--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কুলশীৰ দলংমলং খেলপথাৰত পঞ্চম বাৰ্ষিক ‘ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা’ দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। দলংমলং ত্ৰিদ্বীপ যুৱ বিকাশ সংঘ, বৰদুৱাৰ উশ্বু ক্লাৱৰ উদ্যোগত আয়োজন কৰা প্ৰতিযোগিতাখনত ৰাভা হাছং উশ্বু উপ–সমিতি আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই সহযোগ কৰিছে।

 উল্লেখ্য যে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে নিজ এলেকাটোৰ খেলুৱৈসকলৰ বিকাশৰ বাবে ‘ৰাভা হাছং ক্ৰীড়া সন্থা’ গঠন কৰিছিল। উক্ত ক্ৰীড়া সন্থাৰ তত্বাৱধানত পৰিষদীয় এলেকাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল–ধেমালিৰ আয়োজন কৰি আহিছে। অকল পৰিষদীয় এলেকাৰ বাবে মুকলি থকা ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা ২০১৯ চনৰ পৰা ধাৰাবাহিকভাৱে আয়োজন কৰি আহিছে। উক্ত প্ৰতিযোগিতাখনে এইবাৰ পঞ্চম বৰ্ষত ভৰি দিছে। প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি–  পুৱা ৯ বজাত পতাকা উত্তোলন কৰে– ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি তথা স্বায়ত্তশাসিত পৰিষদখনৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই। আবেলি বজাত প্ৰতিযোগীসকলৰ নাম ভৰ্তি লগতে শৰীৰৰ ওজন পৰীক্ষা কৰা হয়। 

আবেলি ৪ বজাত উশ্বু খেল প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। প্ৰতিযোগিতা উদ্বোধনী ভাষণত তেখেতে কয় যে– ৰাভা হাছং হ’ল খেল–ধেমালিৰ বাবে উপযুক্ত পৰিৱেশ থকা এলেকা। ইয়াত সম্ভাৱনাপূৰ্ণ খেলুৱৈ আছে, আৰু আছে খেলৰ বাবে সুন্দৰ পৰিৱেশ। এই খেলুৱৈসকলক সমাজৰ, দেশৰ একো একো মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ চেষ্টাৰে ৰাভা হাছং ক্ৰীড়া সন্থা গঠন কৰা হৈছিল। য’ত– ফুটব’ল, ভলিব’ল, কাবাদী, খো–খো, উশ্বু, টাইকোৱানডো, কাৰাটে, বক্সিং আদি খেল–ধেমালি সমূহৰ পদ্ধতিগত প্ৰশিক্ষণ লগতে প্ৰতিযোগিতামূলক অনুষ্ঠানৰো আয়োজন কৰি আহিছে। 

আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ৯ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হয়। সৰ্বমুঠ ১৭০জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ সন্ধিয়া বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুখ্য অতিথিৰূপে উপস্থিত থাকে।

 বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, সদৌ অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী, সম্পাদক ৰঞ্জিত বড়ো, পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে– ফ্ৰাইলিন মাৰাক, নগৰমল স্বৰ্গীয়াৰী, সুমিত ৰাভা, ৰশ্মি বালা ৰাভা, সাধাৰণ সদস্য ক্ৰমে– অৰ্জুন চেত্ৰী, নৃপেন ৰাভা, কামৰূপ জিলা উশ্বু সন্থাৰ সভাপতি নিত্যানন্দ বিয়োগী, গোৱালপাৰা জিলা উশ্বু সন্থাৰ সভাপতি কিশোৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, দক্ষিণ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাই। লগতে নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সমাজ কৰ্মী হিমাংশু শেখৰ বৈশ্য।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক