--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছুটীত ঘৰলৈ আহি তেওঁ অনাহকভাৱে সময় অপচয় নকৰে। ঘৰলৈ অহাৰ পিছতেই তেওঁ ব্যস্ত হৈ পৰে বিভিন্ন কৃষি কাৰ্যত।

ডিজিটেল ডেস্ক: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ পালচিগুৰিৰ এগৰাকী চি আৰ পি এফ জোৱানে বৰ্তমান ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে এক উজ্জ্বল আদৰ্শ হৈ পৰিছে। চাকৰিৰ ব্যস্ততাৰ মাজতো কৃষি কৰ্মৰ জৰিয়তে তেওঁ দেখুৱাই দিছে এক ব্যতিক্ৰমী কৰ্ম সংস্কৃতি।


এই কৰ্মযোগী জোৱানগৰাকীৰ নাম হৈছে গণেশ মুছাহাৰী। বিগত ১৯ বছৰ পূৰ্বে তেওঁ চিআৰপিএফৰ ১৮৩ নং বেটেলিয়নত যোগদান কৰিছিল। বৰ্তমান গণেশ মুছাহাৰী কাশ্মীৰত কৰ্মৰত।


ছুটীত ঘৰলৈ আহি তেওঁ অনাহকভাৱে সময় অপচয় নকৰে। ঘৰলৈ অহাৰ পিছতেই তেওঁ ব্যস্ত হৈ পৰে বিভিন্ন কৃষি কাৰ্যত। পৰম্পৰাগত ধান খেতিৰ উপৰিও তেওঁ নিজৰ বাৰীত বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ খেতি কৰি আহিছে।


বিগত পাঁচ বছৰ পূৰ্বে জোৱানগৰাকীয়ে নিজৰ ঘৰৰ পতিত মাটিত পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিল বিদেশী ফল 'ড্ৰেগন'ৰ খেতি। বৰ্তমান তেওঁৰ এই পৰিশ্ৰমে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। কেৱল ড্ৰেগন ফল বিক্ৰী কৰিয়েই গণেশ মুছাহাৰীয়ে এতিয়া বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।


তেওঁৰ এই অভিনৱ প্ৰচেষ্টা আৰু সফলতাই এতিয়া অঞ্চলটোৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। চাকৰি কৰিও যে নিজৰ মাটিতেই স্বাৱলম্বিতাৰ এক সুন্দৰ পথ উলিয়াব পাৰি, তাক তেওঁ কাৰ্যত পৰিণত কৰি দেখুৱালে। বিশেষকৈ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে চিআৰপিএফ জোৱান গণেশ মুছাহাৰীৰ এই কৰ্ম সংস্কৃতি সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?