--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ মহাকাশ ইতিহাসত আজি নজিৰ গঢ়িবলৈ অগ্ৰসৰ হৈছে ভাৰত। বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া  ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠত  অৱতৰণ কৰিব ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে।   মহাকাশযানখন এতিয়া ইয়াৰ অন্তিম গন্তব্যস্থান চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা মাত্ৰ সামান্য দূৰত আছে। 

ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss...)ত চন্দ্ৰযান ৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। কিন্তু চন্দ্ৰ দক্ষিণ মেৰুৰ ওপৰতে  বিশ্বই কিয় চকু ৰাখিছে? দৰাচলতে, দক্ষিণ মেৰুত ভাৰতৰ চন্দ্ৰযানে  অৱতৰণৰ চেষ্টা চলোৱাৰ  মুখ্য কাৰণ হৈছে সেই অঞ্চলত  বৰফ থকাৰ সম্ভাৱনা। যি কথাই  ভৱিষ্যতে চন্দ্ৰত মানুহে বাস কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। দক্ষিণ মেৰু অভিযানে অঞ্চলটোত খনন চলাই মূল্যৱান খনিজৰ সন্ধান কৰিব পাৰে।

নাছা, ইছৰো আৰু অন্যান্য মহাকাশ সংস্থাৰ বিজ্ঞানীসকলে ইতিমধ্যে চন্দ্ৰৰ এন্ধাৰ  গহ্বৰত পানীৰ অস্তিত্বৰ প্ৰমাণ পাইছে। যদি ইয়াত সঁচাকৈয়ে পানী উপলব্ধ হয়, ই খোৱা পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব । যদি মানুহে ভৱিষ্যতে চন্দ্ৰত বাস কৰা আৰম্ভ কৰে তেন্তে এয়া অতি গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিব। 


২০১৯ ৰ সেই 'তিক্ত' অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ 'বিক্ৰমে' লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে।  মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি  মন্থৰ হৈ পৰিছে। ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ  দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক 'চফ্ট লেণ্ডিং' বুলি কোৱা হয়।

চন্দ্ৰযানৰ সফলতা কামনা কৰি কালিৰে পৰাই দেশৰ বিভিন্ন মন্দিৰ, মছজিদত চলিছে প্ৰাৰ্থনা আৰু নামাজ। বাৰানসী, পাটনা, আহমেদাবাদ আদিৰ লগতে অসমতো চলিছে পূজা-পাঠ। লণ্ক্ষৌৰ ইছলামিক চেণ্টাৰ অব ইণ্ডিয়াত ইছলামধৰ্মীলোকসকলে চন্দ্ৰযানৰ সফলতা কামনা কৰি নামাজ পঢ়িছে। 

দেশৰ আন বহু ঠাইৰ পৰাও চন্দ্ৰযানৰ বাবে নামাজ পঢ়াৰ খবৰ আহিয়েই আছে। সফল হওঁক ভাৰতৰ এই অভিযান। বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত ভাৰত হৈ পৰক চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম খন দেশ। এতিয়া সকলোৱেই সেই আশাই কৰিছে। প্ৰাগ নিউজ ডিজিটেলৰ তৰফৰ পৰাও জনাইছো অফুৰন্ত শুভকামনা। জয় হ’ব ভাৰতৰ, জয় আমাৰ হ’বই, জয় হ’ব  বিশ্বৰ...









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু