--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অথলে গ’ল বেন ষ্টকছৰ প্ৰচেষ্টা। জিকাব নোৱাৰিলে দলক। এছেজৰ দ্বিতীয়খন টেষ্টতো পৰাজীত হৈছে ইংলেণ্ড। অষ্ট্ৰেলিয়াই ৪৩ ৰাণত বিজয়ী হৈ শৃংখলাটোত ২-০ ৰ অগ্ৰগতি লাভ কৰিলে।

বিজয়ৰ বাবে অষ্ট্ৰেলিয়াই বান্ধি ৩৭১ ৰাণৰ লক্ষ্য লৈ আগবঢ়া ইংলেণ্ডে আৰম্ভণিৰে পৰা উজুটি খায়। ব্যৰ্থ হয় ক্ৰমে অপেনাৰ জেক ক্ৰাউলী (৩), অলী পপ (৩), জ’ ৰুট (১৮), হেৰী ব্ৰুক (৪)। পঞ্চম উইকেটত অধিনায়ক বেন ষ্ট’কছ আৰু অপেনাৰ বেন ডাকেটে ইনিংছ চম্ভালি লয়। বেন ডাকেটে ৮৩ ৰাণ কৰি আউট হয়।

ডাকেটৰ পাছতে আহে জনী ব’ৰিষ্ট’। নিৰ্ণায়ক এটা পাৰ্টনাৰশ্বিপেৰে ব’ৰিষ্ট’ আৰু ষ্ট’কছে দলক আগুৱাই নিব বুলি ভবা হৈছিল যদিও ব্যৰ্থ হয় ব’ৰিষ্ট’ (১০)। দলৰ বেটিং স্তম্ভ খহি পৰিলেও অদম্য হৈ ৰয় ষ্ট’কছ। ২১৪ টা বলত তেওঁ সংগ্ৰহ কৰে ১৫৫ ৰাণ। টেইল এণ্ডাৰসকলৰ লগ লাগি দলক বিজয়লক্ষ্যত উপনীত কৰিবলৈ চেষ্টা কৰিলেও তেওঁৱো আউট হয়। লগে লগে অষ্ট্ৰেলিয়াৰ বিজয় সহজ হৈ পৰে।  দূৰ্দান্ত বলিঙেৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰত্ৰয় মিচেল ষ্টাৰ্ক, জ’ছ হেজলওড আৰু পেট কামিন্সে তিনিটাকৈ উইকেট সংগ্ৰহ কৰে। 

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ষ্টিভ স্মিথৰ শতৰাণেৰে ৪১৬ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ২৭৯ ৰাণতে ইনিংছ সামৰে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ৩২৫ ৰাণ সংগ্ৰহ কৰি ইংলেণ্ডৰ সমুখত ৩৭১ ৰাণৰ বিজয়লক্ষ্য আগবঢ়ায়। কিন্তু পৰাজীত হয় বেন ষ্ট’কছ বাহিনী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে