--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই মাহেন্দ্ৰ ক্ষণটো অহালৈ অধীৰ অপেক্ষাৰে বাট চাইছে বিশ্ববাসীয়ে। চন্দ্ৰ অভিযানৰ সফলতা কামনা কৰি ভাৰতৰ মন্দিৰে-মছজিদে অনুষ্ঠিত কৰা হৈছে প্ৰাৰ্থনা-নামাজ। বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা। 

কিন্তু অৱতৰণৰ বাবে যদি পৰিস্থিতি অনুকূল  নহয়, তেন্তে বিক্ৰমৰ অৱতৰণৰ দিন  হয়তো পিছুৱাই যাবও পাৰে।ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে সকলো ঠিকে নাথাকিলে আজি বিক্ৰম লেণ্ডাৰে   জোনবাইত অৱতৰণ নকৰিবও পাৰে। এনে পৰিস্থিতিত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ দিন ২৭ আগষ্টলৈ পিছুৱাব পাৰে বুলি ইছৰোৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে। 

অৱশ্যে সকলো কথা নিৰ্ভৰ কৰিছে পৰিস্থিতিৰ ওপৰত। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দুঘণ্টাৰ পূৰ্বে ইছৰোৰ বিজ্ঞানীসকলে সকলো কথা পুনৰ পৰীক্ষা কৰি চাব আৰু যদি বিক্ৰমে অৱতৰণ কৰিব পৰাকৈ সকলো পৰিস্থিতি ঠিকে থাকে তেতিয়াহে ইয়াক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা হ’ব। অন্যথা ২৭ আগষ্টলৈ পিছুৱাই দিয়া হ’ব পাৰে অৱতৰণৰ তাৰিখ।

চন্দ্ৰ অভিযান  ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা দুপৰীয়া ২.৩৫ বজাত আৰম্ভ কৰা হৈছিল।
ইছৰোৰ মহাকাশ এপ্লিকেচন কেন্দ্ৰৰ সঞ্চালক নীলেশ দেশাইৰ মতে বিজ্ঞানীসকলে এতিয়া  চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পূৰ্বে  যান খনৰ গতি  হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিছে। ৰাছিয়াৰ লুনা-২৫ যান খনৰ উচ্চ গতিৰ বাবেই ২০ আগষ্টত যান খন চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হৈছিল। ভাৰতে তেনে কোনো অনিশ্চয়তাৰ সন্মুখীন হ’ব বিচৰা নাই। সেয়ে সকলো দিশ বাৰে বাৰে ফঁহিয়াই চোৱা হৈছে। 

ইছৰোৰ মহাকাশ এপ্লিকেচন কেন্দ্ৰৰ সঞ্চালক নীলেশ দেশাইয়ে কয় "বিক্ৰম লেণ্ডাৰে ২৩ আগষ্টত ৩০ কিলোমিটাৰ উচ্চতাৰ পৰা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ চেষ্টা কৰিব আৰু সেই সময়ত ইয়াৰ গতিবেগ প্ৰতি ছেকেণ্ডত ১.৬৮ কিলোমিটাৰ হ'ব। আমাৰ গুৰুত্ব দিছো সেই গতি হ্ৰাস কৰাত।  কিয়নো চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়েও যান খনৰ ওপৰত প্ৰভাৱ পেলাব। " তেওঁ কয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু