--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনা আৰু ব্ৰাজিল সমৰ্থকসকলৰ মাজত হোৱা হতাহতিত আহত হ’ল ৭ জনকৈ লোক। ইয়াৰ মাজতে ২ জনৰ শাৰীৰিক পৰিস্থিতি অতি গুৰুত্তৰ। এই হতাহতি সংঘটিত হৈছে বাংলাদেশত।

জানিব পৰামতে, বাংলাদেশৰ কুষ্টিয়া নামৰ এখন ঠাইত ডাঙৰ পৰ্দাত ফিফা বিশ্বকাপৰ ফাইনেল আয়োজন কৰা হৈছিল। প্রথমাৰ্ধত ২-০ গ’লত আগবাঢ়ি থকাৰ অৱস্থাত আৰ্জেণ্টিনাৰ সমৰ্থক তথা মেছি ভক্তসকলে আনন্দ উল্লাস আৰম্ভ কৰে। কিন্তু দ্বিতীয়াৰ্ধত খেলা সলনি যায়। তীব্ৰ উত্তেজনা বিয়পি পৰে। আৰম্ভ হয় ফাইনেল উপভোগ কৰি থকাসকলৰ মাজত সংঘৰ্ষ।

মূলতঃ ব্ৰাজিল আৰু আর্জেণ্টিনাৰ সমৰ্থকসকলৰ মাজতে এই সংঘৰ্ষ লাগে। বিশ্বকাপৰ পৰা ব্ৰাজিল কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ পৰাই আঁতৰি গ’লেও ব্ৰাজিলৰ সমৰ্থকসকলে ফাইনেলত ফ্ৰান্সৰ পক্ষ লৈছিল। ফাইনেলৰ প্ৰথমাৰ্ধত তেওঁলোকে নিৰাশ হৈ পৰে। কিন্তু দ্বিতীয়াৰ্ধত আনন্দ উল্লাসত মত্ত হৈ পৰে।

আনহাতে, টাইব্ৰেকাৰত আৰ্জেণ্টিনা জয়ী হোৱাৰ পাছতে মেছি ভক্তসকলে নাচিবলৈ আৰম্ভ কৰে। তাৰপাছতে সংঘৰ্ষৰ সৃষ্টি হয়। আহত হয় ৭ জন লোক। লগে লগে আৰক্ষী হাজিৰ।

আহত লোকসকলক কাষৰ হস্পিতালত ভৰ্তি কৰোৱা হয়। এজন আহত লোকে চকুত মাৰাত্মক আঘাট পাইছে। অৱশ্যে ঘটনাটোৰ সংক্ৰান্তত থানাত কোনো অভিযোগ দাখিল কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক