--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩য়ে  চন্দ্ৰৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি আছে। ইয়াৰ প্ৰজ্ঞান ৰোভাৰখন চন্দ্ৰৰ পৃষ্ঠত অবিৰতভাৱে গতি কৰি আছে। ইয়াৰ সৈতে জড়িত আন এটা বৃহৎ আপডেট দিছে ইছৰ’ৱে। ইছৰ’ৱে বৃহস্পতিবাৰে (৩১ আগষ্ট) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয় যে ৰভাৰ আৰু অন্যান্য পেলোডৰ কাৰ্যকলাপৰ লগতে আন কিবা এটাও ৰেকৰ্ড কৰা হৈছে।

ইছৰ’ৱে পোষ্টটোত লিখিছে, "চন্দ্ৰযান-৩ অভিযানৰ লেণ্ডাৰত লুনাৰ ছিছমিক এক্টিভিটি (আই এল এছ এ) পেলোডৰ যন্ত্ৰটোৱে ৰোভাৰ আৰু অন্যান্য পেলোডৰ গতিবিধি ৰেকৰ্ড কৰিছে। ইয়াৰ উপৰিও ২০২৩ চনৰ ২৬ আগষ্টত এটা প্ৰাকৃতিক পৰিঘটনা ৰেকৰ্ড কৰিছে।" ইছৰ’ৱে ৰভাৰখনৰ কাৰ্যকলাপৰ সৈতে জড়িত এটা গ্ৰাফো শ্বেয়াৰ কৰিছে।

ইয়াৰ পূর্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্রজ্ঞানত থকা আন এটা যন্ত্ৰই এক বেলেগ কৌশল ব্যৱহাৰ কৰি চন্দ্ৰৰ এটা অঞ্চলত ছালফাৰৰ উপস্থিতি নিশ্চিত কৰিছে বুলি প্রকাশ কৰিছিল৷ এটা ছ’চিয়েল মিডিয়া পোষ্টত মহাকাশ সংস্থাটোৱে প্ৰকাশ কৰিছে যে আলফা পাৰ্টিকেল এক্স-ৰে স্পেকট্ৰস্কোপ (APXS) নামৰ যন্ত্ৰটোৱে চন্দ্ৰত চালফাৰৰ লগতে অন্যান্য সৰু সৰু মৌলও ধৰা পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে