ডাৰ আৰু ৰোভাৰৰ সৈতে গঠিত লেণ্ডিং মডিউলটো প্ৰপালচন মডিউলৰ পৰা আঁতৰি যাব। ইয়াৰ পিছতযান খনে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।

 ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই  চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩-এ ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে৷ ৫ আগষ্টত তৃতীয় চন্দ্ৰযান-৩ যানখনে   চন্দ্ৰৰ কক্ষপথত  প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে আৰম্ভ হৈছে যানখনে   চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ প্ৰক্ৰিয়া৷  ইতিমধ্যে যানখনে ইছৰোলৈ প্ৰেৰণ কৰিছে চন্দ্ৰৰ প্ৰথমটো ভিডিঅ’৷ চন্দ্ৰযান-৩ৰ কেমেৰাত আবদ্ধ ৪৫  ছেকেণ্ডৰ  ভিডিঅ'টোত যানখনে অদূৰৰ পৰা গ্ৰহণ কৰা চন্দ্ৰৰ দৃশ্য দেখা গৈছে৷ ছবি আৰু ভিডিঅ’ত  চন্দ্ৰক এটা ধূসৰ গোলকৰ দৰে দেখা গৈছে । ছবিত একেবাৰে স্পষ্ট হৈ পৰিছে চন্দ্ৰপৃষ্ঠত থকা  ডাঙৰ গহ্বৰবোৰ। টুইটাৰত ভিডিঅ'টো মুকলি কৰি ইছৰোৱে লিখিছে, "৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ সময়ত চন্দ্ৰযান-৩ মহাকাশযানৰ পৰা চন্দ্ৰটো এনেকুৱা লাগিছিল। "


১৪ জুলাইত,চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিছিল। তেতিয়াৰে পৰা যানখনে  যাত্ৰাৰ প্ৰতিটো পদক্ষেপ সফলতাৰে পাৰ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ পৰীক্ষাটো হ'ব প্ৰজ্ঞানক চন্দ্ৰত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা। ইয়াৰ বাবে, মহাকাশযানৰ গতি প্ৰথমে ধাপে ধাপে হ্ৰাস কৰা হ'ব। ইয়াক  এলবিএন বুলি কোৱা হয়। ইয়াৰ পিছত, লেণ্ডাৰ মডিউলৰ কাম আৰম্ভ হ'ব। যানখনে  প্ৰথমে প্ৰয়োজন আছিল চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰা। সেয়া আজি সম্ভৱ হৈ পৰিল।ভাৰতৰ মহাকাশযান খনে বহু প্ৰতীক্ষিত কামটো সফলতাৰে সম্পূৰ্ণ কৰিছে। বিজ্ঞানীসকলে কৈছে যে চন্দ্ৰপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ ওপৰৰ পৰা লাহে লাহে বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰিব। ই  মাটি স্পৰ্শ কৰাৰ পিছত দুৱাৰখন খোল খাই পৰিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement