--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ মহাকাশ ইতিহাসত আজি নজিৰ গঢ়িবলৈ অগ্ৰসৰ হৈছে ভাৰত। বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া  ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠত  অৱতৰণ কৰিব ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে।   মহাকাশযানখন এতিয়া ইয়াৰ অন্তিম গন্তব্যস্থান চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা মাত্ৰ সামান্য দূৰত আছে। 

ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss...)ত চন্দ্ৰযান ৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। কিন্তু চন্দ্ৰ দক্ষিণ মেৰুৰ ওপৰতে  বিশ্বই কিয় চকু ৰাখিছে? দৰাচলতে, দক্ষিণ মেৰুত ভাৰতৰ চন্দ্ৰযানে  অৱতৰণৰ চেষ্টা চলোৱাৰ  মুখ্য কাৰণ হৈছে সেই অঞ্চলত  বৰফ থকাৰ সম্ভাৱনা। যি কথাই  ভৱিষ্যতে চন্দ্ৰত মানুহে বাস কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। দক্ষিণ মেৰু অভিযানে অঞ্চলটোত খনন চলাই মূল্যৱান খনিজৰ সন্ধান কৰিব পাৰে।

নাছা, ইছৰো আৰু অন্যান্য মহাকাশ সংস্থাৰ বিজ্ঞানীসকলে ইতিমধ্যে চন্দ্ৰৰ এন্ধাৰ  গহ্বৰত পানীৰ অস্তিত্বৰ প্ৰমাণ পাইছে। যদি ইয়াত সঁচাকৈয়ে পানী উপলব্ধ হয়, ই খোৱা পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব । যদি মানুহে ভৱিষ্যতে চন্দ্ৰত বাস কৰা আৰম্ভ কৰে তেন্তে এয়া অতি গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিব। 


২০১৯ ৰ সেই 'তিক্ত' অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ 'বিক্ৰমে' লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে।  মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি  মন্থৰ হৈ পৰিছে। ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ  দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক 'চফ্ট লেণ্ডিং' বুলি কোৱা হয়।

চন্দ্ৰযানৰ সফলতা কামনা কৰি কালিৰে পৰাই দেশৰ বিভিন্ন মন্দিৰ, মছজিদত চলিছে প্ৰাৰ্থনা আৰু নামাজ। বাৰানসী, পাটনা, আহমেদাবাদ আদিৰ লগতে অসমতো চলিছে পূজা-পাঠ। লণ্ক্ষৌৰ ইছলামিক চেণ্টাৰ অব ইণ্ডিয়াত ইছলামধৰ্মীলোকসকলে চন্দ্ৰযানৰ সফলতা কামনা কৰি নামাজ পঢ়িছে। 

দেশৰ আন বহু ঠাইৰ পৰাও চন্দ্ৰযানৰ বাবে নামাজ পঢ়াৰ খবৰ আহিয়েই আছে। সফল হওঁক ভাৰতৰ এই অভিযান। বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত ভাৰত হৈ পৰক চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম খন দেশ। এতিয়া সকলোৱেই সেই আশাই কৰিছে। প্ৰাগ নিউজ ডিজিটেলৰ তৰফৰ পৰাও জনাইছো অফুৰন্ত শুভকামনা। জয় হ’ব ভাৰতৰ, জয় আমাৰ হ’বই, জয় হ’ব  বিশ্বৰ...









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক