--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন অধ্যক্ষ কে শিৱানে বৃহস্পতিবাৰে কয় যে ২০১৯ চনত চন্দ্ৰ অভিযানৰ সময়ত সংঘটিত হোৱা এটা 'সৰু ত্ৰুটি'ৰ বাবে চন্দ্ৰযান-২ অভিযানে সফলতা অৰ্জন কৰিব নোৱাৰিলে।

কে শিৱানে কয়  "এই কামটো  চাৰি বছৰ আগতে হ’ব লাগিছিল। চন্দ্ৰযান-২ ত সংঘটিত এটা সৰু ত্ৰুটিৰ বাবে, আমি সফলতা অৰ্জন কৰিব নোৱাৰিলোঁ। অন্যথা, আমি চাৰি বছৰ আগতে এই সকলোবোৰ প্ৰাপ্ত কৰিব পাৰিলোহেঁতেন। এতিয়া, আমি অতি সুখী যে আমি ত্ৰুটিৰ পৰা শিকিলোঁ আৰু ইয়াক সংশোধন কৰিলোঁ।"কে শিৱানে কয়  যে চন্দ্ৰযান-৩ ২০১৯ চনৰ ভুলৰ শিক্ষাৰ পৰা সাজু  কৰা হৈছিল।


 
তেওঁ কয় "অৱশেষত, আমাৰ প্ৰাৰ্থনা সঁচা হ'ল। অৱতৰণ কৰাৰ পিছত আমি পিছলৈ ঘূৰি চোৱা  নাছিলো, মই তেতিয়ালৈকে  কণ্ট্ৰোল ৰুমত বহি আছিলো যেতিয়ালৈকে ৰভাৰটো লেণ্ডাৰৰ পৰা ওলাই অহা নাছিল। ৰভাৰটো লেণ্ডাৰৰ পৰা ওলাই আহি চন্দ্ৰপৃষ্ঠৰ ওপৰেৰে যোৱা দেখিহে মই নিশা পলমকৈ মোৰ ঘৰলৈ উভতি আহিছিলো," । 

মহাকাশত ৪০ দিনৰ যাত্ৰা কৰাৰ  পিছত  চন্দ্ৰযান-৩ লেণ্ডাৰ 'বিক্ৰম'য়ে বুধবাৰে সন্ধিয়া অজ্ঞাত চন্দ্ৰ দক্ষিণ মেৰুত অৱতৰণ কৰে।ফলত ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথম খন দেশ হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছত ভাৰতে সফলতাৰে চন্দ্ৰ অৱতৰণ অভিযান পৰিচালনা কৰা  চতুৰ্থ খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।

চন্দ্ৰযান-৩ মহাকাশযানখন ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা মহাকাশযানখনৰ উৎক্ষেপণৰ বাবে এটা জিএছএলভি মাৰ্ক ৩ (এলভিএম ৩) হেভি-লিফ্ট উৎক্ষেপণ বাহন ব্যৱহাৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ আগতে কেইবাটাও কক্ষীয় কৌশলৰ মাজেৰে গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক