--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠীসংঘৰ্ষত বিধ্বস্ত মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ  সাংসদসকলে ৰাজ্যপাল অনুচুয়া উইকীক সাক্ষাৎ কৰে আৰু এখন স্মাৰকপত্ৰ প্ৰদান কৰে। দিনটোৰ আৰম্ভণিতে বিৰোধী শিবিৰৰ  সাংসদসকলে মণিপুৰৰ ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে। 

ৰাজ্যপালক  দাখিল কৰা স্মাৰকপত্ৰখনত ইণ্ডিয়াৰ প্ৰতিনিধিসকলে  বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে।স্মাৰকপত্ৰখনত বিৰোধী সাংসদসকলে কয় যে মণিপুৰৰ পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰিছে।  তেওঁলোকে দাবী কৰে  যে মণিপুৰৰ সাহায্য শিবিৰসমূহ অত্যন্ত অস্বাস্থ্যকৰ পৰিবেশে বিৰাজ কৰিছে। ৪০০-৫০০ গৰাকী লোকক   একোটা  ডাঙৰ কোঠাত ৰখা হৈছে। ৰাজ্য চৰকাৰে কেৱল চাউল আৰু মাহজাতীয় শস্য দিয়েই দায়িত্ব সামৰিছে। শিশুসকলে  খাবলৈ একো পোৱা নাই। শিশুসকলৰ বাবে সোনকালে খাদ্যৰ  বিশেষ ব্যৱস্থা কৰা প্ৰয়োজন বুলি সাংসদসকলে ৰাজ্যপালক অৱগত কৰে।

 বিৰোধী সাংসদসকলে  দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে যোৱা ৮৯ দিন ধৰি মণিপুৰৰ প্ৰসংগত  যিধৰণে মৌনতা অৱলম্বন কৰিছে,সেই কথাই তেওঁৰ মানসিকতাকে উদঙাই দিছে। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, "আমি ৰাজ্যপালক মণিপুৰবাসীৰ দুৰ্দশাৰ বিষয়ে অৱগত কৰিছো। তেওঁ আমাৰ সৈতে একমত হৈছে। ৰাজ্যপালেও বিচাৰে যে চৰকাৰে সকলোৰে সৈতে কথা পাতক। তেওঁ সকলো দলৰ সদস্যৰে  এটা প্ৰতিনিধি দল গঠন কৰি মণিপুৰলৈ অহাৰ প্ৰস্তাৱ দিছে।  তেওঁ সকলো সম্প্ৰদায়ৰ লোকৰ সৈতে কথা পাতিবলৈও প্ৰস্তাৱ দিছে।’’ ইণ্ডিয়াৰ সাংসদসকলে ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ  বাবে ৰাজ্যপালক  তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বুলিও অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়। একে সময়তে কংগ্ৰেছৰ লোকসভাৰ নেতাজনে  অনাস্থা প্ৰস্তাৱটো অতি সোনকালে সংসদত আলোচনা  হ'ব লাগে বুলিও দাবী জনায়। 

শনিবাৰে পুৱা দিল্লীৰ পৰা ইণ্ডিয়া মিত্ৰজোঁটৰ এটা প্ৰতিনিধিৰ দলে মণিপুৰলৈ ৰাওনা হৈছিল। তেওঁলোক দুপৰীয়া প্ৰায় ১২ বজাত ইম্ফলত উপস্থিত হৈছিল আৰু   দুটা ভাগত বিভক্ত হৈ আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰিছিল।

সাংসদসকলৰ  এটা গোটে পাহাৰীয়া অঞ্চলত বৃহৎ সংখ্যক কুকি লোকক লগ ধৰিছিল। আনটো গোটে মেইটেই সম্প্ৰদায়ৰ সৈতে কথা পাতিছিল। ইম্ফলৰ পৰা চান্দপুৰলৈ গৈ তেওঁলোকে সাহায্য শিবিৰত মহিলা আৰু শিশুসকলৰ দুৰ্দশা দেখি হতভম্ব হৈ পৰিছিল। ইয়াৰ পিছতে দেওবাৰে পুৱা ইণ্ডিয়া এলায়েন্সৰ  প্ৰতিনিধি দলটোৱে  মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰে। তেওঁলোকে আজি আন কিছুসংখ্যক  স্থানীয় লোকৰ সৈতেও কথা পাতে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক