--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সোমবাৰে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুজন উগ্ৰপন্থী আৰু জম্মুৰ আৰ এছ পোৰা ছেক্টৰত সীমান্তত এজন অভিযুক্ত অনুপ্ৰৱেশকাৰীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে।

 এই এনকাউণ্টাৰ কুলগাম জিলাত ট্ৰুবজীৰ নৌপোৰাৰ খেৰপোৰা গাঁৱত সংঘটিত হয় য’ত সশস্ত্ৰ বাহিনীয়ে এটা নিৰ্দিষ্ট ইনপুটৰ ওপৰত কাম কৰি তালাচী অভিযান আৰম্ভ কৰিছিল। আৰক্ষীয়ে দাবী কৰিছে যে উগ্ৰপন্থীয়ে তালাচী দলটোৰ ওপৰত গুলীচালনা কৰি এনকাউণ্টাৰৰ সূচনা কৰে। আৰক্ষীয়ে জনোৱা মতে গুলীচালনাত দুজন অচিনাক্ত উগ্ৰপন্থী নিহত হয়।

 চলিত বৰ্ষত সমগ্ৰ কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীয়ে কমেও ৭০টা এনকাউণ্টাৰত প্ৰায় ১২০জন উগ্ৰপন্থী নিহত কৰিছে। ইয়াৰ ভিতৰত ৩জন আছিল বিদেশী, যাৰ অধিকাংশই পাকিস্তানৰ পৰা আহিছিল। মে’ আৰু জুন মাহৰ প্ৰথম দুসপ্তাহত লক্ষ্য কৰি হত্যাৰ সতেজ ঢৌৰ পিছত সশস্ত্ৰ বাহিনীয়ে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি সমগ্ৰ উপত্যকাটোত বেক টু বেক এনকাউণ্টাৰত লিপ্ত হয়। ভূগৰ্ভস্থ উগ্ৰপন্থী‌ বুলি সন্দেহ কৰা অসংখ্য যুৱকক সোধা-পোছা কৰি আটক কৰি গ্ৰেপ্তাৰ কৰে।

 ইফালে, জম্মুৰ আৰ এছ পোৰা অঞ্চলত বকুৱাৰপুৰ সীমান্ত চৌহদত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে এজন অভিযুক্ত অনুপ্ৰৱেশকাৰীক হত্যা কৰে। সীমান্তৰ সিপাৰৰ পৰা সৈন্যই তেওঁৰ গতিবিধি অনুসন্ধান কৰাৰ সময়তে পুৱা প্ৰায় ১২.১০ বজাত গুলীয়াই হত্যা কৰা হয় অভিযুক্ত অনুপ্ৰৱেশকাৰীজনক।

 ইফালে, জম্মুৰ ভাগৱতী নগৰৰ যাত্ৰী নিৱাসত অমৰনাথ যাত্ৰা তীৰ্থযাত্ৰীসকলৰ বাবে কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰে জে এণ্ড কে এল জি মনোজ সিনহাই। লগতে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে উজনি কাশ্মীৰৰ অনন্তনাগ জিলাত অমৰনাথ যাত্ৰা সম্পৰ্কীয় এখন চূড়ান্ত নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
বৰক্ষেত্ৰীত জুইৰ লেলিহান শিখাত জাহ গ’ল ৫খনকৈ দোকান, ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে