--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনৰ  পিছত এইবাৰ পৰৱৰ্তী অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে। আদিত্য এল১ যানৰ জড়িয়তে ইছৰোই  আৰম্ভ কৰিব  সূৰ্যৰ বিষয়ে অধ্যয়ন । এয়া হ’ব   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান । 

ইছৰোৰ মহাকাশযানখন  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ প্ৰেৰণ কৰা হ’ব।   ইছৰোৱে যোৱা  ১৪ জুলাইত চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰিছিল।  চন্দ্ৰৰ দক্ষিণ ফালে ৰভাৰৰ অৱতৰণৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। মহাকাশযানখনে এতিয়ালৈকে চন্দ্ৰৰ কক্ষপথত উপনীত হৈছে আৰু ২০ আগষ্টৰ আশে পাশে চন্দ্ৰপৃষ্ঠলৈ   নামি অহাৰ বাবে লেণ্ডাৰ মুকলি কৰি  দিব বুলি আশা কৰা হৈছে । 

চন্দ্ৰযান-৩-এ  ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে ।ইপিনে ইছৰোৰৰ সূৰ্য  অভিযানে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যবেক্ষণ কৰিব। 

আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিব। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু