--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) এক বিতৰ্কৰ মাজত সোমাই পৰিছে। ইছৰোৰ প্ৰাক্তন মুৰব্বী কে শিৱানক বৰ্তমানৰ মুৰব্বী এছ সোমনাথে তেওঁৰ আত্মজীৱনীত লক্ষ্য কৰি লৈছে। এই কথা প্ৰকাশৰ পিছতে  মহাকাশ গৱেষণা প্ৰতিষ্ঠানটো বিতৰ্কৰ মাজত সোমাই পৰিছে।  অৱশেষত এছ সোমনাথে কিতাপখনৰ প্ৰকাশ স্থগিত ৰাখিব লগীয়া  হৈছে।

তেওঁৰ আত্মজীৱনী 'নীলাভু কুদিচা চিমহাংগল' (লায়ন্স দ্যাট ড্ৰিংক দ্য মুনলাইট)ত এছ সোমনাথে এটাৰ পিছত এটা বিস্ফোৰক দাবী কৰিছে। আত্মজীৱনীখনৰ বহু ঠাইত  ইছৰোৰ প্ৰাক্তন অধ্যক্ষ আৰু চন্দ্ৰযান-২ মিছনৰ সঞ্চালক শিৱানক  লক্ষ্য কৰি লোৱা  হৈছে। 
 সোমনাথে অভিযোগ কৰিছে  যে শিৱানৰ খৰখেদাৰ বাবেই  চন্দ্ৰযান-২ অভিযান বিফল হৈছিল। তেওঁ আগতে সতৰ্ক কৰি দিছিল যে যদি লেণ্ডাৰে খৰখেদাকৈ অৱতৰণ কৰে, চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰোঁতে লেণ্ডাৰটো ভাঙি  পৰিব। কিন্তু সেই কথা শিৱানে  শুনা  নাছিল। শিৱানে তেওঁৰ পদোন্নতিও বন্ধ কৰি ৰাখিছিল।

শিৱানৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পোহৰলৈ অহাৰ পিছতে সোমনাথে তেওঁৰ আত্মজীৱনীৰ প্ৰকাশ স্থগিত ৰাখিছে। তেওঁৰ আত্মজীৱনীখন  শনিবাৰে উন্মোচন  হোৱাৰ কথা আছিল।  শেষ মুহূৰ্তত সেয়া  বাতিল কৰা হয়। ইছৰোৰ মুৰব্বীয়েও এই সন্দৰ্ভত এটা ইঙ্গিতপূৰ্ণ মন্তব্য কৰিছে। "যদি আপুনি কোনো সংস্থাৰ  শীৰ্ষত আছে, আপুনি যথেষ্ট বাধাৰ সন্মুখীন হ'ব। ইছৰোৰ দৰে সংস্থাত  এটা গুৰুত্বপূৰ্ণ স্থান বিচাৰি পোৱাটো কঠিন। সকলোৱে এই প্ৰত্যাহ্বানৰ মাজেৰে যাব লাগিব। এই পদৰ বাবে বহু  দাবীদাৰ থাকিব পাৰে। মই মাত্ৰ এটা নিৰ্দিষ্ট কথা ক'ব বিচাৰিছিলো। মই কোনো  ব্যক্তিক লক্ষ্য কৰিব নিবিচাৰো। "

সোমনাথৰ নেতৃত্বত ভাৰতৰ চন্দ্ৰযান-৩ যান খনে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছে। ইছৰোৰ মুৰব্বীগৰাকীয়ে বহুদিনৰে  পৰা তেওঁৰ আত্মজীৱনী লিখি আহিছে। যদিও তেওঁ বৰ্তমানৰ বাবে ইয়াৰ প্ৰকাশ বন্ধ কৰি দিছে, তেওঁ লগতে ইংগিত দিছে যে তেওঁৰ আত্মজীৱনীখন অনাগত দিনত প্ৰকাশ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান