--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন অভিনীত ছবি ‘অগ্নিপথ’ৰ সংলাপ দেৱালত লিখি চুৰি কাৰ্য কৰিলে এটা চোৰে। আৰক্ষীয়ে চোৰটোক ধৰিবলৈ গৈ এই দেৱাললিখনসমূহ উদ্ধাৰ কৰে। দেওবাৰে নিশা ইন্দোৰৰ জুনা ৰিছালা অঞ্চলত সংঘটিত হয় এই ঘটনা। আনোৱাৰ কাদ্ৰী নামৰ এজন বাসিন্দাৰ ঘৰৰ পৰা ধন আৰু গহনা চুৰি কৰাৰ বাবে ইন্দোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজয় যাদৱক। বিজয়ৰ সহযোগী সোণু যাদৱ এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে তালাচী অভিযান।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে নিশা সকলোৱে শুই থকা অৱস্থাত বিজয় আৰু সোণুৱে আনোৱাৰৰ ঘৰ ভাঙি সোমাইছিল। নগদ ধনৰ উপৰিও সোণ আৰু ৰূপৰ গহনাও চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, চুৰিৰ পিছত সোণুৱে আনোৱাৰৰ ঘৰৰ পৰা পলাই যায় যদিও বিজয় ঘৰৰ ভিতৰতে থাকে।

বিজয়ক সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে গম পালে যে তেওঁ চুৰি কৰিবলৈ আহি আনোৱাৰ ঘৰৰ বেৰত ‘অগ্নিপথ’ ছবিখনৰ নাম লিখিছে। বিজয়ে নিজকে অমিতাভৰ এক নিষ্ঠাবান অনুৰাগী বুলি দাবী কৰে। চুৰিৰ অভিযোগত অভিযুক্ত বিজয়ে আনোৱাৰৰ ঘৰৰ দেৱালখন ভাল পোৱা বুলি দাবী কৰে।

আনোৱাৰৰ ঘৰৰ পৰা এটা স্কেচ পেন সংগ্ৰহ কৰি তেওঁ অমিতাভৰ ছবিৰ জনপ্ৰিয় সংলাপবোৰ বেৰত লিখিবলৈ আৰম্ভ কৰে। ‘অগ্নিপথ’ ছবিখনৰ নামো দেৱালত ডাঙৰ আখৰেৰে লিখে। এই কাণ্ড দেখি আনোৱাৰে লগে লগে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিজয়ক গ্ৰেপ্তাৰ কৰে। পলাতক সোণুক বিচাৰি এতিয়াও বিচাৰি আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস