--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনৰ  পিছত এইবাৰ পৰৱৰ্তী অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে। আদিত্য এল১ যানৰ জড়িয়তে ইছৰোই  আৰম্ভ কৰিব  সূৰ্যৰ বিষয়ে অধ্যয়ন । এয়া হ’ব   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান । ইছৰোৰ মহাকাশযানখন  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ প্ৰেৰণ কৰা হ’ব। 

  ইছৰ’ৰ সূৰ্য অভিযানত ভাগ ল’ব  আদিত্য এল১  যান খনে। আদিত্য এল১  যান  ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ  উৎক্ষেপণ পেডত উৎক্ষেপণৰ বাবে সাজু কৰি তোলা হৈছে  ।  চন্দ্ৰযান ৩ অভিযানৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অহা ১৪ দিনৰ ভিতৰত দেশৰ প্ৰথমটো  সূৰ্য অভিযান আদিত্য এল১ উৎক্ষেপন কৰাৰ বাবে  প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷  আদিত্য এল১ যানৰ সাম্ভাব্য উৎক্ষেপণৰ  তাৰিখ সন্দৰ্ভত  আহমেদাবাদৰ স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ সঞ্চালক নীলেশ এম দেশায়ে  শনিবাৰে কয় যে যান খনৰ উৎক্ষেপণ ২ ছেপ্টেম্বৰত কৰাৰ সম্ভাৱনা আছে৷ 

বাংগালুৰুৰ ইউআৰ ৰাও উপগ্ৰহ কেন্দ্ৰত (ইউআৰএছচি) নিৰ্মাণ  কৰা যান খন অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটালৈনিয়া হৈছে আৰু উৎক্ষেপণ পেডত স্থাপন কৰা  হৈছে বুলিও তেওঁ কয় । ভাৰতে সূৰ্যৰ বিষয়ে  অধ্যয়ন কৰিবলৈ  আদিত্য-এল ১  অভিযানৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয় । 

ইছৰ’ৰ সূৰ্য  অভিযানে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যবেক্ষণ কৰিব। 
আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিব। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু