--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্পূৰৰ দৰে উৰি গ’ল নেপচুন গ্ৰহৰ  চাৰিওফালে থকা ডাৱৰৰ কুণ্ডলীটো  । ফলত মেঘ শূন্য হোৱাৰ দিশে আগবাঢ়িছে গ্ৰহটো।  নাছাৰ হাবল স্পেচ টেলিস্কোপে এই কথা ধৰা পৰাৰ পিছতে বিজ্ঞানীসকল আচৰিত হৈ পৰিছে। সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নেপচুনক ১১ বছৰ সময় লাগে।  এই ১১  বছৰত সূৰ্যৰ সন্মুখলৈ  অহা নেপচুনৰ দিশটোত  এক ডাঙৰ ৰাসায়নিক পৰিৱৰ্তন হয়। ১১ বছৰ ধৰি  সূৰ্যৰ  উত্তাপ সহি থকা নেপচিনৰ সেই ফালটোৰ পৰিৱেশলৈ আহে বিশেষ পৰিৱৰ্তন।  এই সময়ছোৱাত  সূৰ্যৰ উত্তাপৰ বাবেই নেপচুন গ্ৰহৰ ডাৱৰৰ কুণ্ডলীটো নাইকীয়া হৈ পৰে।  আকৌ, সূৰ্যৰ পৰা আঁতৰি যোৱাৰ পিছত নেপচুন গ্ৰহৰ চাৰিওফালে  ডাৱৰৰ এটা আঙুঠি লাহে লাহে সৃষ্টি হ’বলৈ ধৰে।

১৯৮৯ চনত নাছাৰ ভয়েজাৰ ২ মহাকাশযানে পৃথিৱীলৈ নেপচুনৰ ক্লোজ-আপ ছবি প্ৰেৰণ কৰিছিল। সেই ছবিত নেপচুনক ডাঠ ধোঁৱাৰ দৰে  ডাৱৰৰ কুণ্ডলীৰে আগুৰি ধৰি থকা দেখা গৈছিল। কিন্তু এতিয়া সেই মেঘ নাইকিয়া হৈছে। বিজ্ঞানীসকলে কৈছে যে নেপচুনৰ মেঘৰ স্তৰ সূৰ্যৰ ৰশ্মি আৰু চুম্বকীয় ক্ষেত্ৰই  ধ্বংস কৰি পেলাইছে।
পৃথিৱীৰ পৰা নেপচুনৰ দূৰত্ব ৪.৩ বিলিয়ন কিলোমিটাৰ। ডাঠ বৰফৰ চাদৰে মেৰিয়াই থোৱা গ্ৰহটো ৰহস্যজনক। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি নেপচুনৰ আঙুঠিৰ প্ৰতি আগ্ৰহী আছিল। অৱশ্যে উপযুক্ত প্ৰযুক্তিৰ অভাৱৰ বাবে এনে দূৰৱৰ্তী গ্ৰহৰ চাৰিটা দিশ পৰ্যবেক্ষণ কৰাটো বিজ্ঞানীসকলৰ বাবে  সম্ভৱ হোৱা নাছিল। নেপচুনৰ আঙুঠি শেষবাৰৰ বাবে ভয়েজাৰ ২ মহাকাশযানৰ দ্বাৰা তোলা ছবিত দেখা গৈছিল। 

তিনি দশক আগতে নেপচুনৰ আঙুঠিৰ প্ৰতিচ্ছবি অতি অস্পষ্ট আছিল। জেমছ ৱেব স্পেচ টেলিস্কোপে সেই সময়ত মহাকাশৰ পৰা ছবি প্ৰেৰণ কৰিছিল। গ্ৰহটোৱে সৌৰজগতৰ এটা কোণত এটা অন্ধকাৰ অঞ্চলত প্ৰদক্ষিণ কৰি আছে।  বহুতে নেপচুনক বৰফৰ দৈত্য বুলি কয়। মহাকাশৰ পৰা, এই গ্ৰহটো গাঢ় বেঙুনীয়া যেন দেখি । একে সময়তে এই গ্ৰহটোত এক প্ৰকাৰৰ নীলা উজ্জ্বলতাও দেখা যায়।

নাছাৰ বিজ্ঞানীসকলে দাবী কৰিছে যে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে নেপচুন গ্ৰহত প্ৰভাৱ পেলাই আহিছে। বহুত প্ৰভাৱিত কৰে। চুম্বকীয় ক্ষেত্ৰই  নেপচুনৰ মেঘৰ আঙুঠি গ্ৰাস কৰি গৈছে বুলিও বিজ্ঞানীসকলে ধাৰণা কৰিছে।  ফটোকেমিকেল প্ৰতিক্ৰিয়াৰ বাবেই  নেপচুনৰ ডাৱৰ নাইকিয়া হৈ গৈছে বুলি বিজ্ঞানীসকল নিশ্চিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক