--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰতি বছৰে বিশ্বৰ কোটি কোটি লোকৰ জীৱনলৈ বিপদ নমাই অনা চিগাৰেটে কৰি অহা প্ৰত্যক্ষ তথা পৰোক্ষ ক্ষতিৰ বিষয়ে আমি প্ৰায় সকলোৱে জানো যদিও  বহুতে চিগাৰেট সেৱনৰ বদ অভ্যাস সহজে ত্যাগ কৰিব নোৱাৰে। চিগাৰেট সেৱনৰ ফলত হাওঁফাওঁৰ কেন্সাৰ, হৃদৰোগ, ষ্ট্ৰ’ক, এজমাকে ধৰি বিভিন্ন ৰোগ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাতৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যু মুখত পৰে।ধূমপান ত্যাগ কৰাটো যিমান কঠিন বুলি ভবা হয়, সিমান সহজো। এই  সাধাৰণ কথাবোৰ মানি চলিব পাৰিলেই যিকোনো লোকে সহজে ধূমপান ত্যাগ কৰিব পাৰিব—

মনতে ভাবি লওঁক— মই আৰু ধূমপান নকৰো বুলি

ধূমপানে আপোনাৰ আৰু আপোনাৰ কাষত থকা জনৰ কেনে ক্ষতি কৰিব পাৰে সেই কথা চিন্তা কৰক, ধূমপানৰ পৰিণতি কেনে হ'ব পাৰে তাৰ ছবি খন কল্পনা কৰক আৰু মনতে সংকল্প লওঁক— মই আৰু ধূমপান নকৰো বুলি।  ধূমপান কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়, কিন্তু তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক। দৃঢ় সংকল্প ল'ব পাৰিলে ধূমপান এৰিব পাৰিবই।

নিকোটিনৰ বিকল্প বিচাৰি উলিয়াওক

চিগাৰেটত নিকোটিন থাকে।  নিকোটিন হঠাতে বাদ দিলে মুৰৰ বিষৰ দৰে লক্ষণ দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত সহায় কৰিব পাৰে। আজিকালি বজাৰত এনে ৱিকোটিন গাম কিনিবলৈ পোৱা যায়।

নিঃসংগ নহ'ব, মানুহৰ লগত থাকক

 নিঃসংগ পৰিবেশত ধূমপানৰ ইচ্ছা বৃদ্ধি হয়। সেয়ে পৰাপক্ষত মানুহৰ মাজত থাকক। পৰিবেশে আপোনাক ধূমপান নকৰিবলৈ বাধ্য কৰিব। 

চেনিবিহীন গাম খাব পাৰে

যদি আপুনি মুখত কিবা এটা দিয়াৰ পিছতে আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেতিয়া চুইংগামৰ ওপৰত নিৰ্ভৰ কৰিলে সহায় হ’ব কিয়নো ই আপোনাক ধঁপাতৰ আকাংক্ষা প্ৰতিৰোধ কৰাত সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ আগ্ৰহ নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে।

ধ্যান-প্ৰাণায়াম আদি কৰক

 ধ্যান-প্ৰাণায়াম আদিয়ে মনৰ লগতে দেহৰ শক্তিও বঢ়ায়। ধূমপান ত্যাগ কৰাত ধ্যান-প্ৰাণায়ামে সহায় কৰিব পাৰে।ব্যায়াম কৰাটো ধঁপাতৰ নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ভাল উপায় হ’ব পাৰে কিয়নো ই সেইবোৰক আঁতৰাই ৰাখিব। আপুনি খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভ কৰিব পাৰে?

চিগাৰেট এৰাৰ ঘৰুৱা উপায়

চিগাৰেট সেৱনৰ  বদ অভ্যাস এৰাৰ কেইটামান ঘৰুৱা উপায় আপোনালোকলৈ আগবঢ়োৱা হৈছে।

ওটছ

ওটছে ধূমপানৰ ইচ্ছা কম কৰে। খাবৰ বাবে দুকাপ পানীত এচামুচ ঔটছ ৰাতিটো তিয়াই ৰাখিব। পুৱা গৰম কৰি খাব।

পানী

ধঁপাতৰ নিক’টিন নিচা সৃষ্টিকাৰী হোৱা বাবে ইয়াক এৰা টান। পানীয়ে এই অভ্যাস আঁতৰ কৰাত সহায় কৰিব পাৰে। 
আদা
চিগাৰেট সেৱনৰ প্ৰৱণতা জাগিলে আপুনি আদা খাব পাৰে। আদাই পেটৰ সমস্যাও দূৰ কৰে আৰু ইয়াক চাহৰ লগতো খাব পাৰি।

আঙুৰৰ ৰস

আঙুৰৰ ৰসে নিক’টিনৰ নিচা আঁতৰ কৰাত সহায় কৰে।সেয়ে আঙুৰৰ ৰসো খাব পাৰে।

মৌ

মৌৱেও আপোনাক ধূমপান এৰাত সহায় কৰিব পাৰে। ধূমপানৰ ইচ্ছা জাগ্ৰত হ'লে মৌ খাব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?