--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত অর্ধশতৰান কৰি ছেনা দেশৰ বিৰুদ্ধে সৰ্বাধিক অর্ধশতৰান কৰা উইকেটকীপাৰ বেটাৰৰূপে পৰিগণিত ঋষভ পন্ত

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে লডৰ্ছ টেষ্টত ভাৰতৰ উইকেটকীপাৰ বেটাৰ ঋষভ পন্তে সুন্দৰ বেটিং প্ৰদৰ্শন কৰি এম এছ ধোনীৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগতে ছেনা (দক্ষিণ আফ্রিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) দেশৰ বিৰুদ্ধে অর্ধশতৰানৰ অভিলেখো গঢ়ে পন্তে।


তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত অর্ধশতৰান কৰি ছেনা দেশৰ বিৰুদ্ধে সৰ্বাধিক অর্ধশতৰান কৰা উইকেটকীপাৰ বেটাৰৰূপে পৰিগণিত হৈছে। পন্তে ৮৭টা বলত অর্ধশতৰান সম্পূৰ্ণ কৰে। তৃতীয় দিনৰ মধ্যাহ্ন ভোজনৰ পাছত তেওঁ ৭৪ ৰান কৰা অৱস্থাত ৰান আউট হয়। পন্তৰ ৭৪ ৰান হ'ল ছেনা দেশৰ বিৰুদ্ধে ভাৰতীয় উইকেটকীপাৰ বেটাৰজনৰ ত্ৰয়োদশ অর্ধশতৰান। ইয়াৰ লগে লগে তেওঁ মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰে।




উল্লেখযোগ্য যে ইংলেণ্ডৰ ইনিংছত উইকেট কীপিং কৰি থকা অৱস্থাত পন্ত আঘাতপ্রাপ্ত হয়। ফলত তেওঁ খেল পথাৰ ত্যাগ কৰিবলগীয়া হয়। কিন্তু আঘাত সত্ত্বেও তেওঁ সুন্দৰ বেটিং প্রদর্শন কৰে আৰু কে এল ৰাহুলৰ সৈতে মিলি ভাৰতৰ স্ক'ৰ ১০০ ৰানৰ যুটি গঢ়ে। ইয়াৰ লগতে দুয়ো মিলি ভাৰতৰ স্ক'ৰ ২০০ৰ পাৰ কৰে। ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টত হেডিংলেত পন্তে দুয়োটা ইনিংছতে চেঞ্চুৰী কৰিছিল।


ইফালে পন্তে পাঁচখনীয়া শৃংখলাটোৰ প্ৰথম তিনিখন টেষ্টত এতিয়ালৈকে ৪১৬ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ যোগেদি তেওঁ ছেনা দেশৰ বিৰুদ্ধে উইকেটকীপাৰ বেটাৰ হিচাপে এটা শৃংখলাত সৰ্বাধিক ৰান কৰা ভাৰতৰ প্রাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগতে এই দেশকেইখনৰ বিৰুদ্ধে পন্তে দ্বিতীয় বাৰলৈ এটা শৃংখলাত ৩৫০তকৈ অধিক ৰান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ