--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশৰ চট্টগ্ৰামত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। কালি নিশা এটা শ্বিপিং কেণ্টেইনাৰ ডিপ’ত সংঘটিত এই অগ্নিকাণ্ডই একপ্ৰকাৰ প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰা দেখা যায়। এই অগ্নিকাণ্ডৰ ফলত এতিয়ালৈ কমেও ৩৫ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ৫০০ লোক আহত হৈছে। সীতাকুণ্ড এলেকাত থকা ডিপ’টোত সংঘটিত এই অগ্নিকাণ্ডৰ মৃতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

চট্টগ্ৰাম মেডিকেল কলেজ হাস্পতালত আহত লোকসকলক ভৰ্তি কৰোঁৱা হৈছে। তাত কৰ্তব্যত নিয়োজিত এজন আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি এতিয়ালৈ ৩৫টা মৃতদেহ হাস্পতালখনৰ মৰ্গলৈ অনা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে আৰক্ষী বিষয়া নুৰুল আলমে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাৰ কাৰণ হিচাপে প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি ৰাসায়নিক বিক্ৰিয়াৰ ফলতে এই ঘটনা সংঘটিত হৈছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে, বিস্ফোৰণৰ ফলত অগ্নিশিখা ব্যাপকভাৱে বিয়পি পৰে।

আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰা অনুসৰি কালি নিশা প্ৰায় ৯ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু মাজনিশালৈ এই বিস্ফোৰক ৰূপ ধাৰণ কৰে।  চৰকাৰী সূত্ৰই ৪৫০ জন লোক আহত হোৱাৰ তথ্য নিশ্চিত কৰিছে আৰু এই সংখ্যা অধিক হোৱাৰ আশংকা ব্যক্ত কৰিছে। উল্লেখ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা কণ্টেইনাৰ ডিপ’টো ২০১১ চনৰ পৰাই কাৰ্যক্ষম হৈ আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?