--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই মাহেন্দ্ৰ ক্ষণটো অহালৈ অধীৰ অপেক্ষাৰে বাট চাইছে বিশ্ববাসীয়ে। চন্দ্ৰ অভিযানৰ সফলতা কামনা কৰি ভাৰতৰ মন্দিৰে-মছজিদে অনুষ্ঠিত কৰা হৈছে প্ৰাৰ্থনা-নামাজ। বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা। 

কিন্তু অৱতৰণৰ বাবে যদি পৰিস্থিতি অনুকূল  নহয়, তেন্তে বিক্ৰমৰ অৱতৰণৰ দিন  হয়তো পিছুৱাই যাবও পাৰে।ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে সকলো ঠিকে নাথাকিলে আজি বিক্ৰম লেণ্ডাৰে   জোনবাইত অৱতৰণ নকৰিবও পাৰে। এনে পৰিস্থিতিত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ দিন ২৭ আগষ্টলৈ পিছুৱাব পাৰে বুলি ইছৰোৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে। 

অৱশ্যে সকলো কথা নিৰ্ভৰ কৰিছে পৰিস্থিতিৰ ওপৰত। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দুঘণ্টাৰ পূৰ্বে ইছৰোৰ বিজ্ঞানীসকলে সকলো কথা পুনৰ পৰীক্ষা কৰি চাব আৰু যদি বিক্ৰমে অৱতৰণ কৰিব পৰাকৈ সকলো পৰিস্থিতি ঠিকে থাকে তেতিয়াহে ইয়াক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা হ’ব। অন্যথা ২৭ আগষ্টলৈ পিছুৱাই দিয়া হ’ব পাৰে অৱতৰণৰ তাৰিখ।

চন্দ্ৰ অভিযান  ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা দুপৰীয়া ২.৩৫ বজাত আৰম্ভ কৰা হৈছিল।
ইছৰোৰ মহাকাশ এপ্লিকেচন কেন্দ্ৰৰ সঞ্চালক নীলেশ দেশাইৰ মতে বিজ্ঞানীসকলে এতিয়া  চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পূৰ্বে  যান খনৰ গতি  হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিছে। ৰাছিয়াৰ লুনা-২৫ যান খনৰ উচ্চ গতিৰ বাবেই ২০ আগষ্টত যান খন চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হৈছিল। ভাৰতে তেনে কোনো অনিশ্চয়তাৰ সন্মুখীন হ’ব বিচৰা নাই। সেয়ে সকলো দিশ বাৰে বাৰে ফঁহিয়াই চোৱা হৈছে। 

ইছৰোৰ মহাকাশ এপ্লিকেচন কেন্দ্ৰৰ সঞ্চালক নীলেশ দেশাইয়ে কয় "বিক্ৰম লেণ্ডাৰে ২৩ আগষ্টত ৩০ কিলোমিটাৰ উচ্চতাৰ পৰা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ চেষ্টা কৰিব আৰু সেই সময়ত ইয়াৰ গতিবেগ প্ৰতি ছেকেণ্ডত ১.৬৮ কিলোমিটাৰ হ'ব। আমাৰ গুৰুত্ব দিছো সেই গতি হ্ৰাস কৰাত।  কিয়নো চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়েও যান খনৰ ওপৰত প্ৰভাৱ পেলাব। " তেওঁ কয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক