--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই সফলতাৰে চন্দ্ৰযান-৩ প্ৰেৰণ কৰাৰ পিছত আন এক সফল অভিযান চলাবলৈ সক্ষম হ’ল ইছৰো।  চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই ছিংগাপুৰৰ সাতটা উপগ্ৰহ উৎক্ষেপণ কৰিছে। দেওবাৰে পুৱা ৬.৩০ বজাত তামিলনাডুৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি৫৬ ৰ জড়িয়তে এই সাতটা উপগ্ৰহ  উৎক্ষেপণ কৰা হয়।

ইছৰোই আজি মহাকাশলৈ প্ৰেৰণ কৰা ৰকেটটোৱে ৭ টা কৃত্ৰিম  উপগ্ৰহ সফলতাৰে কঢ়িয়াই নিয়ে। এয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থা  ইছৰোৰ ৪৩১ সংখ্যক  বিদেশী উপগ্ৰহৰ উৎক্ষেপণ। এই উৎক্ষেপণৰ মুখ্য উপগ্ৰহ হৈছে ডিএছ-এছএআৰ। ইছৰোই মহাকাশলৈ প্ৰেৰণ কৰা উপগ্ৰহসমূহৰ ভিতৰত কেইবাটাও মাইক্ৰ' বা নেনো উপগ্ৰহও আছে।

উল্লেখ ইছৰোৱে ১৪ জুনত সফলতাৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিছিল। চন্দ্ৰযান-৩-এ এতিয়া সফলতাৰে মহাকাশত যাত্ৰা কৰি আছে আৰু আগষ্ট মাহৰ শেষৰ পিনে চন্দ্ৰত অৱতৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। 

উল্লেখ্য ইছৰোই পূৰ্বে চন্দ্ৰযান-২ সফলতাৰে উৎক্ষেপণ কৰিছিল। কিন্তু  চন্দ্ৰত অৱতৰণৰ সময়তে যান খনৰ  লেণ্ডাৰ 'বিক্ৰম' ভাগি পৰিছিল । কিন্তু এইবাৰ  অঘটনৰ বিশেষ কোনো আশংকা নাই।  ইছৰোই  দাবী কৰিছে যে এইবাৰৰ চন্দ্ৰযানত অধিক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। গতিকে যান খনে  চন্দ্ৰৰ দক্ষিণ প্ৰান্তত সফলতাৰে অৱতৰণ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ