--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচুলি সৰাৰ সমস্যা এতিয়া এক সাধাৰণ সমস্যা হৈ পৰিছে। এই সমস্যাৰ পৰা আপুনি কেইটামান সাধাৰণ ঘৰুৱা উপায় অৱলম্বন কৰিয়েই বহু খিনি মুক্ত হ'ব পাৰে। আজিকালি প্ৰদূষণকে ধৰি আন বহু কাৰণতে যিকোনো বয়সৰে লোকৰ চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে।দেহত প্ৰ’টিন, আয়ডিন, মেংগানিজ আদি খাদ্যপ্ৰাণৰ অভাৱ। খাদ্যৰ অভাৱ, ৰক্তহীনতা, অনিদ্ৰা, মানসিক চাপ আদিৰ বাবেও এনে সমস্যা হ'ব পাৰে। তেল, শ্বেম্পু, চুলিত সনা ৰং আদি ব্যৱহাৰৰ ফলতো চুলি সৰিব পাৰে।

চুলি  সৰা সমস্যা ৰ পৰা সকাহ পাবলৈ এনেবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি 

মচুৰ দাইল – চুলিৰ স্বাস্থ্যৰ বাবে মচুৰ বৰ উপকাৰী। মচুৰ দাইলত প্ৰচুৰ পৰিমাণে ফোলিক এচিড পোৱা যায় যি চুলিৰ সুস্বাস্থ্যৰ লগতে কোষৰ বংশবৃদ্ধিত সহায় কৰে। মচুৰ দাইল খোৱাৰ উপৰি চুলিত বটি লগালে সুফল পোৱা যায়।

 বাৰ্লি – বাৰ্লিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু তাম ধাতু পোৱা যায়। ই আমাৰ দেহত থকা লোহিত ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰি চুলিৰ গুড়িবোৰক শক্তিশালী কৰে। বাৰ্লি গাধোৱাৰ আগতে চুলিত লগালে ভাল ফল পোৱা যাব।
 কণী – চুলিৰ বাবে উপকাৰী আন এবিধ খাদ্য হৈছে কণী। কণীত প্ৰচুৰ পৰিমাণে মাল্টি ভিটামিন থকাৰ লগতে প্ৰ’টিন, ওমেগা ৩, জিংক, বায়’টিন, ছেলেনিয়াম আৰু কোলিন পোৱা যায়। কণীত থকা মাল্টি ভিটামিনে চুলিৰ গুড়িবিলাক মজবুত কৰাৰ লগতে চুলিৰ স্বাস্থ্য আৰু উজ্জ্বলতা বৃদ্ধি কৰে।

 নৰসিংহৰ পাত – নৰসিংহৰ পাতে আমাৰ অকালতে চুলি পকা সমস্যা বহুখিনি লাঘৱ কৰে। নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিদ্ৰব্য থাকে যি আমাৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে।

অ’টছ – চুলিৰ বাবে উপযোগী আন এবিধ খাদ্য হৈছে অ’টছ। অ’টছত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে দৰকাৰী ফেটি এচিড আৰু প্ৰাকৃতিক আঁহ পোৱা যায়। এই দুয়োবিধ পুষ্টিদ্ৰব্যই চুলিৰ কোষৰ বিকাশৰ বাবে উপকাৰী। ইয়াৰ উপৰি অ’টছত যথেষ্ট পৰিমাণে জিংক আৰু আইৰণ পোৱা যায় । চুলি সৰা বন্ধ কৰিবলৈ এনেবোৰ হাতৰ কাষতে পোৱা বস্তু ব্যৱহাৰ কৰি চাওঁকচোন , সুফল পাবই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ