--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজয়বৰণ কৰাৰ পাছত ফ্ৰান্সৰ ৰাজপথ উত্তাল হৈ পৰে। ফ্ৰান্সৰ সমৰ্থকসকলে ৰাস্তাতে অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ পৰে। বিশ্বকাপৰ পৰাজয় মানি ল’ব নোৱাৰিয়ে তেওঁলোকে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে।

আনকি আৰক্ষীৰ স’তেও তেওঁলোকৰ হতাহতি হয়। পৰিস্থিতি চম্ভালিবলৈ দেশখনৰ বিভিন্ন চহৰত লাঠিচাৰ্জ আৰু কন্দুৱা গেছো এৰা হয়। গ্ৰেপ্তাৰো কৰা হৈছে কেইবাজনকো। সামাজিক মাধ্যমত এই হতাহতিৰ ফটোসমূহ ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে দেওবাৰে ফাইনেল চাবলৈ ফ্ৰান্সৰ কেইবাখনো চহৰৰ বিভিন্ন প্ৰান্তৰ আৰু ৰেষ্টুৰেণ্টত ফুটবলপ্ৰেমীসকলে জুম বান্ধিছিল। কিন্তু তেওঁলোকৰ স্বপ্নভংগ হয়। পেনাল্টি শ্বুটআউটত পৰাজীত হয় ফ্ৰান্স।

তাৰপাছতে পেৰিছ, নাইচ, লিয়’ন আদি চহৰসমূহৰ ৰাজপথ উত্তাল হৈ পৰে। ৰাজহুৱা সম্পত্তি ধ্বংসৰ উপৰিও প্ৰতিবাদকাৰীসকলে বহু পথচাৰীকো আক্ৰমণ কৰা হয় বুলি অভিযোগ উঠিছে।

জানিব পৰামতে, পৰিস্থিতি চম্ভালিবলৈ দেশখনত চৈধ হাজাৰ আৰক্ষী নমোৱা হৈছে। পেৰিছ চহৰত এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে কমেও ১১৫জন লোক।

আনহাতে, ফাইনেলৰ পাছত পেৰিছস্থিত আৰ্জেণ্টিনাৰ দূতাবাসত ব্যাপক উচ্ছাস পৰিলক্ষিত হয়। দূতাবাসত বহু আৰ্জেণ্টিনাৰ সমৰ্থকে আনন্দ উল্লাস কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক