--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ মাজত বহু পাৰ্থক্য আছে। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাছিয়াই চন্দ্ৰলৈ লুনা-২৫ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ খৰচো অধিক হৈছিল। তুলনামূলকভাৱে সস্তাতে ইছৰোৱে এই অভিযানৰ পৰিকল্পনা কৰিছে।

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ ওজন ১৭৫২ কিলোগ্ৰাম। তাত ৰাছিয়াৰ লেণ্ডাৰখনৰ ওজন আছিল মাত্ৰ ৮০০ কিলোগ্ৰাম। চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুলৈ নামি ১৪ দিনৰ বাবে বিভিন্ন তথ্য সংগ্ৰহ কৰিব। ৰাছিয়াৰ এই লেণ্ডাৰখন চন্দ্ৰত এবছৰ থকাৰ পৰিকল্পনা কৰা হৈছিল।

লুনা-২৫ৰ ভৰ আছিল ১.৮ টন। পেটত ৩১ কেজি ওজনৰ বৈজ্ঞানিক সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল লেণ্ডাৰখন। ই চন্দ্ৰৰ মাটিৰ কমেও ৬ ইঞ্চি গভীৰতাৰ পৰা শিলৰ সামগ্ৰী সংগ্ৰহ কৰাৰ কথা আছিল। কিন্তু সকলো পৰিকল্পনা ছিন্নভিন্ন হৈ পৰিল।

১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। ইছৰোৰ তথ্য অনুসৰি বুধবাৰে সন্ধিয়া ৬:০৪ বজাত বিক্ৰম চন্দ্ৰত অৱতৰণ কৰাৰ কথা। সমগ্ৰ দেশবাসীয়ে এই অভিযানৰ সফলতাৰ আশাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক