--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন অধ্যক্ষ কে শিৱানে বৃহস্পতিবাৰে কয় যে ২০১৯ চনত চন্দ্ৰ অভিযানৰ সময়ত সংঘটিত হোৱা এটা 'সৰু ত্ৰুটি'ৰ বাবে চন্দ্ৰযান-২ অভিযানে সফলতা অৰ্জন কৰিব নোৱাৰিলে।

কে শিৱানে কয়  "এই কামটো  চাৰি বছৰ আগতে হ’ব লাগিছিল। চন্দ্ৰযান-২ ত সংঘটিত এটা সৰু ত্ৰুটিৰ বাবে, আমি সফলতা অৰ্জন কৰিব নোৱাৰিলোঁ। অন্যথা, আমি চাৰি বছৰ আগতে এই সকলোবোৰ প্ৰাপ্ত কৰিব পাৰিলোহেঁতেন। এতিয়া, আমি অতি সুখী যে আমি ত্ৰুটিৰ পৰা শিকিলোঁ আৰু ইয়াক সংশোধন কৰিলোঁ।"কে শিৱানে কয়  যে চন্দ্ৰযান-৩ ২০১৯ চনৰ ভুলৰ শিক্ষাৰ পৰা সাজু  কৰা হৈছিল।


 
তেওঁ কয় "অৱশেষত, আমাৰ প্ৰাৰ্থনা সঁচা হ'ল। অৱতৰণ কৰাৰ পিছত আমি পিছলৈ ঘূৰি চোৱা  নাছিলো, মই তেতিয়ালৈকে  কণ্ট্ৰোল ৰুমত বহি আছিলো যেতিয়ালৈকে ৰভাৰটো লেণ্ডাৰৰ পৰা ওলাই অহা নাছিল। ৰভাৰটো লেণ্ডাৰৰ পৰা ওলাই আহি চন্দ্ৰপৃষ্ঠৰ ওপৰেৰে যোৱা দেখিহে মই নিশা পলমকৈ মোৰ ঘৰলৈ উভতি আহিছিলো," । 

মহাকাশত ৪০ দিনৰ যাত্ৰা কৰাৰ  পিছত  চন্দ্ৰযান-৩ লেণ্ডাৰ 'বিক্ৰম'য়ে বুধবাৰে সন্ধিয়া অজ্ঞাত চন্দ্ৰ দক্ষিণ মেৰুত অৱতৰণ কৰে।ফলত ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথম খন দেশ হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছত ভাৰতে সফলতাৰে চন্দ্ৰ অৱতৰণ অভিযান পৰিচালনা কৰা  চতুৰ্থ খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।

চন্দ্ৰযান-৩ মহাকাশযানখন ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা মহাকাশযানখনৰ উৎক্ষেপণৰ বাবে এটা জিএছএলভি মাৰ্ক ৩ (এলভিএম ৩) হেভি-লিফ্ট উৎক্ষেপণ বাহন ব্যৱহাৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ আগতে কেইবাটাও কক্ষীয় কৌশলৰ মাজেৰে গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল