--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই সফলতাৰে চন্দ্ৰযান-৩ প্ৰেৰণ কৰাৰ পিছত আন এক সফল অভিযান চলাবলৈ সক্ষম হ’ল ইছৰো।  চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই ছিংগাপুৰৰ সাতটা উপগ্ৰহ উৎক্ষেপণ কৰিছে। দেওবাৰে পুৱা ৬.৩০ বজাত তামিলনাডুৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি৫৬ ৰ জড়িয়তে এই সাতটা উপগ্ৰহ  উৎক্ষেপণ কৰা হয়।

ইছৰোই আজি মহাকাশলৈ প্ৰেৰণ কৰা ৰকেটটোৱে ৭ টা কৃত্ৰিম  উপগ্ৰহ সফলতাৰে কঢ়িয়াই নিয়ে। এয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থা  ইছৰোৰ ৪৩১ সংখ্যক  বিদেশী উপগ্ৰহৰ উৎক্ষেপণ। এই উৎক্ষেপণৰ মুখ্য উপগ্ৰহ হৈছে ডিএছ-এছএআৰ। ইছৰোই মহাকাশলৈ প্ৰেৰণ কৰা উপগ্ৰহসমূহৰ ভিতৰত কেইবাটাও মাইক্ৰ' বা নেনো উপগ্ৰহও আছে।

উল্লেখ ইছৰোৱে ১৪ জুনত সফলতাৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিছিল। চন্দ্ৰযান-৩-এ এতিয়া সফলতাৰে মহাকাশত যাত্ৰা কৰি আছে আৰু আগষ্ট মাহৰ শেষৰ পিনে চন্দ্ৰত অৱতৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। 

উল্লেখ্য ইছৰোই পূৰ্বে চন্দ্ৰযান-২ সফলতাৰে উৎক্ষেপণ কৰিছিল। কিন্তু  চন্দ্ৰত অৱতৰণৰ সময়তে যান খনৰ  লেণ্ডাৰ 'বিক্ৰম' ভাগি পৰিছিল । কিন্তু এইবাৰ  অঘটনৰ বিশেষ কোনো আশংকা নাই।  ইছৰোই  দাবী কৰিছে যে এইবাৰৰ চন্দ্ৰযানত অধিক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। গতিকে যান খনে  চন্দ্ৰৰ দক্ষিণ প্ৰান্তত সফলতাৰে অৱতৰণ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু