--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশৰ চট্টগ্ৰামত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। কালি নিশা এটা শ্বিপিং কেণ্টেইনাৰ ডিপ’ত সংঘটিত এই অগ্নিকাণ্ডই একপ্ৰকাৰ প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰা দেখা যায়। এই অগ্নিকাণ্ডৰ ফলত এতিয়ালৈ কমেও ৩৫ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ৫০০ লোক আহত হৈছে। সীতাকুণ্ড এলেকাত থকা ডিপ’টোত সংঘটিত এই অগ্নিকাণ্ডৰ মৃতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

চট্টগ্ৰাম মেডিকেল কলেজ হাস্পতালত আহত লোকসকলক ভৰ্তি কৰোঁৱা হৈছে। তাত কৰ্তব্যত নিয়োজিত এজন আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি এতিয়ালৈ ৩৫টা মৃতদেহ হাস্পতালখনৰ মৰ্গলৈ অনা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে আৰক্ষী বিষয়া নুৰুল আলমে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাৰ কাৰণ হিচাপে প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি ৰাসায়নিক বিক্ৰিয়াৰ ফলতে এই ঘটনা সংঘটিত হৈছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে, বিস্ফোৰণৰ ফলত অগ্নিশিখা ব্যাপকভাৱে বিয়পি পৰে।

আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰা অনুসৰি কালি নিশা প্ৰায় ৯ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু মাজনিশালৈ এই বিস্ফোৰক ৰূপ ধাৰণ কৰে।  চৰকাৰী সূত্ৰই ৪৫০ জন লোক আহত হোৱাৰ তথ্য নিশ্চিত কৰিছে আৰু এই সংখ্যা অধিক হোৱাৰ আশংকা ব্যক্ত কৰিছে। উল্লেখ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা কণ্টেইনাৰ ডিপ’টো ২০১১ চনৰ পৰাই কাৰ্যক্ষম হৈ আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান