--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বেছিভাগ মানুহেই ছালৰ লগত জড়িত বিভিন্ন সমস্যাত ভুগি থাকে। ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু কিছুমানে তথাপিও কোনো সুফল নাপায়। আপুনি জানেনে ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ নিম পানী অতি উপকাৰী। সেইবাবেই নিম পানীৰে দৈনিক মুখ ধুব লাগে। আজি আমি ইয়াত ক’ম নিম পানীৰে মুখ ধুলে কি কি উপকাৰিতা আছে?  

নিম পানীৰে মুখ ধোৱাৰ উপকাৰিতাসমূহ

১)ছালৰ এলাৰ্জীৰ পৰা মুক্তি পাবঃ নিমৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে ছালত থকা ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ইয়াৰ দ্বাৰা দৈনিক মুখ ধোৱে তেন্তে ছালৰ এলাৰ্জী, ফোহা, খজুৱতি আদি সমস্যাৰ পৰা মুক্তি পোৱাত ই সহায়ক হব।

২)ব্ৰণ নিৰাময় কৰেঃ নিম পানীৰে মুখ ধুলে ব্ৰণৰ পৰা মুক্তি পায়। কাৰণ ই ছালত থকা মলি আৰু তেল পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে ব্ৰণৰ প্ৰদাহ কমায়। যদি আপুনি ব্ৰণৰ সমস্যাত ভুগি আছে তেন্তে নিম পানীৰে দৈনিক মুখ ধুব পাৰে।

৩)তেলীয়া আৰু শুকান দুয়োটা ছালৰ চিকিৎসা কৰেঃ নিমত থকা এন্টিঅক্সিডেন্ট আৰু এন্টিচেপ্টিক গুণে ক্ষতিকাৰক বেক্টেৰিয়াক নাশ কৰাত সহায় কৰে। ই ছালত থকা অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰি ছালখন কোমল কৰি তোলে। শুকান ছালকো সজীৱ কৰি তুলে।

৪)দাগবোৰ পৰিষ্কাৰ হৈ যায়ঃ নিম পানীৰে মুখ ধুলে ছালৰ ৰং উন্নত হয়। লগতে মুখৰ দাগ, গুটি আৰু ছাল ক’লা হোৱা আদিৰ পৰা মুক্তি পায়। 

গতিকে নিম পানীৰে মুখ ধোৱক আৰু আপোনাৰ ছালৰ চমৎকাৰ দেখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক