--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত অর্ধশতৰান কৰি ছেনা দেশৰ বিৰুদ্ধে সৰ্বাধিক অর্ধশতৰান কৰা উইকেটকীপাৰ বেটাৰৰূপে পৰিগণিত ঋষভ পন্ত

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে লডৰ্ছ টেষ্টত ভাৰতৰ উইকেটকীপাৰ বেটাৰ ঋষভ পন্তে সুন্দৰ বেটিং প্ৰদৰ্শন কৰি এম এছ ধোনীৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগতে ছেনা (দক্ষিণ আফ্রিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) দেশৰ বিৰুদ্ধে অর্ধশতৰানৰ অভিলেখো গঢ়ে পন্তে।


তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত অর্ধশতৰান কৰি ছেনা দেশৰ বিৰুদ্ধে সৰ্বাধিক অর্ধশতৰান কৰা উইকেটকীপাৰ বেটাৰৰূপে পৰিগণিত হৈছে। পন্তে ৮৭টা বলত অর্ধশতৰান সম্পূৰ্ণ কৰে। তৃতীয় দিনৰ মধ্যাহ্ন ভোজনৰ পাছত তেওঁ ৭৪ ৰান কৰা অৱস্থাত ৰান আউট হয়। পন্তৰ ৭৪ ৰান হ'ল ছেনা দেশৰ বিৰুদ্ধে ভাৰতীয় উইকেটকীপাৰ বেটাৰজনৰ ত্ৰয়োদশ অর্ধশতৰান। ইয়াৰ লগে লগে তেওঁ মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰে।




উল্লেখযোগ্য যে ইংলেণ্ডৰ ইনিংছত উইকেট কীপিং কৰি থকা অৱস্থাত পন্ত আঘাতপ্রাপ্ত হয়। ফলত তেওঁ খেল পথাৰ ত্যাগ কৰিবলগীয়া হয়। কিন্তু আঘাত সত্ত্বেও তেওঁ সুন্দৰ বেটিং প্রদর্শন কৰে আৰু কে এল ৰাহুলৰ সৈতে মিলি ভাৰতৰ স্ক'ৰ ১০০ ৰানৰ যুটি গঢ়ে। ইয়াৰ লগতে দুয়ো মিলি ভাৰতৰ স্ক'ৰ ২০০ৰ পাৰ কৰে। ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টত হেডিংলেত পন্তে দুয়োটা ইনিংছতে চেঞ্চুৰী কৰিছিল।


ইফালে পন্তে পাঁচখনীয়া শৃংখলাটোৰ প্ৰথম তিনিখন টেষ্টত এতিয়ালৈকে ৪১৬ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ যোগেদি তেওঁ ছেনা দেশৰ বিৰুদ্ধে উইকেটকীপাৰ বেটাৰ হিচাপে এটা শৃংখলাত সৰ্বাধিক ৰান কৰা ভাৰতৰ প্রাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগতে এই দেশকেইখনৰ বিৰুদ্ধে পন্তে দ্বিতীয় বাৰলৈ এটা শৃংখলাত ৩৫০তকৈ অধিক ৰান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু