--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) এক বিতৰ্কৰ মাজত সোমাই পৰিছে। ইছৰোৰ প্ৰাক্তন মুৰব্বী কে শিৱানক বৰ্তমানৰ মুৰব্বী এছ সোমনাথে তেওঁৰ আত্মজীৱনীত লক্ষ্য কৰি লৈছে। এই কথা প্ৰকাশৰ পিছতে  মহাকাশ গৱেষণা প্ৰতিষ্ঠানটো বিতৰ্কৰ মাজত সোমাই পৰিছে।  অৱশেষত এছ সোমনাথে কিতাপখনৰ প্ৰকাশ স্থগিত ৰাখিব লগীয়া  হৈছে।

তেওঁৰ আত্মজীৱনী 'নীলাভু কুদিচা চিমহাংগল' (লায়ন্স দ্যাট ড্ৰিংক দ্য মুনলাইট)ত এছ সোমনাথে এটাৰ পিছত এটা বিস্ফোৰক দাবী কৰিছে। আত্মজীৱনীখনৰ বহু ঠাইত  ইছৰোৰ প্ৰাক্তন অধ্যক্ষ আৰু চন্দ্ৰযান-২ মিছনৰ সঞ্চালক শিৱানক  লক্ষ্য কৰি লোৱা  হৈছে। 
 সোমনাথে অভিযোগ কৰিছে  যে শিৱানৰ খৰখেদাৰ বাবেই  চন্দ্ৰযান-২ অভিযান বিফল হৈছিল। তেওঁ আগতে সতৰ্ক কৰি দিছিল যে যদি লেণ্ডাৰে খৰখেদাকৈ অৱতৰণ কৰে, চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰোঁতে লেণ্ডাৰটো ভাঙি  পৰিব। কিন্তু সেই কথা শিৱানে  শুনা  নাছিল। শিৱানে তেওঁৰ পদোন্নতিও বন্ধ কৰি ৰাখিছিল।

শিৱানৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পোহৰলৈ অহাৰ পিছতে সোমনাথে তেওঁৰ আত্মজীৱনীৰ প্ৰকাশ স্থগিত ৰাখিছে। তেওঁৰ আত্মজীৱনীখন  শনিবাৰে উন্মোচন  হোৱাৰ কথা আছিল।  শেষ মুহূৰ্তত সেয়া  বাতিল কৰা হয়। ইছৰোৰ মুৰব্বীয়েও এই সন্দৰ্ভত এটা ইঙ্গিতপূৰ্ণ মন্তব্য কৰিছে। "যদি আপুনি কোনো সংস্থাৰ  শীৰ্ষত আছে, আপুনি যথেষ্ট বাধাৰ সন্মুখীন হ'ব। ইছৰোৰ দৰে সংস্থাত  এটা গুৰুত্বপূৰ্ণ স্থান বিচাৰি পোৱাটো কঠিন। সকলোৱে এই প্ৰত্যাহ্বানৰ মাজেৰে যাব লাগিব। এই পদৰ বাবে বহু  দাবীদাৰ থাকিব পাৰে। মই মাত্ৰ এটা নিৰ্দিষ্ট কথা ক'ব বিচাৰিছিলো। মই কোনো  ব্যক্তিক লক্ষ্য কৰিব নিবিচাৰো। "

সোমনাথৰ নেতৃত্বত ভাৰতৰ চন্দ্ৰযান-৩ যান খনে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছে। ইছৰোৰ মুৰব্বীগৰাকীয়ে বহুদিনৰে  পৰা তেওঁৰ আত্মজীৱনী লিখি আহিছে। যদিও তেওঁ বৰ্তমানৰ বাবে ইয়াৰ প্ৰকাশ বন্ধ কৰি দিছে, তেওঁ লগতে ইংগিত দিছে যে তেওঁৰ আত্মজীৱনীখন অনাগত দিনত প্ৰকাশ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'