--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবত উৰিছে আম আদমী পাৰ্টীৰ বিজয়ধ্বজা! দেশৰ ৰাজনীতিৰ ক্ষেত্ৰখনত লাহে লাহে গভীৰভাৱে শিপাবলৈ আৰম্ভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দল আম আদমী পাৰ্টী চমুকৈ আপে৷ পঞ্জাবৰ বিধানসভা নিৰ্বাচন এমাহৰ পাছতে৷এই সময়ছোৱাত দেশৰ ৰাজনৈতিক দলসমূহে নামি পৰিছে নিৰ্বাচনকেন্দ্ৰিক প্ৰতিযোগিতাত৷ অলপতে হৈ যোৱা চণ্ডীগড় পৌৰসভা নিৰ্বাচন ২০২১ত আপে লাভ কৰে বৃহৎ সাফল্য৷ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আপৰ এই সাফল্যই বাৰুকৈয়ে প্ৰভাৱ পেলাব ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনত৷


সোমবাৰে ঘোষণা হোৱা পৌৰসভাৰ নিৰ্বাচনত মুঠ ৩৫খন আসনৰ ভিতৰত আপে লাভ কৰে ১৪খন আসন৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিয়েও সমানে যুঁজ দি লাভ কৰে ১২খন আসন৷ অৱশ্যে কংগ্ৰেছে ৮খন আসন লাভ কৰাৰ বিপৰীতে আকলি দলে এখন আসন লাভ কৰে৷ আপৰ সমান্তৰালকৈ শাসনাধীস্থ দল বিজেপিৰ যুঁজখনৰ দ্বাৰা আগন্তুক নিৰ্বাচনৰ কিছু দৃশ্য প্ৰতিফলিত কৰিছে৷ কংগ্ৰেছৰ শাসনত থকা পঞ্জাবৰ ৰাজনীতিৰ দিশটো ইয়াৰ পাছৰে পৰা যে অধিক প্ৰত্যাহ্বানমূলক হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷

আজি পুৱা ৩৫টা ৱাৰ্ডৰ ৯টাকৈ ভোটকেন্দ্ৰত ভোটৰ কাউণ্টিং আৰম্ভ হৈছিল৷ ভোটদানৰ শতাংশ আছিল ৬০৪৬৷ পূৰ্বে এই যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ দলৰ মাজত দেখিবলৈ পোৱা গৈছিল যদিও এইবাৰ আম আদমি পাৰ্টীয়ে পৌৰসভাৰ নিৰ্বাচনত দুয়োটা দলৰ বাবে অধিক প্ৰত্যাহ্বানমূলক কৰি তুলিছে৷ শুকুৰবাৰে সম্পন্ন হৈছিল পৌৰসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷

নিৰ্বাচনত জয়লাভ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে টুইটযোগে কয়, “আপৰ জয়ৰ পাছতে চণ্ডীগড় পৌৰসভা নিগমত পঞ্জাবে দেখিবলৈ পাব পৰিৱৰ্তন৷ জনতাই দুৰ্নীতিগ্ৰস্ত ৰাজনীতি প্ৰত্যাহাৰ কৰি আপক বাছনি কৰিছে৷ পঞ্জাব পৰিবৰ্তনৰ বাবে সাজু৷” কেজৰিৱালে আগন্তুক পঞ্জাব বিধানসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি ইতিমধ্যে ৰাজ্যখনত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ