--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজয়বৰণ কৰাৰ পাছত ফ্ৰান্সৰ ৰাজপথ উত্তাল হৈ পৰে। ফ্ৰান্সৰ সমৰ্থকসকলে ৰাস্তাতে অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ পৰে। বিশ্বকাপৰ পৰাজয় মানি ল’ব নোৱাৰিয়ে তেওঁলোকে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে।

আনকি আৰক্ষীৰ স’তেও তেওঁলোকৰ হতাহতি হয়। পৰিস্থিতি চম্ভালিবলৈ দেশখনৰ বিভিন্ন চহৰত লাঠিচাৰ্জ আৰু কন্দুৱা গেছো এৰা হয়। গ্ৰেপ্তাৰো কৰা হৈছে কেইবাজনকো। সামাজিক মাধ্যমত এই হতাহতিৰ ফটোসমূহ ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে দেওবাৰে ফাইনেল চাবলৈ ফ্ৰান্সৰ কেইবাখনো চহৰৰ বিভিন্ন প্ৰান্তৰ আৰু ৰেষ্টুৰেণ্টত ফুটবলপ্ৰেমীসকলে জুম বান্ধিছিল। কিন্তু তেওঁলোকৰ স্বপ্নভংগ হয়। পেনাল্টি শ্বুটআউটত পৰাজীত হয় ফ্ৰান্স।

তাৰপাছতে পেৰিছ, নাইচ, লিয়’ন আদি চহৰসমূহৰ ৰাজপথ উত্তাল হৈ পৰে। ৰাজহুৱা সম্পত্তি ধ্বংসৰ উপৰিও প্ৰতিবাদকাৰীসকলে বহু পথচাৰীকো আক্ৰমণ কৰা হয় বুলি অভিযোগ উঠিছে।

জানিব পৰামতে, পৰিস্থিতি চম্ভালিবলৈ দেশখনত চৈধ হাজাৰ আৰক্ষী নমোৱা হৈছে। পেৰিছ চহৰত এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে কমেও ১১৫জন লোক।

আনহাতে, ফাইনেলৰ পাছত পেৰিছস্থিত আৰ্জেণ্টিনাৰ দূতাবাসত ব্যাপক উচ্ছাস পৰিলক্ষিত হয়। দূতাবাসত বহু আৰ্জেণ্টিনাৰ সমৰ্থকে আনন্দ উল্লাস কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু