--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনৰ  পিছত এইবাৰ পৰৱৰ্তী অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে। আদিত্য এল১ যানৰ জড়িয়তে ইছৰোই  আৰম্ভ কৰিব  সূৰ্যৰ বিষয়ে অধ্যয়ন । এয়া হ’ব   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান । ইছৰোৰ মহাকাশযানখন  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ প্ৰেৰণ কৰা হ’ব। 

  ইছৰ’ৰ সূৰ্য অভিযানত ভাগ ল’ব  আদিত্য এল১  যান খনে। আদিত্য এল১  যান  ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ  উৎক্ষেপণ পেডত উৎক্ষেপণৰ বাবে সাজু কৰি তোলা হৈছে  ।  চন্দ্ৰযান ৩ অভিযানৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অহা ১৪ দিনৰ ভিতৰত দেশৰ প্ৰথমটো  সূৰ্য অভিযান আদিত্য এল১ উৎক্ষেপন কৰাৰ বাবে  প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷  আদিত্য এল১ যানৰ সাম্ভাব্য উৎক্ষেপণৰ  তাৰিখ সন্দৰ্ভত  আহমেদাবাদৰ স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ সঞ্চালক নীলেশ এম দেশায়ে  শনিবাৰে কয় যে যান খনৰ উৎক্ষেপণ ২ ছেপ্টেম্বৰত কৰাৰ সম্ভাৱনা আছে৷ 

বাংগালুৰুৰ ইউআৰ ৰাও উপগ্ৰহ কেন্দ্ৰত (ইউআৰএছচি) নিৰ্মাণ  কৰা যান খন অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটালৈনিয়া হৈছে আৰু উৎক্ষেপণ পেডত স্থাপন কৰা  হৈছে বুলিও তেওঁ কয় । ভাৰতে সূৰ্যৰ বিষয়ে  অধ্যয়ন কৰিবলৈ  আদিত্য-এল ১  অভিযানৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয় । 

ইছৰ’ৰ সূৰ্য  অভিযানে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যবেক্ষণ কৰিব। 
আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিব। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক