--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কুলশীৰ দলংমলং খেলপথাৰত পঞ্চম বাৰ্ষিক ‘ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা’ দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। দলংমলং ত্ৰিদ্বীপ যুৱ বিকাশ সংঘ, বৰদুৱাৰ উশ্বু ক্লাৱৰ উদ্যোগত আয়োজন কৰা প্ৰতিযোগিতাখনত ৰাভা হাছং উশ্বু উপ–সমিতি আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই সহযোগ কৰিছে।

 উল্লেখ্য যে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে নিজ এলেকাটোৰ খেলুৱৈসকলৰ বিকাশৰ বাবে ‘ৰাভা হাছং ক্ৰীড়া সন্থা’ গঠন কৰিছিল। উক্ত ক্ৰীড়া সন্থাৰ তত্বাৱধানত পৰিষদীয় এলেকাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল–ধেমালিৰ আয়োজন কৰি আহিছে। অকল পৰিষদীয় এলেকাৰ বাবে মুকলি থকা ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা ২০১৯ চনৰ পৰা ধাৰাবাহিকভাৱে আয়োজন কৰি আহিছে। উক্ত প্ৰতিযোগিতাখনে এইবাৰ পঞ্চম বৰ্ষত ভৰি দিছে। প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি–  পুৱা ৯ বজাত পতাকা উত্তোলন কৰে– ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি তথা স্বায়ত্তশাসিত পৰিষদখনৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই। আবেলি বজাত প্ৰতিযোগীসকলৰ নাম ভৰ্তি লগতে শৰীৰৰ ওজন পৰীক্ষা কৰা হয়। 

আবেলি ৪ বজাত উশ্বু খেল প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। প্ৰতিযোগিতা উদ্বোধনী ভাষণত তেখেতে কয় যে– ৰাভা হাছং হ’ল খেল–ধেমালিৰ বাবে উপযুক্ত পৰিৱেশ থকা এলেকা। ইয়াত সম্ভাৱনাপূৰ্ণ খেলুৱৈ আছে, আৰু আছে খেলৰ বাবে সুন্দৰ পৰিৱেশ। এই খেলুৱৈসকলক সমাজৰ, দেশৰ একো একো মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ চেষ্টাৰে ৰাভা হাছং ক্ৰীড়া সন্থা গঠন কৰা হৈছিল। য’ত– ফুটব’ল, ভলিব’ল, কাবাদী, খো–খো, উশ্বু, টাইকোৱানডো, কাৰাটে, বক্সিং আদি খেল–ধেমালি সমূহৰ পদ্ধতিগত প্ৰশিক্ষণ লগতে প্ৰতিযোগিতামূলক অনুষ্ঠানৰো আয়োজন কৰি আহিছে। 

আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ৯ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হয়। সৰ্বমুঠ ১৭০জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ সন্ধিয়া বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুখ্য অতিথিৰূপে উপস্থিত থাকে।

 বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, সদৌ অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী, সম্পাদক ৰঞ্জিত বড়ো, পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে– ফ্ৰাইলিন মাৰাক, নগৰমল স্বৰ্গীয়াৰী, সুমিত ৰাভা, ৰশ্মি বালা ৰাভা, সাধাৰণ সদস্য ক্ৰমে– অৰ্জুন চেত্ৰী, নৃপেন ৰাভা, কামৰূপ জিলা উশ্বু সন্থাৰ সভাপতি নিত্যানন্দ বিয়োগী, গোৱালপাৰা জিলা উশ্বু সন্থাৰ সভাপতি কিশোৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, দক্ষিণ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাই। লগতে নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সমাজ কৰ্মী হিমাংশু শেখৰ বৈশ্য।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে