--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অথলে গ’ল বেন ষ্টকছৰ প্ৰচেষ্টা। জিকাব নোৱাৰিলে দলক। এছেজৰ দ্বিতীয়খন টেষ্টতো পৰাজীত হৈছে ইংলেণ্ড। অষ্ট্ৰেলিয়াই ৪৩ ৰাণত বিজয়ী হৈ শৃংখলাটোত ২-০ ৰ অগ্ৰগতি লাভ কৰিলে।

বিজয়ৰ বাবে অষ্ট্ৰেলিয়াই বান্ধি ৩৭১ ৰাণৰ লক্ষ্য লৈ আগবঢ়া ইংলেণ্ডে আৰম্ভণিৰে পৰা উজুটি খায়। ব্যৰ্থ হয় ক্ৰমে অপেনাৰ জেক ক্ৰাউলী (৩), অলী পপ (৩), জ’ ৰুট (১৮), হেৰী ব্ৰুক (৪)। পঞ্চম উইকেটত অধিনায়ক বেন ষ্ট’কছ আৰু অপেনাৰ বেন ডাকেটে ইনিংছ চম্ভালি লয়। বেন ডাকেটে ৮৩ ৰাণ কৰি আউট হয়।

ডাকেটৰ পাছতে আহে জনী ব’ৰিষ্ট’। নিৰ্ণায়ক এটা পাৰ্টনাৰশ্বিপেৰে ব’ৰিষ্ট’ আৰু ষ্ট’কছে দলক আগুৱাই নিব বুলি ভবা হৈছিল যদিও ব্যৰ্থ হয় ব’ৰিষ্ট’ (১০)। দলৰ বেটিং স্তম্ভ খহি পৰিলেও অদম্য হৈ ৰয় ষ্ট’কছ। ২১৪ টা বলত তেওঁ সংগ্ৰহ কৰে ১৫৫ ৰাণ। টেইল এণ্ডাৰসকলৰ লগ লাগি দলক বিজয়লক্ষ্যত উপনীত কৰিবলৈ চেষ্টা কৰিলেও তেওঁৱো আউট হয়। লগে লগে অষ্ট্ৰেলিয়াৰ বিজয় সহজ হৈ পৰে।  দূৰ্দান্ত বলিঙেৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰত্ৰয় মিচেল ষ্টাৰ্ক, জ’ছ হেজলওড আৰু পেট কামিন্সে তিনিটাকৈ উইকেট সংগ্ৰহ কৰে। 

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ষ্টিভ স্মিথৰ শতৰাণেৰে ৪১৬ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ২৭৯ ৰাণতে ইনিংছ সামৰে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ৩২৫ ৰাণ সংগ্ৰহ কৰি ইংলেণ্ডৰ সমুখত ৩৭১ ৰাণৰ বিজয়লক্ষ্য আগবঢ়ায়। কিন্তু পৰাজীত হয় বেন ষ্ট’কছ বাহিনী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক