--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠীসংঘৰ্ষত বিধ্বস্ত মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ  সাংসদসকলে ৰাজ্যপাল অনুচুয়া উইকীক সাক্ষাৎ কৰে আৰু এখন স্মাৰকপত্ৰ প্ৰদান কৰে। দিনটোৰ আৰম্ভণিতে বিৰোধী শিবিৰৰ  সাংসদসকলে মণিপুৰৰ ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে। 

ৰাজ্যপালক  দাখিল কৰা স্মাৰকপত্ৰখনত ইণ্ডিয়াৰ প্ৰতিনিধিসকলে  বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে।স্মাৰকপত্ৰখনত বিৰোধী সাংসদসকলে কয় যে মণিপুৰৰ পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰিছে।  তেওঁলোকে দাবী কৰে  যে মণিপুৰৰ সাহায্য শিবিৰসমূহ অত্যন্ত অস্বাস্থ্যকৰ পৰিবেশে বিৰাজ কৰিছে। ৪০০-৫০০ গৰাকী লোকক   একোটা  ডাঙৰ কোঠাত ৰখা হৈছে। ৰাজ্য চৰকাৰে কেৱল চাউল আৰু মাহজাতীয় শস্য দিয়েই দায়িত্ব সামৰিছে। শিশুসকলে  খাবলৈ একো পোৱা নাই। শিশুসকলৰ বাবে সোনকালে খাদ্যৰ  বিশেষ ব্যৱস্থা কৰা প্ৰয়োজন বুলি সাংসদসকলে ৰাজ্যপালক অৱগত কৰে।

 বিৰোধী সাংসদসকলে  দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে যোৱা ৮৯ দিন ধৰি মণিপুৰৰ প্ৰসংগত  যিধৰণে মৌনতা অৱলম্বন কৰিছে,সেই কথাই তেওঁৰ মানসিকতাকে উদঙাই দিছে। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, "আমি ৰাজ্যপালক মণিপুৰবাসীৰ দুৰ্দশাৰ বিষয়ে অৱগত কৰিছো। তেওঁ আমাৰ সৈতে একমত হৈছে। ৰাজ্যপালেও বিচাৰে যে চৰকাৰে সকলোৰে সৈতে কথা পাতক। তেওঁ সকলো দলৰ সদস্যৰে  এটা প্ৰতিনিধি দল গঠন কৰি মণিপুৰলৈ অহাৰ প্ৰস্তাৱ দিছে।  তেওঁ সকলো সম্প্ৰদায়ৰ লোকৰ সৈতে কথা পাতিবলৈও প্ৰস্তাৱ দিছে।’’ ইণ্ডিয়াৰ সাংসদসকলে ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ  বাবে ৰাজ্যপালক  তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বুলিও অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়। একে সময়তে কংগ্ৰেছৰ লোকসভাৰ নেতাজনে  অনাস্থা প্ৰস্তাৱটো অতি সোনকালে সংসদত আলোচনা  হ'ব লাগে বুলিও দাবী জনায়। 

শনিবাৰে পুৱা দিল্লীৰ পৰা ইণ্ডিয়া মিত্ৰজোঁটৰ এটা প্ৰতিনিধিৰ দলে মণিপুৰলৈ ৰাওনা হৈছিল। তেওঁলোক দুপৰীয়া প্ৰায় ১২ বজাত ইম্ফলত উপস্থিত হৈছিল আৰু   দুটা ভাগত বিভক্ত হৈ আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰিছিল।

সাংসদসকলৰ  এটা গোটে পাহাৰীয়া অঞ্চলত বৃহৎ সংখ্যক কুকি লোকক লগ ধৰিছিল। আনটো গোটে মেইটেই সম্প্ৰদায়ৰ সৈতে কথা পাতিছিল। ইম্ফলৰ পৰা চান্দপুৰলৈ গৈ তেওঁলোকে সাহায্য শিবিৰত মহিলা আৰু শিশুসকলৰ দুৰ্দশা দেখি হতভম্ব হৈ পৰিছিল। ইয়াৰ পিছতে দেওবাৰে পুৱা ইণ্ডিয়া এলায়েন্সৰ  প্ৰতিনিধি দলটোৱে  মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰে। তেওঁলোকে আজি আন কিছুসংখ্যক  স্থানীয় লোকৰ সৈতেও কথা পাতে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু