--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুলিত ৰং লগাই লগোৱাটো এতিয়া বহুতৰে বাবে চখত পৰিণত হৈছে।কিন্তু সকলোৱে চুলিত ৰং লগাব নোৱাৰে। কিছুমান লোকৰ দেহত চুলিত ৰং লগোৱাৰ পিছতে কেতবোৰ  পাৰ্শ্ব ক্ৰিয়াই দেখা দিব পাৰে । সেয়ে চুলিত ৰং লগোৱাৰ পূৰ্বে তেনেবোৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি থোৱাটো ভাল।

দৰাচলতে চুলিৰ ৰঙত পেৰাফেনিলেনেয়মিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এনে পদাৰ্থৰ বাবেই  কিছুমান লোকৰ এলাৰ্জী হ’ব পাৰে।

ইয়াক পৰীক্ষা কৰিবলৈ কাণৰ পিছপিনে সামান্য ৰং লগাওক আৰু ২৪ ঘন্টা থাকিবলৈ দিয়ক। ইয়াত যদি এলাৰ্জী নহয় তেন্তে ৰং ব্যৱহাৰ কৰিব পৰা যাব।

হেয়াৰ কালাৰত এক প্ৰকাৰৰ ‘পাৰছাল্ফেট’ নামৰ কেমিকেল থাকে। এই কেমিকেল  এজমা ৰোগীৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে। 

যদি আপোনাৰ ছাল সংবেদনশীল তেতিয়াহ’লে হোয়াৰ ৰং ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা ভাল। কিয়নো ইয়াৰ ফলত  সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুসময়ত গাত খজুৱতি হোৱাৰ লগতে ৰঙা ৰঙাচকা বান্ধিব পাৰে।

প্ৰায়ে হেয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ ফলত  চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে। হেয়াৰ কালাৰত ব্যৱহাৰ হোৱা কেমিকেল আপোনাৰ শৰীৰৰ বাবে উপযোগী নহ’বও পাৰে।

হেয়াৰ কালাৰ চুলিত লগোৱাৰ সময়ত সেয়া আমাৰ চকুলৈও যাব পাৰে। ইয়াৰ ফলত আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। চুলিৰ ৰঙত থকা কেমিকেল ইমান মাৰাত্মক যে ই চকুৰ ৰেটিনাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

হেয়াৰ কালাৰ কিছুমানত এনেধৰণৰ কেমিকেলো থাকে যিয়ে শৰীৰত কেঞ্চাৰৰ বিপদ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালৰ কেঞ্চাৰ হোৱাৰ আশংকা থাকে। 

হেয়াৰ কালাৰ ক্ৰয় কৰাৰ সময়ত সেয়া এম’নিয়া মুক্ত হয়নে নহয় তালৈ লক্ষ্য ৰাখিব।যদি মূৰত আঘাত থাকে বা ঘা হৈ থাকে তেতিয়াহ’লে হেয়াৰ কালাৰৰ ব্যৱহাৰ নকৰাই ভাল। হেয়াৰ কালাৰ ব্যৱহাৰ কৰাৰ সময়ত ইয়াত থকা আৱশ্যকীয় নিৰ্দেশনা পঢ়ি চাই সেই মতে কাম বোৰ কৰিব লাগে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক